মুখ্যমন্ত্ৰীৰ উপস্থিতিত এ আৰ ৰহমান গালে কোৰআনৰ ছূৰা সমৃদ্ধ- ‘কুন ফায়া কুন’ গীতটি, ড০ শৰ্মাই নিদিলে কোনো সঁহাৰি…

1 min read

২০১১ চনতে মুক্তি পোৱা গীতসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় গীত আছিল ৰণবীৰ কাপুৰ অভিনীত ছবি ৰকষ্টাৰৰ কুন ফায়া কুন গীতটো। এই গীতটো একপ্ৰকাৰৰ চুফী গীত ৰূপে অভিহিত কৰিব পাৰি। গীতৰ কথা বা lyrics পবিত্ৰ কোৰআনৰ পৰা লোৱা হৈছে।

এই গীতটো এ আৰ ৰহমানৰ সংগীত দিছে আৰু মোহিত চৌহান, জাভেদ আলী আৰু এ আৰ ৰহমানে কণ্ঠ নিগৰাইছে।

উত্তৰ–পূবৰ সর্ববৃহৎ সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ উদ্যোগত বুধবাৰে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয়‘এ আৰ ৰহমান কনচার্ট ফৰ পীচ’। এই অনুষ্ঠানত হাজাৰ হাজাৰ সংগীতানুৰাগীৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু আন আন বিজেপি মন্ত্ৰী-বিধায়কসকলৰ সন্মুখত ৰহমানে পৰিবেশন কৰিলে এই চুফী গীত ‘কুন ফায়া কুন’। অৱশ্যে অস্কাৰ বিজয়ী শিল্পীগৰাকীৰ সুৰত কোৰআনৰ ছূৰা সমৃদ্ধ এই গীতটো পৰিবেশনৰ সময়ত পিচে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া দেখা নগ’ল।

শেহতীয়াকৈ কণ্ঠশিল্পী জাভেদ আলীয়ে ৰণবীৰ কাপুৰ অভিনীত ‘ৰকষ্টাৰ’ বোলছবিখনৰ ‘কুন ফায়া কুন’ গীতটোৰ আঁৰৰ আকৰ্ষণীয় কাহিনী শ্বেয়াৰ কৰিছে।

ইমতিয়াজ আলীৰ পৰিচালনা আৰু ২০১১ চনত মুক্তি পোৱা ‘ৰকষ্টাৰ’ৰ ‘কুন ফায়া কুন’ গীতটোত জাভেদ আলীৰ আত্মাস্পৰ্শী কণ্ঠেৰে সকলোকে আচৰিত কৰি তুলিছিল।

গীতটোৰ সন্দৰ্ভত জাভেদে কয়, “সঁচা কথা ক’বলৈ গ’লে গীতটোৰ কথা বা সংগীতটো পূৰ্বে প্ৰস্তুত নাছিল, ৰহমান ছাৰৰ মাত্ৰ ইয়াৰ বাবে এটা মৌলিক গাঁথনি আছিল। ইৰছাদ চাহাবে এই গীতটো লিখি আছিল, ৰহমান ছাৰে ৰচনা কৰি আছিল, আৰু সিটো পাৰে মই এই গানটো গাই আছিলোঁ। ই এক অবিৰত প্ৰক্ৰিয়া আছিল য’ত ৰহমান ছাৰে ইয়াক বাৰে বাৰে সলনি কৰি ইম্প্ৰভ কৰিছিল।”

জাভেদ আলীয়ে পুনৰ কয়- “সম্পূৰ্ণ গীতটো ৰেকৰ্ডিং কৰিবলৈ প্ৰায় ১১ ঘণ্টা সময় লাগিছিল। মোৰ স্পষ্টকৈ মনত আছে গীতটো গোৱাৰ আগতে মোক ৱুজু কৰিবলৈ কোৱা হৈছিল। গতিকে, আমি তিনিওজনেই ষ্টুডিঅ’ত আছিলো আৰু পিছদিনা ৰাতিপুৱালৈকে গীতটো ৰেকৰ্ডিং কৰিবলৈ ধৰিলোঁ।”

You May Also Like

More From Author