গুৰুজনাৰ জন্মধাম নগাঁৱৰ বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ,সোমবাৰে গন্ধ উৎসৱ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৫ মাৰ্চ:– ঋতুৰাজ বসন্তৰ আগমণ ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰণ কৰে । বসন্ত কালত পালন কৰা উৎসৱসমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম । জগত গুৰু শ্রী শ্ৰী শংকৰদেৱে নগাঁও জিলাৰ বটদ্রৱাত পোন প্রথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল,সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাৱে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্ণিমা তিথিত পালন কৰা হয় । চলিত বছৰো ৬ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ।দৌল উৎসৱ পালন কৰাৰ বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে । ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপসমিতি গঠন কৰা হৈছে । শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক তীৰ্থ যাত্রীক আদৰণি জনোৱাৰ বাবে প্ৰশাসনিক,সাংস্কৃতিক,ধৰ্মীয়,পানী, বিজুলী,চিকিৎসা,খাদ্য,প্ৰচাৰ আদি সকলোবোৰ সুবিধাৰ বাবে উপসমিতিসমূহে খৰতকীয়া গতিত কাম কৰি আছে । অহা ৬ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোঁসাইক (শ্ৰীকৃষ্ণৰ মূতিভাগ)গায়ন-বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হ’ব । স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোঁসাইক নতু্ন বস্ত্র পিন্ধোৱা হ’ব আৰু গায়ন- বায়নে “ৰাম ধেমালী” পৰিবেশন কৰিব। ইয়াৰ পাছদিনা অৰ্থাৎ ৭ মাৰ্চত “গোসাঁই মুৰত ফাকু দিয়া উৎসৱ”ৰ সন্ধ্যা গোঁসাইক নোৱাই- ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব আৰু গায়ন বায়নে “ন-ধেমালী” পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱসকলে ফাকু নিৰ্মালী আৰু পদজল গ্রহণ কৰিব । সিদিনা ওৰেতো নিশা গোঁসাইক ৰভাতলত ৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-বৈষ্ণৱে নাম কীৰ্তন কৰিব। ৮ ৰ্মাচৰ দিনা “গোসাঁই ফুৰোৱা উৎসৱ”। উক্ত দিনা ২ বজাত গায়ন বায়ন,ভকত -বৈষ্ণৱ,আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র,ভেৰু,কালি,সো-মুখ শংঙ্খৰ ধ্বনি,আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰেৰে ফাকুৰ গুৰি সিঁচি সিঁচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললৈ যাত্রা কৰিব । দৌল মন্দিৰত গোঁসাইক পূজা অৰ্চনা দি সাত পাক পদক্ষিণ কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শ’লগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিণ কৰোৱাই লগতে সত্ৰাধিকাৰ,ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত “দুৱাৰ ধৰা” নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ৭,৮ আৰু ৯ ৰ্মাচৰ নিশা আকাশীগংগা পাৰৰ প্রেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। ইপিনে দৌল উৎসৱ উপলক্ষে নগাঁও-বটদ্ৰৱা সংযোগী পথৰ নিৰ্মাণ ক্ষীপ্ৰ গতিত চলি আছে ।লোক নিৰ্মাণ বিভাগে পথ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে দৈনিক ৪-৫ লাখ তীৰ্থ যাত্রীৰ সমাগম হ’ব লগীয়া দৌল উৎসৱৰ বাবে থান পৰিচালনা সমিতিয়ে ধুম- ধামেৰে ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । তীৰ্থযাত্রী উপস্থিত হ’বলগীয়া দৌল উৎসৱত কোনো কাৰণতে আইন শৃংখলা আৰু নিৰাপত্তা যাতে বিঘ্নিত নহয় সেই সম্পৰ্কত নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত থান পৰিচালনা সমিতি আৰু জিলা প্ৰশাসন লগত মিলিত হৈ এখনি সভাত জিলা প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্ত উপাযুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকি থান পৰিচালনা সমিতিক সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ লগতে সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে । লগতে থান পৰিচালনা সমিতিৰ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে বিভিন্ন বিভাগৰ লগত আলোচনা কৰি দূৰ-দূৰণিৰ যাত্রীসকলৰ বাবে সকলো সুবিধা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । খোৱা পানী,ৰাতি বিজুলী বাতিৰ আৰু শৌচাগাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।থান প্ৰাঙ্গনৰ প্ৰায় তিনি কিল’মিটাৰ এলেকাত মাদক দ্ৰব্য কোনো বেচা-কিনা নোহোৱাৰ ক্ষেত্রত নিষিদ্ধ কৰা হৈছে। উল্লেখ্য যে প্ৰতি বছৰে দৌল উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় ৰঙৰ হাট । এইবাৰো স্থানীয় ব্যৱসায়ীসকলৰ লগতে বহু দূৰদূৰণিৰ ব্যৱসায়ীসকলে ইতিমধ্যে বটদ্ৰৱাত উপস্থিত হৈ বিভিন্ন ধৰণৰ দোকান-পোহাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।এইবাৰ হোটেল আৰু মিঠাই দোকানৰ সকলো খাদ্যবস্তু যাতে ভাল হয় তাৰ প্ৰতি লক্ষ্য ৰাখি দুজন খাদ্য পৰিদৰ্শকৰ তত্বাৱধানৰ ব্যৱস্থা কৰা হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author