সৌন্দৰ্য বঢ়োৱাৰ উপৰিও বহু ঔষধিয় গুণসম্পন্ন জবাফুল

1 min read

এইবিধ ফুল আগৰ দিনত অসমৰ ঘৰে ঘৰে আছিল ।। আজিও বহুতৰে ঘৰত আছে । দেখাত ধুনীয়া বাবে আমি ইয়াক ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ৰাখিছো ।। ৰঙা , হালধীয়া , বগা আদি বিভিন্ন ৰঙৰ হব পাৰে । সকলোবিলাক ঔষধৰ কাম কৰে ।।

ঘৰৰ সৌন্দৰ্য বঢ়োৱাৰ উপৰিও ইয়াৰ কেইটামান বহুত ডাঙৰ ডাঙৰ ঔষধিয় গুণ আছে ।। ।।।
1 . চুলি সৰা : 8-10 টা কোমল পাত আৰু 4-5 টা ফুল লৈ 100 গ্ৰাম নাৰীকলৰ তেলত গৰম কৰিব লাগিব ।। ফুল আৰু পাত কলা পৰিলে নুমাই ঠাণ্ডা হব দিয়ক ।। পাছত চেকি লৈ বতলত ভৰাই থব ।। দৈনিক এই তেল মূৰত ঘঁহক । অতি সোনকালে চুলি সৰা বন্ধ হব ।

2. বগাশ্ৰৱ : যিসকল মহিলাৰ বগা শ্ৰাব যোৱা ৰোগ আছে , তেওঁলোকে দৈনিক ৰাতিপুৱা 2-3 টা পাত চোবাই চোবাই খাওক আৰু তাৰ পিছত গৰম পানী এগিলাচ খাওক ।। অতি সোনকালে ফল পাব ।।
3 . পেটৰ সমস্যা , colitis , Constipation : 4-5 টা ফুল বা পাতৰ চৰ্বত বনাই দৈনিক খাওক ।।

পেটৰ সকলো সমস্যা দূৰ হব ।

4. মুখৰ ঘাঁ : 2 টা পাত ভালকৈ চোবাই চোবাই পাছত উলিয়াই দিয়ক । কমছে কম 40 বাৰ চোবাই লব আৰু মুখৰ চাৰিওফালে ঘূৰাব ।

5. Anemia বা ৰক্তহীনতা : দৈনিক 8-10 টা পাত আধা লিটাৰ পানীত গৰম কৰিব । পানী কমি গৈ যেতিয়া 250 ml মান হব , তেতিয়া চাহৰ নিচিনা খাওক । লগতে দুৰ্বলতা নোহোৱা হব শৰীৰৰ ।
6. কাহ : 50 গ্ৰাম গা গছ লৈ 400 গ্ৰাম পানীত উতলাব । তাৰ পিছত যেতিয়া পানী শুকাই গৈ 150 গ্ৰাম থাকিব , তেতিয়া চেকি লৈ কাহ হলে দৈনিক আধা কাপ খাব পাৰে ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

You May Also Like

More From Author