ৰাজ্যৰ পোৰসভা সমূহৰ পৌৰ কৰ অত্যাধিক বৃদ্ধি কৰণৰ পাছতে কৰদাতা ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷মঙলদৈ সহ ৰাজ্যৰ কেতবোৰ পৌৰ এলেকাৰ ৰাইজে অত্যাধিক পৌৰ কৰৰ সিদ্ধান্ত বাতিল নকৰিলে কৰ দিয়াৰ পৰাৰ বিৰত থকাৰ পাছতে থৰকাছুটি হেৰাইছে নগৰ উন্নয়ন বিভাগে ৷
নগাঁও সহ আন কেইবাখনো পৌৰসভাই আনকি বৈঠক অনুষ্ঠিত কৰি পৌৰ কৰ পূৰ্বতকৈ মাত্ৰ সাত- আঠ শতাংশতে সীমাবদ্ধ ৰখাৰ কথা সদৰি কৰিছিল যদিও আজি গুৱাহাটীত ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে শীঘ্ৰেই ৰাজ্যত ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব পৌৰ কৰ ৷
আনহাতে ৰাজ্যৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বাধিক পৌৰকৰ বাঢ়িব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, এতিয়াৰে পৰা জাৱৰ-জোথৰ নিয়াৰ বাবে মাহেকত পৌৰকৰ দাতা ৰাইজে দিব নালাগে কোনো কৰ ।
নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ পৌৰকৰৰ নতুন নিৰিখ ঘোষণাক ৰাজ্যৰ পৌৰকৰ দাতা ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