এবাৰৰ কথা, সন্ধিয়া হ’ব হৈছিল। শীতল বতাহ বলি আছিল। ৰাম সেতুৰ ওচৰত ভগৱান ৰামৰ ধ্যানত হনুমান নিমজ্জিত আছিল। ধ্যানত থকা হনুমানৰ বাহ্যিক পৃথিৱীৰ কোনো জ্ঞানো নাছিল। সেই সময়তে, সূৰ্যৰ পুত্ৰ শনি ৰাম সেতুৰ পাৰত খোজ কাঢ়ি আছিল। তেওঁৰ নিজৰ ক্ষমতা আৰু শক্তিক লৈ অহংকাৰ আছিল। তেওঁ মনে মনে চিন্তা কৰি আছিল “মোৰ অতুলনীয় শক্তি আছে। এই সৃষ্টিত মোৰ মুখামুখি হ’ব পৰা কোনো নাই।সংঘৰ্ষৰ কথায়ে নাহে, মই অহাৰ শব্দ শুনিলে কেৱল মহান ৰণ কৰা সকল আৰু শক্তিশালী মানুহেই নহয়, দেৱতা আৰু ৰাক্ষসবোৰো কঁপবলৈ ধৰে। মই কি কৰা উচিত, মই কাৰ ওচৰলৈ যাওঁ, য’ত মই নিজৰ পৰাক্ৰম দেখাব পাৰোঁ।মই মোৰ শক্তিক ভালকৈ ব্যৱহাৰেই কৰিব পৰা নাই।
যেতিয়া শনিদেৱে এই কথাটো বিবেচনা কৰি আছিল, তেতিয়াই তেওঁৰ দৃষ্টি শ্ৰীৰামৰ ভক্ত হনুমানৰ ওপৰত পৰিছিল। তেওঁ হনুমানৰ সৈতে যুঁজিবলৈ দৃঢ় সংকল্প ল’লে আৰু হনুমানৰ ওচৰলৈ গ’ল।হনুমানৰ ওচৰলৈ গৈ অত্যাধিক অভদ্ৰতাৰ পৰিচয় দি,শনিদেৱে অতি কৰ্কশ কণ্ঠত ক’লে, “বান্দৰ। মই মহাশক্তিশালী শনি তোমাৰ সন্মুখত উপস্থিত হৈ আছোঁ। মই তোমাৰ লগত যুদ্ধ কৰিব বিচাৰোঁ।নিজৰ কাম নাইকীয়া ধ্যান বাদ দিয়া আৰু উঠি মোৰ লগত যুদ্ধ কৰা।
তিৰস্কাৰ কৰা এটা অতি তিক্ত কণ্ঠস্বৰ শুনি ভক্তৰাজ হনুমানে চকু মেলিলে আৰু শান্ত হৈ োতেওঁ সুধিলে, ” মহাৰাজ! আপুনি কোন আৰু আপুনি ইয়ালৈ অহা উদ্দেশ্য কি?
শনিয়ে অহংকাৰপূৰ্বক ভাবে ক’লে- মই পৰম তেজশ্ৰী সূৰ্যৰ পৰম শক্তিশালী পুত্ৰ শনি। মোৰ নাম শুনিলে পৃথিৱীখন কঁপি উঠে।মই তোমাৰ বাল্যকালৰ শক্তিৰ বহুতো কাহিনী শুনিছোঁ। সেইকাৰণে মই তোমাৰ শক্তি পৰীক্ষা কৰিব বিচাৰো। সাৱধান হোৱা, মই তোমাৰ ৰাশিলৈ আহি আছোঁ।
হনুমানে অতি নম্ৰতাৰে ক’লে, ‘শনি দেৱ! মই যথেষ্ট ভাগৰি আছোঁ আৰু মোৰ প্ৰভুৰ ধ্যান কৰি আছোঁ। ইয়াত বাধা নিদিব।কৃপা কৰি অন্য ঠাইলৈ যাওঁক । অহংকাৰী শনিয়ে ক’লে – মই ক’ৰবালৈ গৈ ঘূৰি আহিব নাজানো।যি ঠাইলৈ যাওঁ তাত নিজৰ প্ৰভাৱ সংস্থাপিত কৰিয়েই দিওঁ।
হনুমানে বাৰে বাৰে প্ৰাৰ্থনা কৰিছিল- ‘দেৱ’! মোৰ ভাগৰ লাগিছে। যুদ্ধ কৰাৰ ক্ষমতা নাই মোৰ। মোক মোৰ ভগৱান শ্ৰীৰামৰ স্মৰণ কৰিবলৈ দিয়ক। আপুনি ইয়াৰ পৰা যাওঁক আৰু আন এজন বীৰ যোদ্ধাক বিচাৰি লওঁক। মোৰ ভজন আৰু ধ্যানত বেয়া প্ৰভাৱ নেপেলাব।
“কাপুৰুষতাই তোমাক শুভা নিদিয়ে। গৌৰৱেৰে ভৰা শনিয়ে হনুমানক অপমান কৰি তীক্ষ্ণ মাতেৰে ক’লে – মোৰ তোমাৰ ওপৰত দয়া আহিছে, কিন্তু মই আপোনাৰ সৈতে যুদ্ধ কৰিমেই। কেৱল সেয়াই নহয়, শনিয়ে হনুমানৰ হাতখন ধৰি ল’লে আৰু তেওঁক যুদ্ধৰ বাবে প্ৰত্যাহ্বান দিবলৈ ধৰিলে।
