মূৰৰ সন্মুখৰ চুলি কমিছে, এই তেলে আপোনাক সকাহ দিব

1 min read

শীতকালত মূৰৰ চুলি সৰাটো মানুহৰ বাবে এটা ডাঙৰ সমস্যা৷ কিদৰে মূৰৰ সন্মুখৰ চুলি গজাব পাৰি তাকলৈ মানুহৰ কৌতুহলৰ অন্ত নাই৷ এই ক্ষেত্ৰত একধৰণৰ তেল ব্যৱহাৰ কৰি মূৰৰ সন্মুখ ভাগৰ চুলি গজাব পাৰি৷ কি এই তেল– যি মানুহৰ চুলি গজাত সহায় কৰে৷ আহক জানো৷

মূৰৰ সন্মুখভাগৰ চুলি গজাব পাৰি একধৰণৰ মিশ্ৰণযুক্ত তেল ব্যৱহাৰ কৰি৷ কাষ্টাৰ অইল, ভিটামিন ই কেপচুল একেলগে মিশ্ৰণ তৈয়াৰ কৰি নিয়মিত ব্যৱহাৰ কৰিলে মাত্ৰ এমাহৰ ভিতৰতে সুফল পোৱা যায়৷ কাষ্টাৰ অইলত থাকে ‘ৰিচিনলেইক’ নামৰ এক উপাদান৷ যি নতুনকৈ চুলি গজাত সহায় কৰে৷ জানো আহক কিদৰে ব্যৱহাৰ কৰিব পাৰি এই তেল৷

প্ৰয়োজনীয় সামগ্ৰীঃ কাষ্টাৰ অইল একৰ পৰা দুই চামুচ৷ ভিটামিন ই কেপচুল ২-৩ টা৷

কেনেদৰে লগাবঃ কাষ্টাৰ অইলৰ সৈতে ভিটামিন ই কেপচুল মিশ্ৰণ কৰি লওক৷ তাৰ পাছত কাষ্টাৰ অইলৰ মিশ্ৰণটোৰ দ্বাৰা মূৰটো ভালদৰে মালিচ কৰক৷ মিশ্ৰণটো লগোৱাৰ পাছত ওৰে নিশা তেনেদৰেই ৰাখক৷ পাছদিনা সোনকালে চেম্পু কৰি মূৰটো ধুই দিয়ক৷ সপ্তাহত দুদিন এনেদৰে ব্যৱহাৰ কৰক৷ খুৱ ঘনাই এই তেল ব্যৱহাৰ কৰিব পাৰে৷ দেখিব অতি সোনকালে তাৰ সুফল পাব৷

You May Also Like

More From Author