ক্ৰোধ এখন তীক্ষ্ণ তৰোৱালৰ দৰে….

1 min read

আমাৰ হাঁহি উঠে, ভাল লাগে, ফূৰ্ত্তি লাগে , খং উঠে, দুখ লাগে , ভয় লাগে এই বিলাক মনৰ ভাব। এই বিলাকৰ ভিতৰত ক্ৰোধ বা খং অতি হানিকাৰক। ( Religious Studies )

সেয়ে মহৰ্ষী বাল্মিকীয়ে লিখিছে —

क्रोधः प्राणहरः शत्रु: क्रोधो मित्रमुखी रिपुः।

क्रोधो हि असिर्महातीक्ष्णः सर्वं क्रोधोपकर्षति।।

(বাল্মিকী ৰামায়ণ-উত্তৰ কাণ্ড -৭১)

অৰ্থাৎ–

ক্ৰোধ প্ৰাণ নাশ কৰিব পৰা শত্ৰুৰ সমান আৰু বন্ধুৰ ভিতৰত শত্ৰুতা হোৱাৰো কাৰণ । ক্ৰোধ এখন তীক্ষ্ণ তৰোৱালৰ দৰে যি সকলোকে অপমানিত কৰি হানি কৰিব পাৰে।

মানুহৰ ব্যক্তিত্বত ক্ৰোধ তিনিটা কথাত হয়– এটা অহং ভাবৰ বাবে, দ্বিতীয়তে জন্ম কুণ্ডলীত গ্ৰহৰ স্থানৰ বাবে আৰু তৃতীয়তে ঘৰত কিবা নাকাৰাত্মক উৰ্জা থাকিলে। ইয়াৰ প্ৰথম দুটাত ক্ৰোধিত ব্যক্তিয়ে নিজৰ চেষ্টাৰ বলত ক্ৰোধ নোহোৱা কৰিব পাৰে। তাৰ বাবে লাগে সংযম , ধৈৰ্য্য আৰু আনৰ গুণক প্ৰসংশা কৰিব পৰা গুণ।

সনাতন ধৰ্মত সকলো কামৰে সমাধান আছে। সকলো দোষ নিবাৰণৰ উপায় আছে—-

১) গণেশ দেৱতাক উপাসনা কৰিলে মানুহৰ সকলো দুখ দূৰ হোৱাৰ লগতে গণেশ ভগৱানে মানুহৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। গণেশ দেৱতাক অতি সহজে সন্তুষ্ট কৰিব পাৰি। তাৰ বাবে বিশেষ পূজা পদ্ধতি নকৰিলেও হয়। দৈনিক ১০৮ বাৰ ‘ ওঁম গং গণপতয়ে নমঃ ‘

মন্ত্ৰ জপ কৰি গণেশ দেৱতাৰ পৰা সুদৃষ্টি পাব পাৰি।

গণপূজ্যো বক্ৰতুণ্ড একদংষ্ট্ৰী ত্ৰিয়ম্বকঃ ।

নীলগ্ৰীৱো লম্বোদৰো ৱিকটো ৱিঘ্ৰৰাজক।।

ধূম্ৰৱৰ্ণোং ভালচন্দ্ৰো দশমস্তু ৱিনায়কঃ ।

গণপৰ্তিহস্তিমুখো দ্বাদশাৰে য়জেদ্ৰণম ।।

এই মন্ত্ৰত গণেশ দেৱতাৰ বাৰটা নাম আছে । এই মন্ত্ৰ প্ৰতিদিনে যিকোনো সময়তে ১১ বাৰ জপ কৰিলে মন সংযম ৰাখিব পাৰে আৰু সকলো অশান্তি দূৰ হয়। গণেশ দেৱতাই গ্ৰহ দোষ নিবাৰণ কৰে ।

২) খং থকা ব্যক্তিয়ে সূৰ্য্যক অৰ্ঘ দিলে মনৰ ভিতৰৰ জুই দমন কৰিবৰ বাবে শক্তি পায়।

৩) হনুমান চালীসা পাঠ কৰিলে গ্ৰহ দোষ নিবাৰণ হয় ।

৪) স্ফটিকৰ (Crystal) মন আৰু স্নায়ু ঠাণ্ডা ৰখাৰ গুণৰ বাবে ইয়াৰ মালা ডিঙিত পিন্ধা হয়। স্ফটিকৰ মালালৈ গনেশ দেৱতাৰ মন্ত্ৰ বা গায়ত্ৰী মন্ত্ৰ জপ কৰিলে ক্ৰোধ দমন হয়। মন শান্ত থাকে। ( Religious Studies )

৫) সন্তানৰ যদি কথাই কথাই খং উঠে তেন্তে এটা মাতিৰ সৰু কলহত চফ ভৰাই সন্তানৰ মূৰৰ ওপৰত সাত বাৰ ঘূৰাই নিৰ্জন ঠাইত ঘৰৰ পৰা দূৰত মাটিত পুটি দিব লাগে। এনে কৰিলে সন্তানৰ ওপৰত নাকাৰাত্মক উৰ্জাৰ প্ৰভাৱ নাইকিয়া হব।

৬) কোনো ব্যক্তিৰ যদি কথাই কথাই খং উঠে আৰু সৰু সৰু কথাত কাজিয়া লাগে তেন্তে তেওঁ নিজে তামৰ ঢাকন থকা সৰু পাত্ৰ এটাত গোটা মগু ভৰাই ২৭ দিন ৰাখি পানীত উটুৱাব লাগে ।

৭) ১১ টা শনিবাৰে মাটি দাইল দান কৰিলে গ্ৰহ দোষ কাটিব।

৮) ঘৰৰ কাষত কাঠ বৰষুণত তিতি থাকিলে তাৰ পৰা নাকাৰাত্মক উৰ্জা বাহিৰ হয়। ঘৰৰ ভিতৰত পুৰনি জোতা সোমাই থাকিলে বাহিৰলৈ উলিয়াই দিব লাগে। পুৰনি জোতাৰ পৰা বহুত নাকাৰাত্মক উৰ্জা বাহিৰ হৈ মানুহৰ মানসিকতাত প্ৰভাৱ পেলায়।

৯) ঘৰ মোছা পানীত অলপ নিমখ দিলে ঘৰৰ পৰা নাকাৰাত্মক উৰ্জা নাইকিয়া হয়। এই কাম বৃহস্পতি বাৰে কৰিব নালাগে। এই কাম কেৱল খং উঠা মানুহৰ ঘৰতে নহয় সকলো মানুহৰ ঘৰতেই কৰিব লাগে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author