হনুমানে জোঁকাৰি নিজৰ হাতখন এৰোৱাই আনিলে। শনিৰ আকৌ হনুমানৰ হাতখন ধৰি যুদ্ধ কৰিবলৈ টানিবলৈ আৰম্ভ কৰিলে। আপুনি নামানে ন। বুলি কৈ হনুমানে লাহেকে নিজৰ নেজডাল আগবঢ়ায় তাত শনিক মেৰিয়াবলৈ আৰম্ভ কৰিলে। শনিয়ে তাৰ পৰা পৰিত্ৰাণ পাবলৈ যথাসাধ্য চেষ্টা কৰিলে। তেওঁৰ অহংকাৰ, শক্তি সকলোবোৰ ব্যৰ্থ বুলি প্ৰমাণিত হ’ল। তেওঁ অসহায় হৈ বন্ধনৰ বেদনা চিঞৰি আছিল।
“এতিয়া ৰাম-সেতু পৰিক্ৰমা কৰাৰ সময়”।হনুমান উঠিল আৰু ৰাম-সেতুৰ চাৰিওফালে দৌৰিবলৈ আৰম্ভ কৰিলে। শনি দেৱে সম্পূৰ্ণ শক্তিৰেও তেওঁৰ বান্ধোন শিথিল কৰিব নোৱাৰিলে। হনুমানৰ বিশাল নেজ দৌৰি থকাৰ ফলত বান্দৰ আৰু ভালুকৰ দ্বাৰা ৰখা শিলবোৰত খুন্দা খাবলৈ ধৰিলে। হনুমানে ইচ্ছাকৃতভাৱে শিলৰ ওপৰত নেজডাল খুন্দা খোৱাই আছিল।
এতিয়া শনিৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। শিলৰ ওপৰত খুন্দা খোৱাৰ ফলত তেওঁৰ শৰীৰটো তেজৰে লুটুৰী-পুটুৰী হৈ পৰিছিল। তেওঁৰ দুখ-কষ্টৰ কোনো সীমা নাছিল আৰু দ্ৰুতবেগ, হনুমানৰ পৰিক্ৰমাত কোনো বিৰতি নাছিল। বেদনাত হতভম্ব শনিয়ে এতিয়া অতি দুখৰ সুৰত তেওঁক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে- “সহানুভূতিশীল ভক্তৰাজ! মোৰ ওপৰত দয়া কৰা। নিজৰ মূৰ্খতাৰ বাবে মই শাস্তি লাভ কৰিলোঁ। তুমি মোক মুক্ত কৰা আৰু মোৰ জীৱন ঘূৰাই দিয়া।”
দয়ামূৰ্তি হনুমান থিয় হ’ল। শনিৰ অংগবোৰ তেজেৰে লুটুৰি-পুটুৰী হৈ পৰিছিল ।তেওঁৰ শিৰাবোৰতো আনকি অসহনীয় বিষ হ’বলৈ ধৰিছিল। হনুমানে তেওঁক ক’লে, “যদি আপুনি প্ৰতিশ্ৰুতি দিয়ে যে কেতিয়াও মোৰ ভক্তৰ ৰাশিলৈ নাযায়, তেতিয়া মই আপোনাক মুক্ত কৰি দিব পাৰোঁ, আৰু যদি আপুনি ইয়াৰ পাছতো এনেকুৱা কৰে , মই আপোনাক কঠোৰ শাস্তি দিম।
“বীৰ! নিশ্চয় মই কেতিয়াও তোমাৰ ভক্তৰ ৰাশিলৈ নাযাওঁ। শনিয়ে অত্যন্ত যন্ত্ৰণাত কাতৰ হৈ আগ্ৰহেৰে প্ৰাৰ্থনা কৰিলে – এতিয়া তুমি কৃপাপূৰ্বক মোক সোনকালেই বন্ধনৰপৰা মুক্ত কৰা।
ভক্ত হনুমানে শনিক এৰি দিলে। শনিয়ে নিজৰ আঘাতপ্ৰাপ্ত শৰীৰটোক সম্ভালী হনুমানৰ ভৰিত প্ৰণাম কৰিলে আৰু আঘাতৰ বেদনাত ব্যাকুল হৈ শৰীৰত লগাবলৈ তেল বিচাৰিলে। তাৰ পিছত তেওঁক যিয়ে তেল প্ৰদান কৰে, তেওঁ সন্তুষ্টিৰে সেইসকলক আশীৰ্বাদ প্ৰদান কৰে। কোৱা হয় যে সেইকাৰণে এতিয়া ও শনিদেৱক তেল অৰ্পণ কৰা হয়।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।