ভাৰতত প্ৰতিদিনে কোটি কোটি মানুহে ৰেল’যোগে ভ্ৰমণ কৰে। যেতিয়া যাত্ৰী এগৰাকীয়ে ৰেল’ত ভ্ৰমণ কৰে, তেন্তে তেওঁ নিশ্চিয় লক্ষ্য কৰিব যে, ৰেল’পথৰ লাইনৰ মাজত বহুতো শিল পৰি থাকে। কোৱা হয় যে, ৰেল’ আৱিষ্কাৰ হোৱাৰ সময়ৰ পৰাই ৰেল’লাইনত শিল ৰখা হৈছে। ৰেল’লাইনত শিল ৰখাৰ আৰঁত বহুতো ডাঙৰ কাৰণ আছে।
ৰেল’লাইন দেখাত যিমান সৰল, বাস্তৱত ই কিন্তু ইমান সৰল নহয়। কিয়নো ইয়াৰ লাইনবোৰৰ তলত কংক্রিটৰে নিৰ্মিত প্লেট থাকে।যাক স্লিপাৰ বুলি কোৱা হয়। এই স্লিপাৰবোৰৰ তলত শিল থাকে। যাক বেলাষ্ট বুলি কোৱা হয়। মাটিৰ দুটা স্তৰ আছে, আৰু এই সকলোবোৰৰ তলত স্বাভাৱিক ভূমি আছে। ইফালে লোহাৰে নিৰ্মিত ৰেল এখনৰ ওজন প্ৰায় ১নিযুত কিলো’গ্ৰাম। যাক কেৱল লাইনটোতে চম্ভালিব পৰা নাযায়। ইমান গধূৰ ৰেলৰ ওজন নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত, লোহাৰে নিৰ্মিত ৰেল’লাইন কংক্রিট আৰু শিলেৰে নিৰ্মিত স্লিপাৰ আদি সকলোৱে অৰিহনা যোগায়। অৱশ্যে বেছিভাগ বোজা কেৱল এই শিলবোৰৰ ওপৰতহে থাকে। শিলবোৰৰ বাবেই কংক্রিটৰে দ্বাৰা নিৰ্মিত স্লিপাৰবোৰ নিজৰ ঠৈইৰ পৰা লৰচৰ নকৰে।
যদি ৰেল’লাইনৰ মাজত শিল ৰখা নহয়, তেন্তে লাইনবোৰ ঘাঁহ আৰু গছেৰে ভৰি পৰিব। এই কাৰণৰ বাবেও ৰেল’লাইনত শিল ৰখা হয়।
যেতিয়া ৰেল’খন ৰেল’লাইনত চলাচল কৰে, তেতিয়া ইয়াৰ ফলত কম্পনৰ সৃষ্টি হয়। যাৰ ফলত ৰেল’লাইনৰ পৰা ৰেল বিচ্যুত হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি হয়, আনহাতে ৰেল’লাইনৰ মাজত থকা শিলবোৰে কম্পন হ্ৰাস কৰে আৰু ৰেল’লাইনৰ পৰা বিচ্যুত হৈ পৰাৰ পৰা প্ৰতিহত কৰে।
ৰেল’লাইনত শিল ৰখাৰ আন এটা কাৰণ হল, বৰষুণৰ সময়ত পানী জমা হোৱাৰ কোনো সমস্যা নাথাকে। যেতিয়া বৰষুণৰ পানী ৰেল’লাইনত পৰে, তেতিয়া শিলৰ মাজেৰে সোমাই গৈ মাটিত যায়। যাৰ ফলত ৰেল’লাইনৰ মাজত পানী জমা হোৱাৰ কোনো সমস্যা নাথাকে।