চুলি ৰং কৰি বিপদ মাতি নানিব

1 min read

সৌন্দৰ্য চৰ্চাৰ প্ৰতি দুৰ্বলতা থকা যুৱক-যুৱতীসকলৰ প্ৰায়ভাগেই চুলি ৰং কৰে৷ বহুতেই নিজৰ চুলি আজিকালি ৰং-বিৰঙৰ কৰি লোৱা দেখা যায়৷ কিন্তু চুলি ৰং কৰাটো স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক৷ যদি প্ৰায়েই চুলি ৰং কৰে তেতিয়াহ’লে স্বাস্থ্যত ইয়াৰ ভয়ংকৰ কুপ্ৰভাৱ পৰে৷ সেয়ে বিজ্ঞানীসকলে চুলি ৰং নকৰাটোৱে ভাল বুলি উল্লেখ কৰিছে৷ আৰু যদি চুলি ৰং কৰিবই লাগে তেন্তে সেয়া অস্থায়ী অৰ্থাৎ সাময়িকভাৱে কৰক৷ যাতে এই ৰং এবাৰ বা দুবাৰ চেম্পু কৰিলেই আঁতৰি যায়৷

বিজ্ঞানীসকলৰ মতে চুলিৰ ৰঙত এবিধ ৰাসায়নিক পদাৰ্থ থাকে৷ যিবিধ পদাৰ্থ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে৷ সাধাৰণতে তিনি ধৰণৰ চুলিৰ ৰং ব্যৱহাৰ হয়৷ ইয়াৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহাৰ হয় অস্থায়ী ৰং৷ এই ৰং বেছিদিনলৈ নিটিকে৷ চুলিৰ অস্থায়ী ৰং কিছু নিৰাপদ এই কাৰণেই যে ইয়াত ৰাসায়নিক পদাৰ্থ কম পৰিমাণে থাকে৷ যি সমূহ চুলিৰ ৰং বেছিদিনলৈ থাকে অৰ্থাৎ স্থায়ী সেই ৰং ছালৰ বাবে ক্ষতিকাৰক৷

সাধাৰণতে দেখা যায় যে কিছুমান চুলিৰ ৰং এমাহ বা তাতকৈও বেছিদিন থাকে৷ এই ৰং সাংঘাতিক ক্ষতিকাৰক৷ এনে ৰঙৰ ব্যৱহাৰে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷

চুলি ৰং কৰিলে চুলি সৰা, মূৰৰ ছালত এলাৰ্জি, ডিঙি আৰু হাওঁফাও তথা চকুৰ সমস্যাই দেখা দিব পাৰে৷ সেয়ে গৱেষকসকলৰ মতে চুলি ৰং নকৰাই ভাল, আৰু কৰিলেও অস্থায়ী ৰং ব্যৱহাৰ কৰা উচিত৷

You May Also Like

More From Author