শ্ৰীনিবাসৰ ঘৰত আৰক্ষীয়ে আঁৰিলে জাননী, ২ ম’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাননীত

0 min read

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ তুলি টুইট কৰাৰ লগে লগে কংগ্ৰেছৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত অংকিতা দত্তই এক গোচৰো ৰুজু কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে শনিবাৰে মহানগৰ আৰক্ষীৰ এটা দল ৰাওনা হৈছিল কৰ্ণাটকলৈ ৷ দেওবাৰে পুৱাই শ্ৰনিবাসৰ বেংগালুৰুৰ বাসগৃহত মহানগৰ আৰক্ষীৰ দল উপস্থিত হয় যদিও ঘৰত কোনো নথকাত ঘৰৰ গে’টত লগাই দিয়ে জাননী৷

অহা ২ মে’ৰ পুৱা ১১ বজাত দিছপুৰ থানাত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে শ্ৰীনিবাসক৷ শীৰ্ষ আৰক্ষী বিষয়াৰ জেৰাৰ সন্মুখীন হ’ব শ্ৰীনিবাস ৷ শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তই দিয়া অভিযোগৰ সত্যতা প্ৰমাণ হ’লে হয়তো গ্ৰেপ্তাৰ হ’ব পাৰে শ্ৰীনিবাস৷

You May Also Like

More From Author