ৰাতিপুৱাৰ এই অভ্যাসে আপোনাক শাৰীৰিক , মানসিকভাৱে সৱল কৰি তুলিব

1 min read

প্ৰিয় পাঠকসকল আপোনালোকক ১০ মিনিটৰ ১০ টা নিয়মৰ বিষয়ে আৰু এনে ১০ টা অভ্যাসৰ বিষয়ে জনাম যিকেইটা ৰাতিপুৱা সময়ত কৰিলে আপোনালোকৰ মগজুৰ বিকাশ ঘটিব ( Assamese Fact )
আপোনালোকৰ এলেহুৱা ভাৱ অনুভৱ নহ’ব ।লগতে আপোনালোকে শাৰীৰিক আৰু মানসিকভাবে সুস্থ অনুভৱ কৰিব।যদি আপোনালোকে গোটেই অভ্যাসবোৰ একেলগে অনুসৰণ কৰিব বিচাৰে তেতিয়া বহুত ভাল । কিন্তু এনেকুৱা কৰাতো ইমান দৰকাৰী নহয়। আপোনালোকে ইয়াৰ পৰা সেই কেইটাহে অভ্যাস অনুসৰণ কৰক যিকেইটা আপোনালোকৰ ভাল লাগে।

১ঃ Drink A Glass of Water – প্ৰিয় পাঠকসকল আপোনালোকে জানেনে যে আমাৰ মগজুত ৭০% অকল পানী থাকে।আমি যদি ৰাতিপুৱাই উঠিয়ে বা দিনটো ভিতৰত যিমান প্ৰয়োজন সিমান পানী খাওঁ। তেতিয়া সেই পানীয়ে আমাৰ মগজু আৰু শৰীৰ দুয়োটাকে সমানে শক্তি প্ৰদান কৰিব । প্ৰায় একেৰাহে ৭-৮ ঘন্টা শুৱাৰ পাছত আমি পানী নোখোৱাৰ ফলত আমাৰ শৰীৰ আৰু মগজু Dehydrationৰ স্থিতিলৈ গুচি যায় আৰু Harvard Medical Schoolৰ গৱেষণাই কয় যে Dehydrationৰ ফলত মগজুৰ কোষবোৰ শুকাই যায়। ইয়াৰ ফলত আমি ৰাতিপুৱা সময়ত মূৰ বিষ,এলাহ আৰু ভাগৰুৱা অনুভৱ কৰোঁ। সেই কাৰণে ৰাতিপুৱা শুই উঠিয়েই খালি পেটত ১-২গিলাছ পানী খাব লাগে। এনেকুৱা কৰা ফলত আপোনালোকৰ শৰীৰত Metalbolism বৃদ্ধি হ’ব আৰু এই পানীয়ে আপোনালোকৰ শৰীৰৰ Toxinবোৰ শেষ কৰিবলৈ সহায় কৰিব। আপোনালোকে যদি বিচাৰে তেতিয়া তাত অলপ নেমুও দিব পাৰে। কিন্তু মনত ৰাখিব এই পানীখিনি আপোনালোকে লাহে লাহে খাব লাগিব। ইয়াৰ উপৰিও আপোনালোকে তামৰ বাচন বা বস্তুত ৰাতি পানী থৈ ৰাতিপুৱা সেই পানীকে ১-২ গিলাছ মান খালি পেটত খাব লাগে। ইয়াৰ বহুত উপকাৰী গুণ আছে। যদি আপোনালোকে বিচাৰে তেতিয়াহে খাওঁক। নহ’লে সাধাৰণ পানীও খাব পাৰে।

২ঃ Make Your Bed – প্ৰিয় পাঠকসকল Admiral William H. McRavenয়ে University of Texas Austinত তেওঁৰ উক্তিত কৈছিল যে ,”যদি আপোনালোকে পৃথিৱীখন সালসলনি কৰিব খোজে, সকলোতকৈ প্ৰথমতে আৰম্ভণি কৰক নিজৰ বিচনাখন ঠিক কৰাৰ পৰা (“If you want to change the world start off by making your bed”) । David Goggins যাক পৃথিৱীৰ ১ নম্বৰ শক্তিশালী ব্যক্তি বুলি কোৱা হয়। তেওঁৰ সৰু কিতাপ ‘Cant Hurt Me’ত পাইছিলো যে তেওঁ নিজৰ হাৰ্ মানি যোৱা জীৱনটোৰ যেতিয়া নতুনকৈ আৰম্ভণি কৰি উন্নত কৰিব বিচাৰিছিল , তেতিয়া তেওঁ তাৰ আৰম্ভণি ৰাতিপুৱা শুই উঠি নিজৰ বিচনাখন ঠিক কৰাৰ পৰা কৰিছিল। কাৰণ ইয়াৰ এটা মনস্তাত্ত্বিক কাৰণ আছে। সেই কাৰণে এইটো মিলিটেৰীটো কৰোৱা হয়। ৰাতিপুৱা শুই উঠি নিজৰ বিচনাখন ঠিক কৰাতোৱে অনুশাসনক সূচায়। ৰাতিপুৱা শুই উঠি নিজৰ বিচনাখন ঠিক কৰা ফলত আপোনালোকৰ মগজুৱে চিগনেল পায় যে আপোনালোকে দিনটোৰ প্ৰথম কামটো সম্পূৰ্ণ কৰিলে। এনেকুৱা কৰা ফলত আপোনালোকৰ মগজুৱে দিনটোৰ বাকী কামসমূহ কৰিবলৈ অনুপ্ৰেৰণা যোগায় । এইটো অভ্যাসে আপোনালোকক অৱচেতন আৰু মনস্তাত্ত্বিকভাৱে প্ৰভাৱ পেলায় ।

