কম বয়সতে চুলি পকা প্ৰতিৰোধ কৰাৰ ঘৰুৱা দিহা

1 min read

আপোনাৰ চুলিখিনি অসময়ত পকিছে নেকি? তেন্তে কিয় চুলি পকিছে তাৰ কাৰণসমূহ জানেনে বাৰু? অসময়ত চুলি পকিলে তাক কোৱা হয় অকালপক্কতা।( Assamese Health Tips )

আমাৰ ভাৰতীয় মানুহৰ চুলিৰ ৰং সাধাৰণতে ক’লা হয়। এই ক’লা ৰংটো আমি সৌন্দৰ্য্যৰ প্ৰতীক বুলি ভাবো। যেতিয়ালৈ চুলিকোছা ক’লা হৈ থাকে আমি নিজকে ডেকা বুলি ভাবো। কিন্তু এবাৰ যেতিয়া চুলিত পকা ৰংটো আহে নিজকে আমি বুঢ়া বুলি ভাবিবলৈ লওঁ। আজিকালি কম বয়সীয়া লোকৰ চুলি পকিবলৈ লৈছে। চুলি পকাৰ কাৰণ বহুতো । এই কাৰণ সমূহ জানিলেহে আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰিম। চুলি পকাৰ কাৰণৰ ভিতৰত তিনিটা মুখ্য কাৰণ হৈছে-
🍀জেনেটিক:- পৰিয়ালত যদি কাৰোবাৰ আগতে চুলি পকিছে তেন্তে যদি আপোনাৰ চুলি পকিছে কোনেও সেইটোত বাধা দিব নোৱাৰে। অৰ্থাৎ gene তে সেই প্ৰব্লেমটো থাকে।

🍀 যদি আপোনাৰ চুলি পকাৰ কাৰণ জেনেটিক নহয় তেন্তে ইয়াৰ পিছৰ কাৰণটো হয়তো হব পাৰে। দুই নম্বৰ কাৰণটো হৈছে পাৰিপাৰ্শ্বিকৰ প্রভাব। যেনে ধূলি, ধোঁৱা, উৎকট গৰম, ৰেদিয়েছন, প্ৰদূষণ। সেয়েহে উদ্যোগিক ক্ষেত্ৰত বসবাস কৰা লোকসকলৰ কেতিয়াবা চুলি পকা দেখা যায়। কেতিয়াবা বাইক বেছিকৈ চলোৱা লোকৰো চুলি পকা দেখা যায় যিহেতু চুলিত ধূলি,বতাহ বেছিকৈ লাগি ক্ষতিসাধন হয়। smoking বা চিগাৰেট সেৱন কৰিলেও আমাৰ চুলিৰ মেলানিন উৎপাদনত ক্ষতিসাধন কৰে। ই চুলিৰ গুৰিত তেজৰ চলাচলত বাধা প্ৰদান কৰে ( affects micro blood circulation) যাৰ ফলত চুলি পকিব পাৰে। চুলি পকাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেছ আৰু টোপনি ক্ষতি। স্ট্রেছৰ বাবে ফ্ৰী ৰেদিকেলৰ সৃষ্টি হয় যিয়ে চুলিৰ ক্ষতিসাধন কৰে( oxidative stress)। ষ্ট্ৰেছৰ বাবে হৰমনৰ খেলিমেলি ও হয়। আমি কেতিয়াবা কওঁ যে ‘ চিন্তাত চুলি পকিছে’ কথাষাৰ মিছা নহয়। তেনেকৈ টোপনি কম হলেও চুলি পকিব পাৰে। আপুনি যদি ভালকৈ নোশুৱে তেন্তে ই চুলিত ক্ষতিসাধন কৰিব পাৰে , বা চুলি সৰিব বা পকিব পাৰে।
🍀তিনি নম্বৰ কাৰণটো হৈছে পুষ্টিহীনতা । চুলিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে প্ৰটিন। দৈনিক ১গ্ৰাম/ কেজি শৰীৰৰ ওজন হিচাবে আমাক প্ৰটিন লাগে শৰীৰটো ভালকৈ এক্তিভ হৈ থাকিবৰ বাবে। কোনোবাই যদি তাতকৈ বেছি বিচাৰে তেন্তে আৰু অধিক প্ৰটিন প্ৰয়োজন হয়। তিনি চাৰিমাহ মান যদি আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱ হৈছে তেন্তে তাৰ প্ৰভাৱ চুলিতেই প্ৰথম পৰে। কাৰণ আমাৰ শৰীৰে অন্য অংগৰ তুলনাত চুলিক ইমান প্রয়োজনীয় অংগ বুলি নাভাবে। শৰীৰত প্ৰটিন কমি গ’লে শৰীৰে চুলিত প্ৰটিনৰ যোগান কম কৰি দিয়ে। গতিকে প্ৰটিন কমিলেও এই সমস্যা আহিব পাৰে। কিছুমান ব্যক্তিয়ে ডায়েটিং কৰাৰ ফলত ভালকৈ যদি প্ৰতিনযুক্ত আহাৰ নাখায় তেতিয়া প্ৰটিন কমি গৈ চুলি সৰা, চুলি পকা আদি সমস্যা আহিব পাৰে। এনে চুলিৰ বাবে প্ৰয়োজনীয় আন কিছুমান খনিজ উপাদান হৈছে জিংক, আইৰণ ,কপাৰ, কেলচিয়াম আৰু কেইবিধমান ভিটামিন যেনে ভিটামিন B12, ভিটামিন ডি, ভিটামিন E আদি। এইবিলাকৰ অভাৱ হলেও চুলি পকিব পাৰে।( Assamese Health Tips )
এই তিনিটা কাৰণৰ উপৰিও অন্য কিছুমান কাৰণটো চুলি পকা দেখা যায় । যেনে-

