প্ৰেছ বিবৃতি :শিলসাঁকো উচ্ছেদে স্পষ্ট কৰিলে যে খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি : উপমন্যু হাজৰিকা

1 min read

শিলসাঁকো উচ্ছেদে স্পষ্ট কৰিলে যে ডঃ হিমন্ত বিশ্ব শৰ্মা
নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো দুটা নীতি
খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি। দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবন্টনৰ ক’তো কোনোধৰণৰ উল্লেখ নাই, যত নেকি বাংলাদেশী বেদখলকাৰীক ক্ষতিপূৰণ,সংস্থাপন ইত্যাদি সকলো সুবিধা প্ৰদান কৰা হৈছে।আনকি মিছন বসুন্ধৰাৰ 2.0 ৰ জৰিয়তে ২০১১ চনলৈকে অহা বাংলাদেশী বেদখলকাৰীক ১৪ লাখ PGR,VGR ভূমিত সংস্থাপনৰ প্ৰস্তুতি চলাইছে।
যি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ অসম চুক্তিৰ ছয় নম্বৰ দফাত কাৰ্যকৰী কৰিবলৈ লিপিবদ্ধ আছে , ২০২০ চনত ছয় নম্বৰ দফা সমিতিৰ প্ৰতিবেদন আছে,আৰু বিভিন্ন সময়ত স্বয়ং হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্ন বিজেপি নেতাৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি , সেই সকলোবোৰ নস্যাত কৰিছে বৰ্তমান বিজেপি চৰকাৰৰ উচ্ছেদ আৰু ভূমি নীতিয়ে।উল্লেখযোগ্য যে বেদখলকাৰী বাংলাদেশী সকলে আদালতত গোচৰ তৰিলে ,চৰকাৰে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত তেওঁলোকক সংস্থাপন আৰু ভূমি আবন্টনৰ নিৰ্দেশ দিয়ে। শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ
প্ৰথম উচ্ছেদ অভিযান চলাইছিলে ছিপাঝাৰৰ গৰুখুটিত, যত PGR ,VGR ভূমি বেদখল কাৰী 700 শ পৰিয়ালক ইতিমধ্যে সংস্থাপনৰ ব্যবস্থা কৰিলে।এই তথ্য প্ৰকাশ পাই উচ্চতম ন্যায়ালয়ৰ ২৪ জানুৱাৰী ২০২৩ চনৰ ৰায়দানত।
এই ৰায়দানত উল্লেখ কৰা হয় চৰকাৰী পক্ষৰ প্ৰতিশ্ৰুতি যে গৰুখুটিৰ ৭০০ পৰিয়ালৰ ৬০০ পৰিয়ালক চৰকাৰে ভূমি আবন্টন কৰি সংস্থাপন কৰিছে।সেই কাৰণে উচ্চতম ন্যায়ালয়ে বাকী ১০০ পৰিয়ালক সংস্থাপন কৰাৰ নিৰ্দেশ দিলে। চৰকাৰে সংস্থাপনৰ দাবী বিৰোধ কৰিব লাগিছিল , কিয়নো আইনগত ভাৱে বেদখলকাৰী অপৰাধী আৰু সংস্থাপন দিয়া কোনো আইনী নীতি নিয়ম নাই ।গুৰুত্বপূৰ্ণ কথা যে গৰুখুটিত বসবাস কৰা ৬০% নাম NRC ত নাই। যত নেকি বৰ্তমানৰ NRC খন অশুদ্ধ, হয়তো পুনৰীক্ষণ কৰিলে কোনো বেদখলকাৰীৰ নামেই নাহিব,এই কথা যদিও চৰকাৰ অৱগত কিন্তু উচ্চতম ন্যায়ালয়ক অৱগত নকৰিলে।
মুঠৰ ওপৰত বেদখলকাৰী বাংলাদেশী প্ৰায় ভাগ নাগৰিক নোহোৱা স্বত্তেও অসমৰ নাগৰিকৰ অধিকাৰ উপভোগ কৰি আছে।
আনফালে গুৱাহাটী স্থিত শিলসাঁ‌কোত বসবাস কৰা খিলঞ্জীয়া লোকসকলক কোনো আগজাননী নিদিয়াকৈ , বহু দশক ধৰি বসবাস কৰা লোক সকলৰ আটোম টোকাৰীকৈ বনোৱা সপোনৰ ঘৰ খন একে দিনাই ধ্বংস কৰি পেলাইছে। যত নেকি তেওঁলোকে চৰকাৰী সা- সুবিধা উপভোগ কৰি আছিলে ,আনকি গুৱাহাটী পৌৰনিগমৰ কৰ ভৰি আছিলে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া আৰু বাংলাদেশীৰ মাজত কোনো পাৰ্থক্যই নাৰাখিলে, বৰঞ্চ চৰকাৰী নীতি বাংলাদেশীৰ পক্ষত হে ৰ’ল ।
মিছন বসুন্ধৰা 2.0 অনুসৰি অসমৰ ১৪ লাখ PGR,VGR ভূমি আবন্টন দিয়া হব অবৈধ বাংলাদেশী বেদখলকাৰীক ,তেওঁলোকে কেৱল ২০১১ চনৰ পূৰ্বে বসবাস কৰা চৰকাৰী নথি যেনে বেদখলকাৰী জৰিমনা ৰচিদ ,শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ , গড়াখহনিয়া পীড়িত প্ৰমাণ পত্ৰ ,ইত্যাদি।
মুখ্যমন্ত্ৰীয়ে ডিচেম্বৰ মাহত হোৱা বিধানসভা অধিবেশনত সদনৰ মজিয়াত প্ৰতিশ্ৰুতি দিয়ে যে সকলো বেদখলকাৰীকে সংস্থাপন দিয়া হব। কিন্তু নামনি অসমত যি হাৰত জনসংখ্যা বৃদ্ধি হৈছে এই মাটি সকলোকে দিব নোৱাৰিব। কিয়নো জনসংখ্যা অনুপাতে আবন্টন কৰা ভূমি কম পৰিব।সকলোৱে অৱগত যে খিলঞ্জীয়া পৰিয়ালৰ তুলনাত বাংলাদেশী পৰিয়ালৰ সদস্য সংখ্যা অধিক।
যদিহে NRC ক পুনৰীক্ষন চৰকাৰে নকৰে, খিলঞ্জীয়া ২০৪০ ত সংখ্যা লঘু হোৱাৰ পূৰ্বে ভূমি,সম্পদ,চাকৰি, সংৰক্ষনেই বাছি থকাৰ একমাত্ৰ উপায়, তেনে অৱস্থাত যি নীতি শ্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে তেনে নীতিয়ে খিলঞ্জীয়াক ২০৪০ৰ পূৰ্বেই সংখ্যালঘু কৰিব।

প্ৰেছ বিবৃতি
Press Release

You May Also Like

More From Author