‘চলিত বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ কাম৷ অহা বৰ্ষৰ মাৰ্চ বা এপ্ৰিল মাহতে এই দলংখন ৰাইজৰ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেলত অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি নতুন দলঙৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৩১৯৭ কোটি ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই দলংখনে ইতিমধ্যে পৰিৱেশ আৰু আনুসংগিক ক্লিয়াৰেন্স লাভ কৰিছে৷ ভাৰত চৰকাৰৰ নিউ ডেভেলপমেণ্ট বেংক, অনুদান তথা অসম চৰকাৰৰ অনুদানৰ দ্বাৰা এই দলঙৰ নিৰ্মাণ কৰা হ’ব৷ গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু পলাশবাৰী-শুৱালকুছিৰ দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটীৰ ৰিং ৰোডৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হ’ব৷ যদি নাৰেংগী আৰু কুৰুৱা দলংখনো আমি এইবছৰৰ শেষৰ ফালে আৰম্ভ কৰিব পাৰো তেতিয়া নাৰেংগীৰ পৰা পলাশবাৰী, কুৰুৱাৰ পৰা শুৱালকুছি ৰিং ৰডটোৰ কল্পনাও সাকাৰ হ’ব৷’
মাৰ্চত মুকলি হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/04/Copy-of-Copy-of-guwahati-times-27-1.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025