নিউজ ব্যুৰ’,নগাঁও,১০মে’:–অনুসূচিত জাতিৰ লোকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ,অসমৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থাত আজি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা এঘাৰ বজাৰ পৰা চাৰি ঘন্টাৰ বাবে সংগঠনটোয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কাৰ্যসূচীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস,নগাঁও জিলা সমিতিৰ উপদেষ্টা কনকজিত দাস, সভাপতি মন্টু দাস,কাৰ্যকৰী সভাপতি আদিত্য দাস,সাধাৰণ সম্পাদক জগমোহন দাসকে প্ৰমুখ্য কৰি সংগঠনটোৰ কেইবাজনো নেতা উপস্থিত থাকি অনুসূচিত জাতিৰ বাবে বিশেষ সংবিধান প্ৰদত্ত অধিকাৰ থকাৰ পিছতো অসম চৰকাৰে দীৰ্ঘদিন ধৰি অনুসূচিত জাতিৰ লোকসকলক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি অহা বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে মিছন ভূমিপুত্ৰৰ জৰিয়তে অনা-অনুসূচিত জাতিক অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লোৱাৰ সুবিধা আৰু সুৰক্ষা দি জাতি ধ্বংসৰ যজ্ঞ পাতি পূৰ্ণাহুতি দিলে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ ইফালে,প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদীসকলে অনুসূচিত জাতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰখনত সংগঠনটোৰ ফালৰ পৰা প্ৰধানকৈ সংৰক্ষণ ব্যৱস্থাটোক ৰাজহুৱাভাৱে বিৰোধ কৰি ব্ৰাহ্মণ সমাজে সংবিধান অৱমাননা কৰাৰ লগতে সংৰক্ষণ পোৱা সকলক অযোগ্য বুলি কৈ অনুসূচিত জাতি,জনজাতি,অ’ বি চি শ্ৰেণী,মহিলা আদিক অপমান কৰা ব্ৰাহ্মণ সমাজৰ ব্ৰাহ্মণ কেইজনক অনুসূচিত জাতি, জনজাতি অপৰাধ নিবাৰণ আইন(Atrocity Act. 1998)ৰ অধীনত মোকৰ্দমা তৰি জেল হাজোতলৈ প্ৰেৰণ কৰা,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি বাৰ বছৰতকৈ অধিক সময় ধৰি একেডৰা মাটিৰ ভোগ দখল কৰি থকা সকলো লোককে মাটিৰ ম্যাদি পট্টা প্ৰদান কৰা,মূল নিৱাসী ভূমিপুত্ৰসকলক “ডি” ভোটাৰ বনাই বাংলাদেশী,বিদেশী বনোৱা কাৰ্য শীঘ্ৰে বন্ধ কৰি ভোট দানৰ অধিকাৰ দিয়া,অনুসূচিত জাতিৰ নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে কমেও পাঁচ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা, হৰিজনসকলৰ বাবে “চাফাই কৰ্মচাৰী” পদটো সংৰক্ষিত কৰা, অনুসূচিত জাতিৰ নিধনযজ্ঞ চলোৱা, “মিছন ভূমিপুত্ৰ” এপ বাতিল কৰা,ভুৱা তথ্যৰ আধাৰত লোৱা অনা-অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ শীঘ্ৰে বাতিল কৰা,ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলক দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ঘাটি পদ সৃষ্টি কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰি “খালী পদ”ত নিযুক্তি দিয়া,চলিত নিযুক্তি ব্যৱস্থাত অনুসূচিত জাতি সংৰক্ষণ নীতি যথাযথ ভাবে পালন কৰা,এ আৰ চিৰ সময়ত আধাৰ কাৰ্ড দিয়াৰ প্ৰলোভন দি “বায়োমেট্ৰিক” লোৱা সকলক শীঘ্ৰে আধাৰ কাৰ্ড প্ৰদান কৰা,মুচীসকলৰ কাৰণে চহৰৰ পৌৰ এলেকাত একোখনকৈ স্থায়ী দোকান দিয়াৰ বাবে কমেও এক লাখ টকা অনুদান দিয়াকে ধৰি কেইবাটাও দাবী সন্নিবিষ্ট কৰি সংগঠনটোয়ে এইসমূহ অনতিপলমে সমাধানৰ দাবী জনাইছে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও