ব্যৱসায়ীক প্ৰতিষ্ঠান, G+2 আৱাসত সংযোগ কৰিব লাগিব চিচিকেমেৰা

1 min read

জনতাৰ সুৰক্ষা আৰু সাৱধানতাক লৈ ৰাজ্য চৰকাৰৰ নতুন আইন ৷ অসম বিধানসভাত পাৰিত দ্য আছাম পাব্লিক ছেফটি (মেজাৰছ) এনফৰ্চমেণ্ট বিল, ২০২৩ ৷

পাঁচ গৰাকী নিয়োগ থকা ব্যৱসায়ীক প্ৰতিষ্ঠান, আৰু G+2 আৱাসীক এলেকাত এতিয়া পৰা সংস্থাপন হব লাগিব চিচিকেমেৰা ৷ চাৰ্ভাৰত ৩০ দিনৰ ফুটেজ মজুত থাকিব লাগিব ৷ যিকোনো মূহুৰ্তত আৰক্ষীয়ে বিচাৰিলে দিব লাগিব ফুটেজ ৷ ৰাজ্য চৰকাৰে ২ শ কোটি টকা ব্যয় সমগ্ৰ গুৱাহাটী মহানগৰীত সংস্থাপন কৰিব লোৱা CCTVৰ সমান্তৰালকৈ দ্য আছাম পাব্লিক ছেফটি (মেজাৰছ) এনফৰ্চমেণ্ট বিল, ২০২৩ যে সুৰক্ষাত ল’ব বিশেষ মাত্ৰা ৷ যি আইনক লৈ আদৰণি শাসক বিৰোধীৰ ৷ অৱশ্যে এই আইনে আৰক্ষীক বেছি ক্ষমতা প্ৰদান কৰাৰ সন্দেহ ৷ CCTV চোৱাৰ নামত আৰক্ষীয়ে ক্ষমতা অপব্যৱহাৰ কৰাৰ শংকা ৷ একেদৰে কংগ্ৰেছৰ ভৰত নৰহে আইনখনৰ সন্দৰ্ভত দিলে কিছু পৰামৰ্শ ৷ দুই এক ক্ৰুটিৰ বিপৰীতে সামগ্ৰীক ভাৱে আইনখনক প্ৰশংসা লাভ ৷ এতিয়া প্ৰশ্ন হৈছে চিচি টিভিৰ ওপৰত নিৰ্ভৰ আৰক্ষীয়ে কিমান ঘটনা সঠিকভাৱে পোহৰলৈ আনিবলৈ সক্ষম হয়, সেয়া হয়টো সময়ত লক্ষণীয় হব ৷

You May Also Like

More From Author