দৈনন্দিন তালিকাত আনক এই ৬টা পৰিৱৰ্তন; আপুনিও হ্ৰাস কৰিব পাৰিব ওজন

1 min read

ক্ষীণ, ফিট আৰু আকৰ্ষণীয় শৰীৰ কোনে নিবিচাৰে। সেয়া পুৰুষেই হওক বা মহিলাই হওক।

এই আশা পূৰ্ণ কৰাৰ প্ৰথমটো খোজ ‘ওজন হ্ৰাস’ৰ বাবে সকলোৱে কিবা নহয় কিবা কৰিয়েই থাকে।

ঘৰুৱা বিধিৰ পৰা আৰম্ভ কৰি চিকিত্সকৰ চিকিত্সা সকলো অৱলম্বন কৰা হয় কিন্তু শেষত ফলাফল শূণ্যই ওলাই।

এইটো এইকাৰণে হয় কাৰণ ওজন হ্ৰাস কৰিবলৈ কেৱল ব্যায়ামে নহয় উচিত দৈনন্দিন তালিকা অৰ্থাৎ ডেইলী ৰুটিন অৱলম্বন কৰাটোও আৱশ্যক।

যদি আপুনি পুৱাৰ পৰা সন্ধিয়ালৈ ভুল দৈনন্দিন তালিকা অৱলম্বন কৰে, তেন্তে শাৰীৰিক ব্যায়াম বা ডাইটিং কৰাৰ পিছতো আপোনাৰ ওজন হ্ৰাস নহ’ব।

আপুনি আমা দিয়া দৈনন্দিন তালিকা অনুসৰণ কৰক আপোনাৰ ওজন হ্ৰাস হোৱাটো নিশ্চিত।

১. শুৱা আৰু উঠাৰ নিৰ্ধাৰিত সময়
নিশা সোনকালে শুৱা আৰু পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক।

শুৱা আৰু শুই উঠাৰ এটা সময় নিশ্চিত কৰক, ঠাতে আপোনাৰ টোপনিত কোনোধৰণৰ সমস্যা নহয়।

ওজন হ্ৰাস কৰিবলৈ আৰু সু-স্বাস্থ্য লাভ কৰিবলৈ প্ৰয়োজন ৬-৭ ঘণ্টাৰ ভাল আৰু গভীৰ টোপনিৰ।

ইয়াৰ জৰিয়তে আপুনি ৰিফ্ৰেছ অনুভৱ কৰিব। যদি আপোনাৰ নিশা বহু দেৰিলৈকে সাৰে থকাৰ অভ্যাস আছে তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাৰ বাবে বহুকেইটা মানসিক আৰু শাৰীৰিক সমস্যাই দেখা দিব পাৰে।

২. মুখ ধোৱক আৰু পানী খাওক
পুৱা টোপনিৰ পিছত উঠাৰ পিছত পোনপ্ৰথমে সাধাৰণ পানী চকুত ছটিওৱাবক আৰু খালী পেটত ২ গিলাচ পানী খাওক।

পানীৰে আপোনাৰ শৰীৰ হাইড্ৰেট হৈ থাকে আৰু পেট চাফা হৈ থাকে।

যদি আপুনি আপোনাৰ পেটত জমা হৈ থকা চৰ্বি হ্ৰাস হোৱাটো বিচাৰে, তেন্তে এগিলাচ কুহুমীয়া পানীত আধা নেমুৰ ৰস আৰু এচামুচ মৌ মিহলাই খাওক।

ইয়াৰ জৰিয়তে জমা হৈ থকা চৰ্বি হ্ৰাস হ’ব আৰু ওজন হ্ৰাস কৰাত সহায়ক হ’ব।

৩. শৌচ ক্ৰিয়া কৰক
পানী খোৱাৰ পিছত শৌচালয়ত যোৱাৰ পিছত আপোনাৰ পেটটো ভালদৰে চাফা হ’ব আৰু মলত্যাগত সমস্যাৰ সৃষ্টি নহ’ব।

ইয়াৰ জৰিয়তে আপোনাৰ স্বাস্থ্যও ভাল হৈ থাকিব আৰু ফ্ৰেছ অনুভৱ কৰিব।

৪. শাৰীৰিক ব্যায়াম কৰক
শৌচৰ পিছত অলপ খোজকাঢ়ক আৰু প্ৰায় আধা ঘণ্টা সময় শাৰীৰিক ব্যয়াম কৰক।

ওজন হ্ৰাস কৰিবলৈ শাৰীৰিক ব্যয়াম কৰাটো যথেষ্ট আৱশ্যক।

ইয়াৰ বাবে আপুনি আপোনাৰ আশে-পাশে থকা জিমত যাওক বা ঘৰতে যোগাসন কৰক বা ব্যায়াম কৰক।

৫. আহাৰত মনোযোগ দিয়ক
ওজন হ্ৰাস কৰিবলৈ আৱশ্যক হয় যে আপুনি আপোনাৰ আহাৰ গ্ৰহণত মনোযোগ দিয়ক।

পুৱাৰ আহাৰ প্ৰ’টিন আৰু পুষ্ঠিকৰ উপাদানপূৰ্ণ হোৱাটো আৱশ্যক।

ইয়াৰ বাবে আহাৰত ফল, জুইচ, কণী, ব্ৰেড, অটছ্, পোহা আদি গ্ৰহণ কৰিব পাৰে। খাদ্যত যিমান পাৰে সেউজীয়া শাক-পাচলি, কেঁচা চালাদ, দাইল আৰু মোটা শস্য খাওক।

চাহ আৰু কফীৰ পৰিমান হ্ৰাস কৰক। এইটো মনত ৰাখিব যে গোটেই দিনটো খাই নাথাকিব আৰু নিশাৰ আহাৰ শুৱাৰ প্ৰায় ২-৩ ঘণ্টাৰ পূৰ্বে খাই লওক।

সমগ্ৰ দিনটোত পানী খাওক আৰু ইয়াৰ দ্বাৰা আপোনাৰ ভোক নালাগিব আৰু শৰীৰো হাইড্ৰেট হৈ থাকিব।

৬. নিশাৰ আহাৰৰ পিছত খোজকাঢ়ক
নিশাৰ আহাৰৰ পিছত বহি টিভি চোৱা, বাগৰি থকা বা শুই যোৱাৰ পৰা বিৰত থাকক।

নিশাৰ আহাৰ গ্ৰহণৰ পিছত প্ৰায় ১৫-২০ মিনিট খোজকাঢ়ক।

আহাৰ গ্ৰহণৰ ৩০-৩৫ পিছতহে পানী খাওক। এইদৰে নিয়মসমূহ পালন কৰিলে আপোনাৰ নিশ্চয়কৈ ওজন হ্ৰাস পাব।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

You May Also Like

More From Author