মাতা সতীৰ ৫১ খন শক্তিপীঠ কত কত আছে জানি লওঁক

1 min read

পুৰাণৰ মতে দেৱী সতীৰ শৱতোৰ বিভিন্ন অংগৰে শক্তিপীঠৰ নিৰ্মাণ হৈছে। ইয়াৰ মূলত এক বিশেষ কথা আছে। ( Religious Studies )

দেৱী সতীয়ে তেওঁৰ পিতা ৰজা দক্ষৰ বিৰুদ্ধে গৈ ভগবান শিৱৰ লগত প্ৰেম বিবাহ কৰিছিল। যাৰ প্ৰতিশোধ লবলৈ প্রজাপতি দক্ষই বৃহস্পতি সৰ্বনামৰ যজ্ঞৰ আয়োজন কৰিছিল। সেই যজ্ঞত ব্ৰহ্মা, বিষ্ণু,ইন্দ্ৰৰ সহিতে সকলো দেৱী দেৱতাক আমন্ত্ৰণ জনালে। কিন্তু তেওঁ ভগবান শিৱ আৰু তেওঁৰ কন্যা সীতাক নিমন্ত্ৰণ নজনালে। মহাদেৱে মানা কৰাৰ পাছতো দেৱী সতীয়ে সেই যজ্ঞত অংশগ্ৰহণ কৰিলে। যজ্ঞষ্ঠলিত সতীয়ে দেউতাকক মহাদেৱক নিমন্ত্ৰণ নকৰাৰ কাৰণ সুধিলে। তেতিয়া দক্ষই খঙত মহাদেৱক অপশব্দ কলে। এই অপমানক সতীয়ে সহিব নোৱাৰিলে আৰু অগ্নিকুণ্ডত জাপ দি নিজৰ প্ৰাণৰ আহুতি দিলে। ভগবান শিৱই যেতিয়া এই দুৰ্ঘটনাৰ কথা গম পালে তেওঁ তেতিয়া তাণ্ডৱ কৰিলে

খঙত ভগবান শিৱই ৰজা দক্ষৰ শিৰচ্ছেদ কৰিলে। তাৰ পাছত শিৱই সতীৰ পাৰ্থিৱ শৰীৰ কোলাত তুলি পৃথিৱীত ভ্ৰমণ কৰি কৰি তাণ্ডৱ কৰিব ধৰিলে। তেতিয়া সম্পূৰ্ণ বিশ্বক প্ৰলয়ৰ পৰা বচাবলৈ ভগবান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে দেৱী সতীৰ শৰীৰটোক কেইবাটাও টুকুৰা কৰি কাটি দিলে। সেই টুকুৰাবোৰ যিবোৰ ঠাইত গৈ পৰিল সেইসমূহ ঠাই শক্তিপীঠ নামেৰে কোৱা হল। এই শক্তিপীঠ সম্পূৰ্ণ ভাৰতীয় মহাদিপত বিস্তাৰিত হৈ আছে। ভাগৱতত ১০৮ আৰু গীতাত ৭২ শক্তিপীঠৰ বিষয়ে কোৱা হৈছে। আনহাতে দেৱী পুৰাণত ৫১ শক্তিপীঠৰ বিষয়ে কোৱা হৈছে।

