ইংলেণ্ডৰ ৱেলছত এটা পৰিয়ালে যোৱা বহু বছৰ ধৰি চাৰিআলিৰ মাজত থাকিবলৈ বাধ্য হৈছে। এনে নহয় যে এই পৰিয়ালটোৱে চৰকাৰী ভূমিত বেদখল বা গৃহহীন হোৱাৰ বাবে ইয়াত আৱদ্ধ হৈ আছে, দৰাচলতে ইয়াত বাস কৰা লোকসকলে কোনো বস্তিত বাস নকৰে, বৰঞ্চ বিলাসী বাসগৃহতহে বাস কৰে যিটো তেওঁলোকৰ ব্যক্তিগত সম্পত্তি।
কিয়নো, তেওঁলোক নিজৰ ঘৰৰ সৈতে ইমানেই আৱেগিকভাৱে জড়িত যে জীৱনৰ প্ৰতি অহা বিপদৰ সৈতেও মোকাবিলা কৰিবলৈ সাজু হ’ব কিন্তু ঘৰ ত্যাগ কৰিবলৈ সাজু নহয়। এই পৰিয়ালটো ৱেলছৰ ডেনবিঘ শ্বায়াৰৰ এটা চাৰিআলিৰ মাজত বাস কৰে, যি এটা ঘূৰণীয়া পথ। এই পৰিয়ালটো কেইবা দশক ধৰি এই ঘৰটোত বাস কৰি আছে। এই ঘৰটোৰ মালিক ডেভিদ জন আৰু তেওঁৰ পত্নী এৰিয়ানে কৈছে যে, “যিয়েই নহওঁক কিয় আমি কেতিয়াও এই ঘৰ খালী নকৰো।
যেতিয়া ১৯৬০ চনত আমি ইয়ালৈ আহিছিলো, তেতিয়া এই অঞ্চলটো জনবসতিহীন আছিল। ইয়াত গ্ৰাম্য অঞ্চলৰ দৰে দূৰ-দূৰণিলৈ কোনো জনসংখ্যা নাছিল। চাৰিওফালে সেউজীয়া পথাৰৰ আৰু কেইটামানহে ঘৰ আছিল। তেতিয়া আমি ঘৰটো ইয়াতো নিৰ্মাণ কৰিলো আৰু এই অঞ্চলটোৰ আধুনিকীকৰণৰ আগতে আমি প্ৰায় ২০ বছৰ অতি আৰামেৰে বাস কৰি আছিল। পিছত, হঠাতে এদিন প্ৰশাসনৰ জাননী আহিল য’ত উল্লেখ কৰা কোৱা হৈছে যে, “আমি নিজৰ ঘৰ খালী কৰিব লাগিব। কাৰণ আমাৰ ঘৰটো ঠিক সেই ঠাইত আছে য’ত নতুন চাৰিআলিটো নিৰ্মাণ কৰিব।”
পিছত, বহুত আলোচনাৰ অন্তত আমি ঘৰ এৰি নোযোৱাৰ সিদ্ধান্ত ল’লো।” ব্ৰিটেইনত বাস কৰা ডেভিদৰ ঘৰৰ বিষয়টো আকৌ এবাৰ চৰ্চালৈ আহিছে। ডেভিদ দম্পতীৰ এই জেদৰ কথা আকৌ এবাৰ সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। কিয়নো তেওঁৰ জেদৰ পিছত, স্থানীয় প্ৰশাসনে ঘৰটো এটা চাৰিআলিলৈ ৰূপান্তৰিত কৰিছে। কেইবা দশক ধৰি, তেওঁৰ ঘৰটো চাৰিওফালেৰে যান-বাহন অহা যোৱা কৰি আছে। তেওঁলোকে ৪০ বছৰ ধৰি সেই ঠাইত বিপদজনক ভাৱে বসবাস কৰি আছে।