মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল কেলেংকাৰীত এতিয়ালৈকে অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডি য়ে গ্ৰেপ্তাৰ কৰিছে ১৪ জনক ।
ইতিমধ্যে ধৃত আটাইকে গুৱাহাটীলৈ অনা হৈছে আৰু আজি পুৱাৰে পৰা উলুবাৰীস্থ চি আই ডি হেডকোৱাৰ্টাৰত কৰা হৈছে সোধপোছ ৷ সোধা-পোছাৰ পাছতআটাইকে হাজিৰ কৰোৱা হয় কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত।
উল্লেখ্য যে, তিনিচুকীয়াত যোৱাকালি গ্ৰেপ্তাৰ কৰা চাৰিজনক নিশাই অনা হৈছিল চিআইডি কাৰ্যালয়লৈ। ধৃত চাৰিজনৰ দুজন নাবালক ৷ চাৰিজনকে গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে ৷আনহাতে লখিমপুৰত সদৰ আৰক্ষীয়ে আটক কৰা সাতজন ছাত্ৰৰ পাঁচজনক যোৱা নিশাই গুৱাহাটীস্থ চি আই ডি কাৰ্যালয়লৈ অনা হয় । ধৃত পাঁচ ছাত্ৰ লখিমপুৰৰ দুখন বিখ্যাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ৷ আজি দিনটোৰ ভিতৰত আন কে’বাজনো ছাত্ৰক আটক কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে লখিমপুৰ আৰক্ষীয়ে ৷