আহকচোন এতিয়া জানি লও কোনটো অংগ কত গৈ পৰিল আৰু কি ঠাইৰে নামাংকিত হল ।

প্ৰথম শক্তিপীঠ হৈছে হিঙগোলিয়া হিং লা শক্তিপীঠ যি পাকিস্তানৰ কৰাছিৰ পৰা প্ৰায় ১২৫ কিঃমিঃ পূৰ্বত স্থিত যত দেৱীৰ শিৰৰ উপৰৰ অংশ পৰিছিল। ইয়াত দেৱী কোঠৰী নামেৰে স্থাপিত।দ্বিতীয় শক্তিপীঠ ‘চৰকৰে’ কৰাচি পাকিস্তানৰ সুকৰ ষ্টেচনৰ ওচৰত অৱস্থিত। ইয়াত দেৱীৰ চকুজুৰি পৰিছিল আৰু তেওঁক তাত মহেশ মৰগিনী বুলি কোৱা হয়। লগতে এইটোও কোৱা হয় যে দেৱী সতীৰ দ্বিতীয় চকু বিলাশপুৰ হিমাচল প্ৰদেশত গৈ পৰিছিল যত নেইনা দেৱীৰ মন্দিৰৰ নিৰ্মান হল। তৃতীয় শক্তিপীঠ হৈছে সুগন্ধ শক্তিপীঠ। ই বাংলাদেশত চিকাৰ পূৰৰ পৰা ২০ কিঃমিঃ দূৰত অৱস্থিত। ইয়াত দেৱীৰ নাস্তিকা পৰিছিল আৰু তেওঁৰ নাম হৈছে সুনন্দা।

৪ নম্বৰ শক্তিপীঠ হৈছে – অমৰনাথ শক্তিপীঠ। ই অমৰনাথ পেহেল গাওঁ কাশ্মীৰত স্থিত যত দেৱীৰ গাল গৈ পৰিছিল। তেওঁ তাত মহামায়াৰ নামেৰে স্থিত।

৫ নম্বৰ শক্তিপীঠ হৈছে- জ্বালা জি।

কাংগৰ হিমাচল প্ৰদেশত আছে যত দেৱীৰ জিভা পৰিছিল। তেওঁ ইয়াত অম্বিকা নামেৰে প্ৰসিদ্ধ।

৬ নম্বৰ শক্তিপীঠ হৈছে- জালন্ধৰ শক্তিপীঠ, যি জালন্ধৰ পাঞ্জাৱত অৱস্থিত। ইয়াত দেৱীৰ বাওঁ বক্ষ পৰিছিল। তেওঁ ইয়াত তৃপুৰ মালিনী নামেৰে জনাজাত।

৭ নম্বৰ শক্তিপীঠ হৈছে- অম্বা জি মন্দিৰ। ই গুজৰাটত অৱস্থিত আৰু ইয়াত দেৱীৰ হৃদয় পৰিছিল আৰু তেওঁ অম্বা যি নামেৰে প্ৰসিদ্ধ হল।

৮ নম্বৰ শক্তিপীঠ হৈছে- কুহেশ্বৰী শক্তিপীঠ। ই নেপালৰ কাঠমাণ্ডুৰ পশুপতি নাথ মন্দিৰৰ ওচৰত স্থিত।এই স্থানত দেৱী সতীৰ দুয়োটা আঁঠু পৰিছিল। ইয়াত তেওঁক মহামায়াৰ ৰূপত পূজা কৰা হয়।

৯ নম্বৰ শক্তিপীঠ হৈছে- মানস, কৈলাখ পৰ্বত মানসৰুবৰৰ তিব্বতৰ নিকট এক শিলাকাৰ ৰূপে স্থিত। ইয়াত তেওঁৰ সোঁ হাত গৈ পৰিছিল যাৰ ফলত তেওঁক টকচায়িনী বুলি কোৱা হল।

১০ নম্বৰ শক্তিপীঠ হৈছে-

বিৰাজ উৎকল শক্তিপীঠ। ই উৰিষ্যাৰ পুৰি আৰু ইয়াছপুৰত অৱস্থিত। ইয়াত সতীৰ নাভিটো গৈ পৰিছিল।ইয়াত তেওঁ বিমলা ৰূপেৰে প্ৰসিদ্ধ।

১১ নম্বৰ শক্তিপীঠ হৈছে-

কণ্ডিকা নদীৰ পাৰত পৌষৰা নেপালৰ মুক্তিনাথ মন্দিৰত তেওঁৰ মস্তিষ্ক গৈ পৰিলে আৰু তেওঁক ইয়াত কণ্ডিকা ছন্দী বুলি কোৱা হয়।

১২ নম্বৰ শক্তিপীঠ হৈছে-

বৌহলা শক্তিপীঠ, ই পশ্চিম বঙ্গলৰ কঠওয়া ৰেল ষ্টেচনৰ ওচৰত কেটোগ্ৰামত অৱস্থিত । ইয়াত সতীৰ বাওঁ বাহু পৰিছিল। ইয়াৰ শক্তি বহুলা হয়।

