আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি

1 min read

আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি। চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা শুক্লা প্ৰতিপদ তিথিত ঘট স্থাপন কৰা হয় আৰু ইয়াৰ পিছতে ৯ দিন দেৱীক পূজা-অৰ্চনা কৰা হয়। কলহ স্থাপন কৰাৰ উপৰি বহু স্থানত দেৱীৰ প্ৰতিমাও স্থাপন কৰি কৰা হয় পূজা-অৰ্চনা। আজি পুৱা ৬.৩০ বজাৰ পৰা ৭.৩২ বজাৰ ভিতৰত আছিল ঘট স্থাপনৰ সময়। নৱৰাত্ৰি উপলক্ষে সজাই পৰাই তোলা হৈছে মা কামাখ্যা মন্দিৰ। একেদৰে মহানগৰীৰ উগ্ৰতাৰা দেৱালয়তো আজিৰে পৰা ভক্তৰ ভিৰ ঘটিব।

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁহাতত শূল আৰু বাঁওহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে।

পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পাছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী” নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’ আৰু ‘হৈমৱতী’ও তেখেতৰে নাম।
উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author