অসম বিধানসভাৰ পৰৱর্তী অধিৱেশন কোকৰাঝাৰত

0 min read
  • বিধায়িনী প্রক্রিয়া সম্পর্কে সকলোকে অৱগত কৰোৱাৰ পদক্ষেপ– অধ্যক্ষ দৈমাৰী
  • পর্যায়ক্রমে ডিমা হাছাও–কার্বি আংলং–ডিব্রুগড়–তিন ধৰি জিলাই জিলাই অনুষ্ঠিত হ’ব বিধানসভা

গুৱাহাটীৰ বাহিৰতো ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ দৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন৷ বিধায়িনী প্রক্রিয়া সম্পর্কে সকলোকে অৱগত কৰোৱাৰ লক্ষ্য আগত ৰাখিয়েই গুৱাহাটীৰ বাহিৰতো বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিধানসভা কর্তৃপক্ষই৷ আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰামর্শ অনুসৰি অসম বিধানসভাৰ পৰৱর্তী অধিৱেশনখন কোকৰাঝাৰত অনুষ্ঠিত হ’ব৷ অহা জুলাই–আগষ্ট অথবা নৱেম্বৰ–ডিচেম্বৰ মাহত চমু কর্মদিনেৰে হ’বলগীয়া বিধানসভাৰ অধিৱেশন দুখনৰ এখন কোকৰাঝাৰত অনুষ্ঠিত হ’ব৷ পৰৱর্তী পর্যায়ত ডিমা হাছাও, কার্বি আংলং, ডিব্রুগড়–তিনিচুকীয়া, লখিমপুৰকে ধৰি ৰাজ্যৰ আন আন জিলাত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হ’ব৷ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনিৰ প্রয়োজন হ’ব৷ সেই আন্তঃগাঁথনি থকা স্থানত বিধানসভাৰ অধিৱেশনসমূহ সময়ে সময়ে অনুষ্ঠিত কৰা হ’ব৷ কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিশেষ অসুবিধা নহ’ব বুলি উল্লেখ কৰি বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে কোকৰাঝাৰত বিটিআৰৰ বিধানসভা আছে৷ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পৰাকৈ তাত আন্তঃগাঁথনি আছে৷ অধিৱেশনৰ সময়ছোৱাত বিধায়কসকল থাকিব পৰাকৈ গেষ্ট হাউছো আছে৷ তদুপৰি বড়োলেণ্ড বিশ্ববিদ্যালয়, ইঞ্জিনীয়াৰিং কলেজ, বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠানকে ধৰি বহু অনুষ্ঠান–প্রতিষ্ঠানৰ্ অডিট’ৰিয়াম আছে৷ বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত তাত বিভাগীয় কমিটীসমূহে বৈঠক আদিও অনুষ্ঠিত কৰিব পাৰিব৷ সেয়ে বিধানসভাৰ পৰৱর্তী অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে অসম বিধানসভাৰ ইতিহাসত পোনপ্রথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You May Also Like

More From Author