১৩ নম্বৰ শক্তিপীঠ হৈছে-

বৰ্ধমান জিলাৰ পশ্চিম বংগত ই অৱস্থিত। যত দেৱীৰ সোঁ হাতৰ এৰিয়া পৰিছিল আৰু ইয়াত তেওঁক চন্দ্ৰিকা দেৱীৰ নামেৰে জনা যায়।

১৪ নম্বৰ শক্তিপীঠ হৈছে-

তৃপুৰী সুন্দৰী শক্তিপীঠ।

ই ত্ৰিপুৰাৰ ৰাধা কিশোৰ গ্রামত গৈ পৰিছিল। ইয়াত তেওঁক তৃপুৰ সুন্দৰী বুলি জনাজাত।

১৫ নম্বৰ শক্তিপীঠ হৈছে-

সত্তল শক্তিপীঠ, ই বাংলাদেশৰ সৎ গাওঁত অৱস্থিত। ইয়াত দেৱীৰ সোঁ ভোজা গৈ পৰিছিল। ইয়াত তেওঁক ভৱানীৰ ৰূপত পূজা কৰা হয়।

১৬ নম্বৰ শক্তিপীঠ হৈছে- ত্ৰিশ টুতা শক্তিপীঠ, ই পশ্চিম বংগৰ জলফাইগুৰি ত অৱস্থিত। ইয়াত তেওঁক ভ্ৰমৰীৰ ৰূপত পূজা কৰা হয়।

১৭ নম্বৰ সক্তিপীঠ হৈছে- কামাখ্যা শক্তিপিঠ, ই অসম গুৱাহাটীৰ নিলাচল পৰ্বতত অৱস্থিত। ইয়াত তেওঁৰ যোনি পৰিছিল আৰু ইয়াত তেওঁক কামাখ্যা মাৰ ৰূপত পূজা হয়।

১৮ নম্বৰ শক্তিপীঠ হৈছে-

যোগাতা শক্তিপীঠ, ই পশ্চিম বংগৰ বৰ্ধমান জিলাৰ শিৰগ্ৰামত অৱস্থিত। ইয়াত তেওঁৰ সোঁ ভৰিৰ আঙুলি পৰিছিল। ইয়াত তেওঁক যোগ্যাৰা নামেৰে পূজা হয়।

১৯ নম্বৰ শক্তিপীঠ হৈছে-

কালি মন্দিৰৰ নামেৰে বিখ্যাত এই শক্তিপীঠ পশ্চিম বংগ কলকাতাৰ কালীঘাটত অৱস্থিত। ইয়াত তেওঁৰ আঙুলি সমূহ পৰিছিল। ইয়াত তেওঁক কালিকাৰ ৰূপেৰে পূজা হয়।

২০ নম্বৰ শক্তিপীঠ হৈছে-

প্ৰয়াগ শক্তিপীঠ, ই উত্তৰ প্ৰদেশৰ এলাহাবাদত অৱস্থিত। ইয়াত দেৱীৰ হাতৰ আঙুলি পৰিছিল। ইয়াত তেওঁক ললিতাৰ ৰূপত পূজা কৰা হয়।

২১ নম্বৰ শক্তিপীঠ হৈছে-

জয়ন্তী শক্তিপীঠ, ই মেঘালয়ৰ জয়ন্তী পাহাৰত স্থিত। ইয়াত দেৱীৰ বাওঁ জা‌ং পৰিছিল আৰু তেওঁক ইয়াত জয়ন্তী বুলি কোৱা হয়।

২২ নম্বৰ শক্তিপীঠ হৈছে- কিৰিত শক্তিপীঠ, ই পশ্চিম বংগৰ হুগলি নদীৰ পাৰত থকা লালবাগ কূটৰ অৱস্থিত আৰু ইয়াত তেওঁৰ মুকুট পৰিছিল। ইয়াত তেওঁক বিমলাৰ ৰূপত পূজা হয়।

