একৰ পৰা দুখন আসন লাগিব ৰাইজৰ দলক ! বিৰোধীৰ বৈঠকৰ পাছতে প্ৰতিক্ৰিয়া অখিল গগৈৰ

1 min read

কংগ্ৰেছৰ বিশ্বাসঘাটকতা পাহৰা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ মিত্ৰতা প্ৰসংগ আহিলে অখিলৰ আহি পৰে কংগ্ৰেছৰ বিশ্বাসঘাটকতাৰ প্ৰসংগ ৷ হয়, ১৯ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ বিধায়ক অখিল গগৈক বিশ্বাসঘাটকতা কৰিছিল কংগ্ৰেছে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে অন্তিম পৰ্য্যায়ত মিত্ৰতা ভংগ কৰিছিল অখিল গগৈৰ দলৰ সতে ৷ আনকি অখিলৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছে আগবঢ়াইছিল প্ৰাৰ্থী ৷ কাৰাগাৰত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অখিল গগৈক লৈ কংগ্ৰেছে কৰা এনে আক্ৰমণ প্ৰত্যাক্ৰমণ হয়টো কেতিয়াও পাহৰি নাযায় অখিল গগৈয়ে ৷ সেয়ে এইবাৰ মিত্ৰতাক লৈ অখিল গগৈ স্পষ্ট একৰ পৰা দুখন আসন লাগিব ৰাইজৰ দলক ৷ একৰ পৰা দুখন আসনত ৰাইজৰ দলে আগবঢ়াব প্ৰতিদ্বন্দিতা ৷ বিৰোধী ঐক্য মঞ্চই সন্মানজনকভাৱে স্থান দিব লাগিব প্ৰতিটো ৰাজনৈতিক দলক ৷ কংগ্ৰেছৰ এক আৰু একক সিদ্ধান্ত শেষ সিদ্ধান্ত নহয় ৷ অখিল গগৈৰ আন এক চৰ্ত অনুসৰি মিত্ৰতাত কোনো কাৰণত থাকিব নোৱাৰিব AIUDF ৷ যিটো চৰ্তত একমত সিদ্ধান্ত গ্ৰহণ জীতেন্দ্ৰ সিঙৰ ৷ এনেদৰে এতিয়া বিৰোধী শিবিৰৰ মিত্ৰতাৰ প্ৰথমখন বৈঠকৰ পিছতে বিৰোধী দলৰ মাজত দেখা গৈছে কিছু প্ৰতিক্ৰিয়া ৷

You May Also Like

More From Author