সকলোৱে জানে যে-ভগৱান শ্ৰী গণেশৰ মোদক আৰু মিঠাই বহুত প্ৰিয়।এইবাবেই-গণপতিয়ে সকলোৰে নিমন্ত্ৰণ স্বীকাৰ কৰি লয়।আৰু পেটৰ লগতে মন ভৰি মিঠাই খায়। ( Religious Studies )
এবাৰ ধনপতি কুবেৰে-ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীক ভোজলৈ নিমন্ত্ৰণ কৰিলে।কিন্তু মহাদেৱে কলে যে-মই কৈলাশ এৰি কলৈকো নাযাওঁ।আৰু দেৱী পাৰ্ৱতীয়ে কলে যে-মই মোৰ স্বামীক এৰি কলৈকো যাব নোঁৱাৰো।তেতিয়া মহাদেৱে কলে-আপুনি আমাৰ স্থানত গণেশক লৈ যাওঁক।গণেশৰ মিঠাই আৰু ভোজ বহুত প্ৰিয় হয়।
তেতিয়া ধনপতি কুবেৰে গণেশক নিজৰ লগত ভোজলৈ লৈ গল।ভোজত গণপতিয়ে মন ভৰাই মিঠাই আৰু মোদক খালে।ঘৰলৈ আহিবৰ সময়ত-গণেশক ধনপতি কুবেৰে মিঠাইৰ কাঁহী দি বিদায় দিলে।গণপতি ঘূৰি অহাৰ সময়ত চন্দ্ৰমাৰ পোহৰত-গণপতি নিজৰ বাহন নিগনিত বহি আহি আছিল।কিন্তু বেছিকৈ খোৱাৰ বাবে-বহু কষ্টৰে গণপতিয়ে নিজকে নিজে চম্ভালিব পাৰিছিল।
সেই সময়তে নিগনিৰ ভৰি এটা পাথৰত লাগি-লৰফৰাবলৈ ধৰিলে।ইয়াৰ বাবে গণপতি নিগনিৰ পৰা পৰিল আৰু গণপতিৰ পেট ভৰপূৰ হৈ থকাৰ বাবে-নিজকে নিজকে ৰখাব নোঁৱাৰি মিঠাইৰ লগতে পৰিল।
( Religious Studies )
এই সকলোবোৰ চন্দ্ৰদেৱে ওপৰৰ পৰা চাই আছিল।চন্দ্ৰদেৱে গণেশক পৰা দেখি নিজৰ হাঁহি ৰখাব নোঁৱাৰিলে-আৰু গণপতিৰ ওপৰত হাঁহি লৈ কলে যে-যেতিয়া নিজকে ৰখাব নোঁৱাৰা,তেতিয়াহলে ইমান খোৱা কিয়!
চন্দ্ৰমাৰ কথা শুনি-গণপতিৰ কং উঠিল।গণপতিয়ে ভাবিলে-অহংকাৰত ডুব গৈ-চন্দ্ৰমাই মোক উঠিবলৈ কোনো ধৰণৰ সহায়তা কৰা নাই আৰু ওলোটাই মোৰ ওপৰত হাঁহিছে?সেইবাবে গণপতিয়ে চন্দ্ৰমাক শাপ দিলে যে-যিয়ে গণেশ চতুৰ্থী দিনা চন্দ্ৰমাক দৰ্শন কৰিব-সেইজন সকলোৰে আগত চুৰ বুলিব।
শাপৰ কথা শুনি চন্দ্ৰমাই ভয় খালে-আৰু ভাবিলে যে-তেতিয়ালে মোলৈ কোনেও নাচাব।তেতিয়া তৎক্ষণাত চন্দ্ৰমাই গণেশৰ ওচৰত ক্ষমা বিছাৰিলে।কিছু সময়ৰ পাছত যেতিয়া গণেশৰ খং শান্ত হল-তেতিয়া তেওঁ কলে যে-মই শাপ ঘূৰাই লবটো নোঁৱাৰো-কিন্তু তোমাক এটা বৰদান দিওঁ যে-যদি সেইজন ব্যক্তিয়ে-পুনৰ আহি থকা গণেশ চতুৰ্থীক তোমাৰ দৰ্শন কৰে-তেতিয়া সেইজনৰ ওপৰৰ পৰা চুৰ হোৱাৰ শাপ আঁতৰি যাব।তেতিয়াহে চন্দ্ৰমাৰ জীয়টো ঘূৰি আহিল।
অন্য এটা কথাৰে-
গণপতিয়ে তেওঁৰ ওপৰত হহাঁৰ বাবে চন্দ্ৰমাক শাপ দিছিল যে-চন্দ্ৰমা আজিৰপৰা কোনেও দেখা নাপাব।চন্দ্ৰমাই ক্ষমা বিচৰাত-গণপতিয়ে কলে যে-শাপটো ঘূৰাই লবটো নোঁৱাৰো-কিন্তু এটা বৰদান দিছো যে-তুমি মাহটোত এদিনাখন -তোমাক কোনেও দেখা নাপাব।আৰু মাহটোত এদিনাখন আকাশত-পূৰ্ণ ৰূপে দেখা দিবা।তেতিয়াৰেপৰা চন্দ্ৰমা-পূৰ্ণিমাৰ দিনা সম্পূৰ্ণ ৰূপে দেখা দিয়ে আৰু অমাৱশ্যা দিনা দেখি পোৱা নাযায়।