২৩ নম্বৰ শক্তিপীঠ হৈছে- মণিকৰণিকা শক্তিপীঠ, ই কাশী, বেনাৰশ উত্তৰ প্ৰদেশত অৱস্থিত যত তেওঁৰ মণিকৰণিকা পৰিছিল। ইয়াত তেওঁ মণিকৰ্ণিকা আৰু বিশালাক্ষী ৰূপেৰে প্ৰসিদ্ধ।

২৪ নম্বৰ শক্তিপীঠ হৈছে-

কণ্যাকুমাৰী শক্তিপীঠ, ই কণ্যাশ্ৰম তামিলনাডুৰ কণ্যাকুমাৰী তিনি সাগৰ হিন্দু সাগৰ, আৰব সাগৰ তথা বংগৰ শাৰীৰ সংগমত স্থিত। ইয়াত দেৱীৰ পিঠি পৰিছিল আৰু ইয়াত তেওঁক শ্ৰাৱনীৰ ৰূপত পূজা কৰা হয়।

২৫ নম্বৰ শক্তিপীঠ হৈছে-

কুৰুক্ষেত্ৰ শক্তিপীঠ, ই কুৰুক্ষেত্ৰ হাৰিয়ানাত অৱস্থিত। ইয়াত তেওঁক সাৱিত্ৰীৰ ৰূপত পূজা হয়।

২৬ নম্বৰ শক্তিপীঠ হৈছে-

মনিবেদিকা শক্তিপীঠ, ই গায়ত্ৰী মন্দিৰৰ নামেৰে জনাজাত এই পিঠ ৰাজস্থানৰ পুস্কৰত অৱস্থিত । ইয়াত তেওঁক গায়ত্ৰীৰ ৰূপত পূজা হয়।

২৭ নম্বৰ শক্তিপীঠ হৈছে-

শ্ৰী শ্যাল শক্তিপীঠ, ই অন্ধপ্ৰদেশৰ কুৰনুলৰ ওচৰত অৱস্থিত। ইয়াত দেৱীক মহালক্ষ্মীৰ ৰূপত পূজা কৰা হয়।

২৮ নম্বৰ শক্তিপীঠ হৈছে-

কাঞ্চী শক্তিপীঠ, ই তামিলনাডুৰ কাঞ্চীৱৰমত অৱস্থিত। ইয়াত দেৱীৰ কংকাল পৰিছিল আৰু তেওঁক ইয়াত তিবগৰ্ভাৰ নামেৰে জনা যায়।

২৯ নম্বৰ শক্তিপীঠ হৈছে-

কালমাধৱ শক্তিপীঠ, ইয়াৰ বিষয়ে কোনো নিশ্চিত স্থান নাই। কোৱা হয় যে ইয়াত দেৱীৰ বাওঁ নিতম্ভ পৰিছিল আৰু তেওঁক ইয়াত কালিৰ ৰূপত পূজা হয়।

৩০ নম্বৰ শক্তিপীঠ হৈছে- শৌৰ শক্তিপীঠ, ই মধ্য প্ৰদেশৰ অমৰ কণ্টকৰ নৰ্মদাৰ মন্দিৰ শৌৰ শক্তিপিঠ অৱস্থিত। ইয়াত দেৱীৰ দক্ষিণ নিতম্ভ পৰিছিল। ইয়াত নৰ্মদা নদীৰ বাবে তেওঁক দেৱী নৰ্মদাৰ ৰূপত পূজা হয় ।

( Religious Studies )

৩১নম্বৰ শক্তিপীঠ হৈছে-

ৰামগিৰী শক্তিপীঠ, ইয়াৰ বিষয়েও বহুত মতভেদ আছে। কিছু লোকে ই উত্তৰ প্ৰদেশৰ চিত্ৰকোট আৰু কিছু লোকে মধ্য প্ৰদেশত অৱস্থিত বুলি কয়। ইয়াত দেৱীৰ সোঁ স্তন পৰিছিল আৰু তেওঁক ইয়াত শিৱানিৰ ৰূপত পূজা হয়।

