শনি গ্ৰহক শান্ত কৰিবলৈ এনেদৰে কৰিব লাগে বীৰ হনুমানৰ পূজা…

1 min read

বীৰ হনুমানৰ পূজাৰ দ্বাৰা শান্ত থাকে শনিদেৱ। বীৰ হনুমানৰ পূজা কৰিলে-দুখ আৰু ভয় দূৰ হয়।আৰু শনিদেৱেও নিজৰ কৃপা দৃষ্টি ৰাখে।শাস্ত্ৰ অনুসাৰে-শনিদেৱে বীৰ হনুমানক বচন দিছিল যে-যি ব্যক্তিয়ে বীৰ হনুমানৰ ধ্যান কৰিব-সেইজনক শনিদেৱে সদায়ে ৰক্ষা কৰিব।

*বীৰ হনুমানক

বল,বুদ্ধি,বিদ্যা,আৰু নিৰ্ভয়তাৰ প্ৰতীক মনা হয়।শাস্ত্ৰ অনুসাৰে যদি কোনো সংকট বা সমস্যাত বীৰ হনুমানক প্ৰাৰ্থনা কৰিলে-তেওঁ সেই বিপদক হৰণ কৰি লয়।সেইবাবে বীৰ সংকটমোচন কোৱা হয়।

*শনিগ্ৰহক শান্ত কৰিবলৈ-কৰিব লাগে বীৰ হনুমানৰ পূজা-

*বজৰংগবলীয়ে শনিদেৱক কষ্টৰ পৰা মুক্ত কৰিছিল আৰু শনিদেৱৰ ৰক্ষা কৰিছিল।সেইবাবে-শনিদেৱে বীৰ হনুমানক বচন দিছিল যে-বীৰ হনুমানৰ উপাসনা কৰা লোকসকলক শনিদেৱে কেতিয়াও কষ্ট নিদিয়ে।শনি দোষ বা শনিৰ সাৰেচাতি পৰা হোৱা কষ্টৰ পৰা নিবাৰণ পাবলৈ-বজৰংগবলীৰ আৰাধনা কৰিব লাগে।

*এনেদৰে কৰিব লাগে-বীৰ হনুমানৰ পূজা-

*বজৰংগবলীৰ পূজাৰ দ্বাৰা শনিৰ প্ৰকোপ শান্ত হয়।সূৰ্য আৰু মংগলৰ লগত শনিৰ শক্ৰতা থকা বাবে-উৎপন্ন হোৱা কষ্টও দূৰ হয়।হনুমান জয়ন্তীৰ বাহিৰেও-মংগলবাৰে, শনিবাৰে-বীৰ হনুমানক প্ৰসন্ন কৰিবৰ বাবে আদৰ্শ দিন মনা হয়।এই দুইটা দিন হনুমানৰ প্ৰিয়।

*মংগলবাৰে-শনিবাৰে কিদৰে কৰিব লাগে পূজা-

*মংগলবাৰে-শনিবাৰে সূয্য উদয়ৰ পাছত স্নান আদি কৰি-শ্ৰী হনুমন্তে নমাহঃ মন্ত্ৰটিৰ জপ কৰিব লাগে।

মংগলবাৰে-শনিবাৰে পুৱা তামৰ লুটাত জল আৰু সেন্দূৰ মিশ্ৰিত কৰি-বীৰ হনুমানক অৰ্পণ কৰিব লাগে।

*একেৰাহে ১০টা মংগলবাৰ-শনিবাৰে বীৰ হনুমানক গুড়ৰ ভোগ দিব লাগে।

*প্ৰতি মংগলবাৰে-শনিবাৰে হনুমান চালীশা পাঠ কৰিব লাগে।
*১০টা মংগলবাৰে-শনিবাৰে-বীৰ হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ ৰূপে কল অৰ্পিত কৰিব লাগে।

*চমেলিৰ তেল,সেন্দূৰ মিহলাই বজৰংগবলীক অৰ্পণ কৰিব লাগে।এই উপায় ৩টা মংগলবাৰে শনিবাৰে কৰিলে শীঘ্ৰে ফল পোৱা যায়।

Disclaimer : ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ।

You May Also Like

More From Author