এখন দেশ, য’ত বিয়াৰ পিছত ৩ দিন শৌচালয়লৈ যাব নোৱাৰে দৰা-কইনা, নহ’লে…

1 min read

এখন দেশ, য’ত বিয়াৰ পিছত ৩ দিন শৌচালয়লৈ যাব নোৱাৰে দৰা-কইনা, নহ’লে…

সমাজত বিভিন্ন সম্প্ৰদায়ৰ লোক আছে আৰু সকলোৱে বেলেগ বেলেগ নীতি-নিয়মৰ মাজেৰে বিয়া বা আন কোনো ধৰ্মীয় অনুষ্ঠান উদযাপন কৰে।

কিন্তু কিছুমান নীতি নিয়মে আমাক আচৰিত কৰি তোলে। আপুনি জানি আচৰিত হ’ব যে পৃথিৱীত এনে এখন দেশ আছে য’ত বিয়াৰ পিছত ৩ দিন শৌচালয়লৈ যাব নোৱাৰে।

এই নিয়ম ইণ্ডোনেচিয়াৰ টিদংগ নামৰ সমূদায়টোৱে পালন কৰে। এই নিয়মক বহু মান্যতা আছে যাৰ বাবে এই নিয়ম পালন কৰা হয়। তেওঁলোকৰ এক লোকবিশ্বাসৰ ভিত্তিত এই নিয়ম পালন হয়।

এই নিয়ম অন্তৰালত তেওঁলোকৰ এক বিশ্বাস আছে। সমূদায়ৰ লোকসকলৰ মতে বিয়া এক পৱিত্ৰ অনুষ্ঠান। যদি বিয়াৰ পিছত দৰা-কইনা শৌচালয়লৈ যায় তেন্তে পৱিত্ৰতা ভংগ হয়। সেই বাবে বিয়াৰ পিছত ৩ দিন শৌচালয়লৈ যোৱাত বাধা আছে। কোনোৱে এই নিয়ম ভংগ কৰিলে অশুভ বুলি ধৰা হয়। তদুপৰি নিয়ম ভংগ কৰিলে বিয়া ভাগিব পাৰে বা আন সমস্যা হ’ব পাৰে বুলিও তেওঁলোকে বিশ্বাস কৰে।

এই নিয়ম পালন কৰাৰ বাবে দৰা কইনাক বিয়াৰ পিছত কম খাদ্য খাবলৈ দিয়া হয় আৰু নিয়ম ভালদৰে পালন কৰিবলৈ কোৱা হয়।

You May Also Like

More From Author