৩২ নম্বৰ শক্তিপীঠ হৈছে- কাত্যায়িনী শক্তিপীঠ,ই বৃন্দাবন মথুৰাৰ ভূতেশ্বৰত অৱস্থিত। কাত্যায়িনী বৃন্দাবন শক্তিপীঠত সতীৰ কেশ পৰিছিল। ইয়াত তেওঁক কাত্যায়িনীৰ ৰূপত পূজা হয়।

৩৩ নম্বৰ শক্তিপীঠ হৈছে-

সুচেণ্ড্ৰম শক্তিপীঠ, ই কণ্যাকুমাৰীৰ তিনি সাগৰৰ সংগম স্থলত অৱস্থিত। ইয়াত দেৱীৰ পৃষ্ঠ ভাগ পৰিছিল। ইয়াত তেওঁক নাৰায়নীৰ ৰূপত পূজা হয়।

৩৪ নম্বৰ শক্তিপীঠ হৈছে-

পঞ্চসাগৰ শক্তিপীঠ, ইয়াত দেৱীৰ তলৰ দাঁত পৰিছিল। ইয়াত তেওঁক ৱাৰাহী ৰূপেৰে পূজা হয়।

৩৫ নম্বৰ শক্তিপীঠ হৈছে- কাৰ্টুয়া শক্তিপীঠ, ই বাংলাদেশৰ ভবাণিপুৰত অৱস্থিত। ইয়াত তেওঁক অৰ্পনা ৰূপেৰে পূজা হয়।

৩৬ নম্বৰ শক্তিপীঠ হৈছে-

শ্ৰী শ্যাল শক্তিপীঠ, ইয়াত তেওঁক মহালক্ষ্মীৰ ৰূপত পূজা হয়।

৩৭ নম্বৰ শক্তিপীঠ হৈছে-

বিভাষা শক্তিপীঠ, ই পশ্চিম বংগৰ মিদানপুৰত অৱস্থিত।এই স্থানত দেৱীৰ বাওঁ তশন্ন পৰিছিল। ইয়াত তেওঁক কপালিনীৰ নামেৰে পূজা হয়।

৩৮ নম্বৰ শক্তিপীঠ হৈছে-

চন্দ্ৰভাগা শক্তিপীঠ, ই গুজৰাটত অৱস্থিত। ইয়াত তেওঁক চন্দ্ৰভাগা ৰূপত পূজা হয়।

৩৯ নম্বৰ শক্তিপীঠ হৈছে-

ভৈৰব পৰ্বত শক্তিপীঠ, এই শক্তিপীঠৰ স্থানক লৈ বিদ্বানৰ মাজত বহুত মতভেদ আছে।কিছুলোকে গুজৰাটৰ ওচৰৰ ভৈৰব পৰ্বত আৰু কিছু লোকে মধ্য প্ৰদেশৰ বাস্তৱিক শক্তিপীঠ বুলি মানে। ইয়াত দেৱীৰ ওপৰৰ ওঁঠ পৰিছিল। ইয়াত তেওঁক অৱন্তীৰ ৰূপত পূজা হয়।

৪০ নম্বৰ শক্তিপীঠ হৈছে-

জনস্থান শক্তিপীঠ, ই মহাৰাষ্ট্ৰ নাচিকৰ পঞ্চৱতিত অৱস্থিত। ইয়াত তেওঁক ভ্ৰমনীৰ ৰূপত পূজা হয়।

৪১ নম্বৰ শক্তিপীঠ হৈছে- গুদাৱৰী তৎ শক্তিপীঠ, ই অন্ধ্ৰপ্রদেশৰ গুদাৱৰিৰ পাৰত অৱস্থিত। ইয়াত দেৱীৰ বাওঁ কাপোল পৰিছিল। ইয়াত তেওঁক ৰাগিনী ৰূপেৰে পূজা হয়।

