জিঞ্জাৰ, টেনিচ কৰ্ট, অমিয় কুমাৰ দাস প্ৰতিষ্ঠানত চলিব উচ্ছেদ ৷ এয়াই নহয় একেদৰে উচ্ছেদ চলিব বদৰুদ্দিন আজমলৰ ভূমিত ৷ এমাহ, দুমাহৰ ভিতৰত শিলসাকো বেদখল মুক্তৰ লক্ষ্য চৰকাৰৰ ৷
বুধবাৰে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পিছতে উচ্ছেদ চলিল কোচ ৰাজবংশীৰ কাৰ্যালয় চিলাৰায় ভৱনত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভৱনটোৰ আধাৰশিলা আৰু মুকলি কৰিছিল ৷ গগৈ আমোলাত মুকলি কৰা ভৱনটো উচ্ছেদকলৈ প্ৰতিক্ৰিয়া কোচ ৰাজবংশীৰ ৷ ২০০৯ ৰ পৰা ২০১৫ চনৰ ভিতৰত অধিক দখল হৈছিল শিলসাকোৰ ভূমিৰ ৷ মূলত কংগ্ৰেছ চৰকাৰৰ দিনত একাংশই দখল কৰিছিল বিলৰ ভূমি ৷ এজনে ভূমি লোৱাই নহয় দহজনক বিক্ৰী কৰিছিল এনে বিল ভূমি ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বেদখল ভূমিৰ বিৰুদ্ধে কঠোৰ হোৱা মুখ্যমন্ত্ৰীৰ দাবী মাথোন শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান ৷ বিজেপি চৰকাৰৰ দিনত কোনো লোকৰ প্ৰতি মায়ামোহ নথকা বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ উল্লেখ মহানগৰবাসীৰ জনস্বাস্হ্যৰ প্ৰতি অহা ভাবুকিৰ বাবে এনে কাম কৰিবলৈ বাধ্য ৷ যাতে ৫ বছৰ হ্ৰাস নহয় মহানগৰবাসীৰ আযুস৷