ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : আপোনাৰ মতামত সকলো ক্ষেত্ৰতে গ্ৰাহ্য হ’ব, সকলোৰে প্ৰশংসা লাভ কৰিব।
বৃষ : ইতিবাচক মনোভাৱ লৈ সকলোৰে সৈতে মতামত শ্বেয়াৰ কৰি সমস্যাৰ সমাধান কৰিব লাগিব।
মিথুন : সম্পৰ্কই হওক বা কৰ্মক্ষেত্ৰ – সৃজনশীলতাৰ দিশত জোৰ দিলে সফলতা আহিব।
কৰ্কট : কাষৰ মানুহৰ সৈতে যিমান স্পষ্টভাৱে কথা পাতিব, সম্পৰ্কৰ বান্ধোন মজবুত হ’ব।
সিংহ : কৰ্মজীৱনৰ পৰা ব্যক্তিগত জীৱনলৈ – সকলোৰে সমৰ্থন লাভ কৰিব, দিনটো ভালদৰে পাৰ হ’ব।
কন্যা : আৰ্থিক সমস্যা সমাধানৰ দিন, সেয়ে উদ্যোগী হওক! দিনটো সুন্দৰভাৱে পাৰ হ’ব।
তুলা : নিজৰে হওক বা আনৰে হওক, সকলো সমস্যাৰ সমাধান হাতৰ মুঠিত থাকিব।
বৃশ্চিক : আনৰ যত্ন লোৱাৰ দিন, তাৰ মাজেৰেই সম্পৰ্ক সুদৃঢ় হ’ব।
ধনু : স্পষ্টবাদিতা আৰু ইতিবাচকতাই কৰ্মক্ষেত্ৰত নতুন সুযোগ আনিব।
মকৰ : ভুল বুজাবুজি দূৰ কৰাৰ শ্ৰেষ্ঠ সময়, সেয়ে স্পষ্টভাৱে কথা কওক।
কুম্ভ : উদ্যোগী হ’লেহে লক্ষ্মীলাভ হ’ব, এই কথা নাপাহৰিব।