৪২ নম্বৰ শক্তিপীঠ হৈছে- বিৰাট অম্বিকা শক্তিপীঠ, ই ৰাজস্থানৰ জয়পুৰৰ বিৰাটগ্ৰামত অৱস্থিত। ইয়াত দেৱীৰ সোঁ ভৰিৰ আঙুলিবোৰ পৰিছিল। ইয়াত তেওঁ অম্বিকা ৰূপে স্থাপিত।

৪৩ নম্বৰ শক্তিপিঠ হৈছে- মিঠিলা শক্তিপীঠ, ইয়াৰ নিশ্চিত স্থানক লৈ বহুত মতভেদ আছে। বেলেগ বেলেগ মত অনুসৰি তিনিটা স্থানত এই পিঠৰ বিষয়ে কোৱা হৈছে। নেপালৰ জনকপুৰ, বিহাৰৰ সমষ্টিপূৰ আৰু সহস্থাত দেৱীৰ বাওঁ স্কন্ধ পৰিছিল। ইয়াত তেওঁ দেৱী উমাৰ ৰূপত স্থাপিত।

৪৪ নম্বৰ শক্তিপীঠ হৈছে- ৰত্নাৱলী শক্তিপীঠ, ইয়াৰ নিশ্চিত স্থানো অজ্ঞাত। কোৱা হয় যে ই তামিলনাডুৰ চেন্নাইত অৱস্থিত। ইয়াত দেৱীদ দক্ষিণ স্কন্ধ পৰিছিল। ইয়াত দেৱীক শক্তিৰ ৰূপত পূজা হয়।

৪৫ নম্বৰ শক্তিপীঠ হৈছে-

নলহতি শক্তিপীঠ, ই পশ্চিম বংগৰ বুলপুৰত অৱস্থিত। ইয়াত দেৱীৰ উদৰ নলী পৰিছিল আৰু তেওঁক ইয়াত কালিকা ৰূপত পূজা হয়।

৪৬ নম্বৰ শক্তিপীঠ হৈছে-

বৈধনাথ শক্তিপীঠ, ই ঝাৰখণ্ডৰ গিৰীৰীত অৱস্থিত। ইয়াত দেৱীক জয় দূর্গাৰ ৰূপত পূজা হয়। ইয়াত দেৱী সতীৰ দাহ সংস্কাৰ হোৱা বুলি কোৱা হয়।

৪৭ নম্বৰ শক্তিপীঠ হৈছে- বক্রতেশ্বৰ শক্তিপীঠ, ই পশ্চিম বংগত অৱস্থিত। ইয়াত দেৱীক মহিষাক্ষুৰ মৰদিনী বুলি জনা যায়।

৪৮ নম্বৰ শক্তিপীঠ হৈছে- যৈশৌৰ শক্তিপীঠ , ই বাংলাদেশত অৱস্থিত। ইয়াত দেৱীৰ বাওঁ হাত পৰিছিল। ইয়াত দেৱীক যৌসৰেশৰী ৰূপত পূজা হয়।

৪৯ নম্বৰ সক্তিপীঠ হৈছে-

আতথা শক্তিপীঠ, ই পশ্চিম বংগৰ লাবপুৰত অৱস্থিত।ইয়াত দেৱীৰ তলৰ ওঁঠ পৰিছিল। ইয়াত দেৱীক ফুল্লাৰা ৰূপে পূজা হয়।

৫০ নম্বৰ শক্তিপীঠ হৈছে- নন্দিপুৰ শক্তিপীঠ, পশ্চিম বংগৰ সোনণ্ঠাত দেৱীৰ শৰীৰৰ কণ্ঠ হাড় পৰিছিল। ইয়াত দেৱী নন্দিনীৰ ৰূপত স্থাপিত।

৫১ নম্বৰ শক্তিপিঠ হৈছে- ইন্দ্ৰাক্ষী শক্তিপীঠ, ই লংকাত অজ্ঞাত স্থানত দেৱীৰ পায়েল পৰিছিল। মত অনুসৰি ই ত্ৰিকোৰেশৰ মন্দিৰৰ ওচৰত অৱস্থিত। ইয়াত দেৱীক ইন্দ্ৰাক্ষীৰ ৰূপত পূজা হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author