‘মোক সঞ্জীৱ সভাপণ্ডিতে বিছনাত বাগৰাই ধৰ্ষণৰ চেষ্টা কৰিছিল’, কোন লেখিকাই ছবি পৰিচালকগৰাকীৰ বিৰুদ্ধে তুলিলে এই অভিযোগ?

1 min read

বিশিষ্ট ছবি পৰিচালক সভাপণ্ডিতৰ বিৰুদ্ধে উঠিছে যৌন আতিশায্যৰ অভিযোগ। এগৰাকী লেখিকাই পৰিচালকগৰাকীৰ বিৰুদ্ধে তুলিছে এই অভিযোগ। ইতিমধ্যে এই সন্দৰ্ভত মহিলাগৰাকীয়ে পাণবজাৰ মহিলা আৰক্ষী থানাত পৰিচালকগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে।

লেখিকাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, মহিলাগৰাকীৰ সৈতে হোৱাটচএপত বিভিন্ন অনুপ্ৰেৰণামূলক কথা-বাৰ্তা হৈছিল যদিও সোমবাৰে নিশা ৯.৩০ মান বজাত হঠাতে লেখিকাগৰাকীৰ ঘৰলৈ গৈ বিভিন্ন ধৰণে যৌন আতিশায্য চলোৱাৰ উপৰিও ধৰ্ষণৰ চেষ্টা কৰিছিল পৰিচালকগৰাকীয়ে।

এই ঘটনাৰ পাছতেই পাণবজাৰ মহিলা আৰক্ষী থানাত অভিযোগকাৰী মহিলাগৰাকীয়ে সঞ্জীৱ সভাপণ্ডিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে সংবাদমাধ্যমৰ আগত ন্যায় লাভৰো দাবী জনাইছে।

You May Also Like

More From Author