চতুৰ বন্দনাৰ পাকচক্ৰত ‘সন্ধানহীন’ স্বামী-শাহুৰ ছিন্ন মুণ্ড : অৱশেষত ডিএনএ প্রফাইলিং

0 min read

সম্পূর্ণ বিজ্ঞানসন্মতভাৱে আগবাঢ়িছে চাঞ্চল্যকৰ শংকৰী–অমৰজ্যোতি দে’ৰ নৃশংস হত্যাকাণ্ডৰ তদন্ত প্রক্রিয়া৷ তদন্ত সঠিক দিশত আগবঢ়াই নিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই মহানগৰ আৰক্ষীয়ে৷ উপযুক্ত প্রক্রিয়াৰে তদন্ত সম্পূর্ণ কৰিবলৈ ৰাজ্যৰ কেইবাগৰাকীও ফৰেনছিক বিশেষজ্ঞৰ লগতে দেশৰ আগশাৰীৰ ফৰেনছিক বিশেষজ্ঞ তথা অসম চৰকাৰৰ বিশেষ ফৰেনছিক পৰামর্শদাতা কেশৱ কুমাৰৰ পৰামর্শও গ্রহণ কৰিছে মহানগৰ আৰক্ষীয়ে৷ উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে হত্যাকাৰী বন্দনা কলিতাৰ স্বীকাৰোক্তিমর্মেই মেঘালয়ৰ ডাউকী আৰু চেৰাপুঞ্জীৰ বিভিন্ন অঞ্চলৰ পৰা শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট অংশ উদ্ধাৰ কৰিছে৷ দুয়োটা হত্যাকাণ্ড বন্দনাৰ পৰিকল্পনাত যে হৈছিল সেয়া ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত হৈছে যদিও আদালতত বন্দনাসহ তিনি অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ হ’লে আৰক্ষীক প্রয়োজন হ’ব উপযুক্ত বৈজ্ঞানিক তথ্য–প্রমাণৰ৷ সেয়া অকল ফৰেনছিক অনুসন্ধানেহে দিব পাৰিব৷ সেই উদ্দেশ্যই ইতিমধ্যে উদ্ধাৰ হোৱা দা, হাড়, ছাল, প্লাষ্টিক, কাপোৰসহ সকলো সামগ্রীৰ ফৰেনছিক পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ফৰেনছিক বিভাগলৈ প্রেৰণ কৰা হৈছে৷ বৈজ্ঞানিক অনুসন্ধানক সঠিক দিশত আগবঢ়োৱাৰ উদ্দেশ্য আজি জিএমচিএইচলৈ অনা হয় হত্যাকাৰী বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাক৷ চিকিৎসকে তিনিওজন হত্যাকাৰীৰ তেজৰ নমুনা, হাতৰ চাপ, লেলাৱতীক ধৰি দেহৰ কেইবাটাও নমুনা সংগ্রহ কৰে৷ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, সংগৃহীত নমুনাবোৰৰ লগতে উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ অৱশিষ্টসমূহৰো নমুনা সংগ্রহ কৰা হ’ব৷ সংগৃহীত নমুনাবোৰৰ পৰা পৰৱর্তী সময়ত ডিএনএ প্রফাইলিং কৰা হ’ব৷ যাৰ ফলত মৃতদেহ দুটা প্রকৃততে শংকৰী–অমৰজ্যোতিৰ হয় নে নহয় সেয়া স্পষ্ট হৈ পৰাৰ লগতে হত্যাকাণ্ডটোত তিনিওজন হত্যাকাৰীৰ সংযোগ সম্পূর্ণ প্রমাণ হ’ব৷

