ৰঙিয়াত ড্ৰাগছ সহ আটক এজন যুৱক

1 min read

 

ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপৰ বালাগাঁওৰ পৰা এজন যুৱকৰ লগতে কিছু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষীয়ে আজি আবেলি চলোৱা অভিযানাত আটক হোৱা যুৱক জন হৈছে বালাগাঁওৰ আচিক ইলাহী । ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে ৮৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে ।

উল্লেখযোগ্য যে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ড্ৰাগছ নিৰ্মূলৰ প্ৰচেষ্টা অব্যহত ৰাখিছে । ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া বালাগাঁওৰ লগতে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈ শতাধিকতকৈ অধিক ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

You May Also Like

More From Author