মৰিগাঁৱৰ ২৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহুৰ বাণিজ্য মেলা

1 min read

বিহুৰ সময়ত থলুৱা আত্মসহায় গোট আৰু স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে মৰিগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী সংগঠনৰ অশ্বথ্ ৰ উদ্যোগত ২৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহুৰ বাণিজ্য মেলা। মৰিগাঁও স্কুল খেল পথাৰত অনুষ্ঠিত এই বাণিজ্যৰ মেলা উদ্ধোধন কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলীয়ে। এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও পৌৰসভাৰ উপ পৌৰপতি পিংকুমণি দাস, মৰিগাঁও জিলা বিজেপি সভাপতি প্ৰবীণ মেধি, দন্দুৱা জিলা পৰিষদৰ সদস্যা মাধুৰীমা গোস্বামী,বিশিষ্ট কবি সীমা বৰা, ক্ৰীড়া সংগঠক দিব্যজ্যোতি মহন্ত, বসন্ত কাকতিকে ধৰি মৰিগাঁও আগশাৰী সমাজ সেৱক উপস্থিত থকা এই অনুষ্ঠান আঁতধৰে সাংস্কৃতিক কৰ্মী লক্ষী ডেকাই। এই সন্দৰ্ভত অশ্বথ্ ৰ উপ সভাপতি প্ৰাণজিত হাজৰিকা জনোৱা মতে এই মেলাত বিহুৰ পিঠা পনা,খান্দহ, গ্ৰন্থৰ পৰা নৃগোষ্ঠীয় খাদ্য সম্ভাৰ অসমীয়াৰ পৰম্পৰাত সাজপাৰ উপলদ্ধ হ’ব। আনহাতে তিনি শ টকাত কৈ আধিক টকাৰ সামগ্ৰী ক্ৰয় কৰিলে এখন লটাৰী টিকত লাভ কৰিব ক্ৰয় কৰোঁতাই । মেলাৰ সামৰণি অনুষ্ঠানত পুৰষ্কাৰ সমূহ প্ৰদান কৰিব।এই মেলাৰ সন্দৰ্ভত উদ্ধোধক তথা মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলীৰ মন্তব্য শুনাই লব বিচাৰিছো।

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

You May Also Like

More From Author