কি হয় ডিএনএ প্রফাইলিং

ডিএনএ প্রফাইলিং হৈছে এনে এক প্রক্রিয়া, য’ত দুজন লোকৰ মিল অর্থাৎ পাৰিবাৰিক কিবা সংযোগ আছে নেকি সেয়া পৰীক্ষা কৰা হয়৷ যিহেতু বংশগতিৰ বাহক হৈছে ডিএনএ, ডিএনএৰ মাধ্যমেৰেই বংশগত চাৰিত্রিক বৈশিষ্ট্যসমূহ এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ যায়৷ সাধাৰণতে অপৰাধৰ তদন্তৰ ক্ষেত্রত ডিএনএ প্রফাইলিং প্রক্রিয়া ব্যৱহাৰ কৰা হয়৷ ফৰেনছিক বিজ্ঞানৰ সৈতে জড়িত এটা সূত্রৰ পৰা জানিব পৰা মতে অকল মাংস বা তেজৰ চেকুৰাৰ পৰাই নহয়, মানুহৰ হাড়ৰ মাজত থকা অস্থিমজ্জা আৰু হাতৰা আঙুলিৰ চাপৰ পৰাও ডিএনএ সংগ্রহ কৰিব পাৰি৷ বিশেষকৈ অস্থিমজ্জাৰ পৰা সংগৃহীত ডিএনএ প্রফাইলিঙৰ বাবে অতি উত্তম বুলি সূত্রটোৱে জনাইছে৷ সেইবাবেই আজি তিনি হত্যাকাৰীৰ তেজ, হাতৰ চাপৰ লগতে বিভিন্ন নমুনা সংগ্রহ কৰা হয়৷ সূত্রটোৱে কয়– যিহেতু সংগৃহীত মৃতদেহৰ অৱশিষ্ট হাড়ৰ বাদে আন অংশ নাই, গতিকে হাড়ৰ ভিতৰত থকা অস্থিমজ্জাৰ পৰা ডিএনএ সংগ্রহ কৰি প্রফাইলিং কৰা হ’ব৷ দুয়োটা মৃতদেহৰ ডিএনএৰ মিল হ’লে সেয়া অমৰজ্যোতি আৰু শংকৰী দে’ৰ দেহৰ অৱশিষ্ট বুলি প্রমাণ হ’ব৷ ঠিক একেদৰে মৃতদেহৰ অৱশিষ্টৰ লগতে যোৱাকেইদিনত আৰক্ষীয়ে উদ্ধাৰ কৰা হত্যাকাণ্ডত ব্যৱহূত দাখন, গাৰু, কাপোৰকে ধৰি বিভিন্ন নমুনাত তিনিওজন হত্যাকাৰীৰ হাতৰ ছাপ বা ডিএনএৰ অংশ আছে নেকি সেয়াও পৰীক্ষা কৰিব ফৰেনছিক বিভাগে৷ মন কৰিবলগীয়া যে প্রায় ৭ মাহ পূর্বে হোৱা হত্যাকাণ্ড দুটাৰ পাছত এতিয়া সংগ্রহ কৰা নমুনাবোৰত হত্যাকাৰীৰ ডিএনএ বা হাতৰ ছাপ থাকিবনে নাই তাৰ নিশ্চয়তা নাই৷ কিন্তু ফৰেনছিক বিভাগৰ মতে জব্দ কৰা সামগ্রীবোৰত হত্যাকাৰীৰ ডিএনএৰ নমুনা থাকিবও পাৰে৷ এই আটাইবোৰ দিশেই চোৱা হ’ব বুলি মন্তব্য কৰি সূত্রটোৱে কয়– বর্তমানলৈকে হত্যাকাৰী বন্দনাই হত্যাকাণ্ডটোৰ প্রকৃত উদ্দেশ্য সদৰী নকৰিলেও আৰক্ষীক তদন্তত সম্পূর্ণ সহযোগ কৰি আছে৷ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতেই চিকিৎসককো দেখুৱাই দিছে বন্দনাই আৰু সেইমতেই চিকিৎসকেও মৰণোত্তৰ পৰীক্ষা আগুৱাই নিছে৷ বন্দনাই যি ধৰণেই মৃতদেহ দুটা কটা বুলি কৈছিল সেই একে ধৰণেই বিশেষজ্ঞকো দেখুৱাই দিছে৷ দেহৰ কোন অংশ কিদৰে কাটিছে দেখুৱাই দিছে৷ বন্দনাই কোৱা ধৰণেই মৃতদেহৰ অৱশিষ্টৰ ফৰেনছিক পৰীক্ষা কৰিও একে ফলাফলেই পোৱাত এতিয়া আচৰিত হৈ পৰিছে ফৰেনছিক বিশেষজ্ঞও৷ বন্দনাৰ নিখুত বিৱৰণ তথা সুস্থ মানসিক স্বাস্থ্য প্রত্যক্ষ কৰি হতভম্ব হৈ পৰা সূত্রটোৱে কয়– ইমান ধুনীয়াকৈ তন্ন তন্নকৈ বন্দনাই কথাবোৰ কোৱা দেখি আমিও আচৰিত হৈ পৰিছোঁ৷ কথাবোৰ কৈ থাকোঁতে অকণমানো হতাশ বা অনুতপ্ত হোৱাৰ চিন তেওঁৰ মুখমণ্ডলত দেখা নাছিলোঁ৷ ইপিনে, ফৰেনছিকৰ তদন্তত সহযোগ কৰিলেও এতিয়াও হত্যাকাণ্ডৰ প্রকৃত উদ্দেশ্য আৰক্ষীৰ আগত স্বীকাৰ কৰা নাই বন্দনাই৷ প্রকৃততে কি কাৰণত স্বামী আৰু শাহুক নৃশংসভাৱে হত্যা কৰিলে সেই তথ্য আৰক্ষীক দিয়াৰ পৰা বিৰত আছে বন্দনা৷ অৱশ্যে বন্দনাই প্রকৃত কাৰণ স্বীকাৰ নকৰিলেও বন্দনাসহ তিনি অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰাকৈ সম্পূর্ণ তথ্য–প্রমাণ ইতিমধ্যে মজুত কৰিছে আৰক্ষীয়ে৷ আন দুজন হত্যাকাৰী ক্রমে অৰূপ আৰু ধনটি ডেকাই বিভিন্ন ধৰণে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ আৰক্ষীৰ আগত চেষ্টা কৰিলেও বন্দনাৰ পৰিকল্পনাত আৰম্ভণিৰ পৰা অন্তলৈকে দুয়োজন যে সম্পূর্ণৰূপে জড়িত আছিল সেয়া ইতিমধ্যে প্রমাণ হৈছে৷ উপযুক্ত তথ্য–প্রমাণ সকলো আৰক্ষীয়ে লাভ কৰিছে৷

You May Also Like

More From Author