🍀থাইৰয়ডৰ সমস্যা, মেলেৰিয়া, টাইফয়দ, কিডনিৰ অসুখ, এজমা, ডায়েবেটিচ আদিতো কেতিয়াবা অস্থায়ী ভাবে চুলি পকিব পাৰে। পিছত লাহে লাহে কমিও যায়।

🍀🍀🍀 এতিয়া আহো অকালপক্কতা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? আমি জনা উচিত যে ‘ prevention is the best treatment’। অৰ্থাৎ যিটো কাৰণত চুলি পকিছে সেইটো কাৰণ আগতে নাইকিয়া কৰিব লাগিব । তেতিয়া এই সমস্যাত সুফল পাব পাৰি।
আপোনাৰ যদি প্ৰদূষণৰ বাবে চুলি পকিছে তেন্তে আপোনাৰ বাহিৰলৈ ওলাই যাওঁতে চুলিখিনি ৰ’দ ,বতাহৰ পৰা ৰক্ষা কৰিব লাগিব। এখন স্কাৰ্ফ দি চুলিখিনি মেৰাই লব পাৰে। বাইক চলোৱা সকলে বিশেষ গুৰুত্ব দিব লাগে।
চিগাৰেট সেৱন কৰা ব্যক্তিয়ে চিগাৰেট কমাই খোৱাৰ অভ্যাস কৰিব লাগিব।

🍀ষ্ট্ৰেছৰ বাবে যদি চুলি পকিছে তেন্তে ষ্ট্ৰেছ কম কৰিবৰ বাবে যোগ, প্রানায়ম, মেডিটেছন আদিৰ সহায় লওক।

🍀টোপনি ভালকৈ মাৰিবলৈ চেষ্টা কৰক। দৈনিক 7 ঘণ্টা বা 8 ঘণ্টাকৈ শুবলৈ চেষ্টা কৰক।

🍀পুষ্টিহীনতাৰ বাবে চুলি পকিলে সুষম আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিব লাগিব। প্ৰটিন, আইৰণ, কেলচিয়াম, ভিটামিন যুক্ত আহাৰ গ্ৰহণ কৰিব লাগিব। লগতে প্রয়োজন হ’লে ডাক্তৰৰ পৰামৰ্শ অনুসৰি ভিটামিন বা আইৰণ supplement লব লগা হবও পাৰে।

🍀 ডায়েটিংৰ ফলত যদি চুলি পকিছে তেন্তে অভিজ্ঞ ডায়েটিছিয়ানৰ পৰামৰ্শ লৈ সুষম আহাৰ গ্ৰহনত গুৰুত্ব দিব লাগিব।

🍀কিবা ৰোগৰ বাবে যদি চুলি পকিছে তেন্তে সেই ৰোগৰ চিকিৎসা অতি সোনকালে কৰা উচিত।

🍀🍀🍀চুলি পকা সমস্যাত বাবে বিভিন্ন টিপছ হৈছে-

🍀🍀দৈনিক তিনি চাৰি লিটাৰ পানী সেৱন কৰিবলৈ চেষ্টা কৰিব লাগে।

🍀🍀সুষম, সন্তুলিত আহাৰ গ্ৰহণৰ লগতে দৈনিক শাৰীৰিক পৰিশ্ৰম বা exercise কৰিবলৈ লওক। ই দেহত তেজৰ চলাচল ভাল কৰে আৰু চুলিতো পুষ্টি যোগোৱাত সহায় কৰে।
চুলিৰ গুৰিত নিয়মিত ভাৱে তেলৰ মাছাজ দিয়ক। ই চুলিৰ গুৰিত তেজ চলাচল বৃদ্ধি কৰি পুষ্টিসাধন কৰাত সহায় কৰিব।

🍀চুলিখিনি পৰিস্কাৰ কৰি ৰাখক, বিশেষকৈ চুলিৰ গুৰিৰ scalpe অংশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে।

🍀মাত্ৰাধিক পৰিমাণে শ্বেম্পু কৰিলেও চুলিৰ ক্ষতি হয়। এনে কৰিলে চুলিৰ যিটো নেচাৰেল অইল থাকে সেইটো নষ্ট হৈ চুলিৰ হানি হ’ব পাৰে।

🍀চুলিত কালাৰ বা, straightening কৰোঁতেও সাৱধান হোৱা উচিত। যিসকলে এইবোৰ কৰে তেওঁলোকৰ চুলিৰ বাবে বিশেষ কিছুমান শ্বেম্পু ব্যৱহাৰ বা অন্য ট্ৰিটমেণ্ট কৰিব লগা হয় আৰু সেইবোৰ নকৰিলে চুলিৰ ক্ষতি হব পাৰে। গতিকে অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক।

🍀 এইবিলাকৰ উপৰিও আয়ুৰ্বেদিক চিকিৎসাত বিভিন্ন ঔষধি আৰু কিছুমান হেয়াৰ অইল আছে যিবোৰ ব্যৱহাৰ কৰিলে চুলিৰ এনে সমস্যা প্ৰতিৰোধ কৰিব পৰা যায়। এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লওক আৰু নিশ্চয় উপকৃত হব

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

You May Also Like

More From Author