৩ঃ Listen Music – আপোনালোকে জানেনে যে আপোনালোকৰ সংগীতৰ সোৱাদে আপোনাৰ ব্যক্তিত্ব দেখুৱাই দিয়ে আৰু অলপ দেৰিৰ আনন্দদায়ক সংগীতে আপোনালোকৰ মনটো বা মানসিক অৱস্থাটোৰ লগতে গোটেই দিনটোক ভাল বা বেয়া কৰে। আপোনালোকে যদি দুখত দুখ লগা গান শুনে বা পাৰ্টিত আনন্দজনক গান শুনে তেতিয়া আনন্দয়ে লাগে। কাৰণ ইয়াৰ এটা মনোবৈজ্ঞানিক কাৰণ আছে। সেইটো হ’ল- গানৰ লগত মন বা মানসিক অৱস্থা সালসলনি হোৱা। যদি আপোনালোকে দিনটোৰ আৰম্ভণিতে যিকোনো পজিটিভ গান শুনে । তেতিয়া এনেকুৱা কৰা ফলত আপোনালোকৰ কামত অনুপ্ৰেৰণা পজিটিভ অনুভূতিৰ অনুভৱ হ’ব। কিন্তু আপোনালোকে ৰাতিপুৱা তুল-বুল লগোৱা সংগীত বা বহুত ডাঙৰ মাত থকা সংগীত আৰু হুলস্থুলীয়া গান নুশুনিব। আপোনালোক কিবা ভাল বা সৰু গান শুনিব।বাকী Rock music, Hip hop music আদি আপোনালোকে দিনটোৰ বেলেগ সময়তো শুনিব পাৰে। কিন্তু ৰাতিপুৱা নহয়।

৪ঃ Read Something Inspiring- যদি আপোনালোকে ৰাতিপুৱাৰ আৰম্ভণিতে পজিটিভ আৰু উৎসাহিত মন বিচাৰে। তেতিয়া আপোনালোকে কোনোবা অনুপ্ৰেৰণামূলক ব্যক্তিৰ কথা শুনক । এইসমূহ আপোনালোকে তেওঁলোকৰ কিতাপ বা অধ্যায়টো পাব। জৰুৰী নহয় যে ৰাতিপুৱা আপোনালোকে এঘন্টা কিতাপ পঢ়িব লাগিব। যদি আপোনালোকে ভাল পায় তেতিয়া বেলেগ কথা। নহ’লে আপোনালোকে যদি ১০ মিনিটো কিবা ভাল কথা পঢ়ে সেইয়াও আপোনালোকৰ মানসিক অৱস্থা বাবে ভাল হ’ব। কাৰণ সকলো কিতাপৰে সকলো পিঠি বা পাঠ অনুপ্ৰেৰণাদায়ক নহয়। প্ৰিয় পাঠকসকল এই কামটো সহজ কৰি তুলিবলৈ এখন কিতাপৰ নাম কম । সেইখন হ’ল – Robert H. Schulleeৰে লিখা ‘Life Changer Dreamers and Doers’ ।ইয়াত বিভিন্ন ধৰণৰ কাহিনী আৰু পাঠ অকল এক বা দুই পৃষ্ঠামানহে আছে। সেই কাৰণে আপোনালোকে সদায় এটা এটা নতুন কাহিনী পঢ়িবলে পাৰিব। এক বা দুই পৃষ্ঠামান থকাৰ ফলত আপোনালোকে ইয়াক ১০ মিনিটতে পঢ়ি শেষ কৰিব পাৰিব। এই সকলোবোৰ কাহিনী বহুত অনুপ্ৰেৰণামূলক হয়। যিবোৰে আপোনালোকক ৰাতিপুৱা উৎসাহিত কৰিব পাৰিব।( Assamese Fact )

৫ঃ Deep Breathing – বহুত মানুহৰ কাৰণে ১০মিনিটৰ বাবে ধ্যান কৰাতো বা নিজৰ মগজুটো শান্ত কৰাতো কঠিন কাম। কিন্তু দীঘল দীঘলকৈ উশাহ-নিশাহ লোৱাটো বহুত সহজ কাম। সেই কাৰণে আপোনালোকে সদায় ৰাতিপুৱা ১০ মিনিটৰ বাবে দীঘল দীঘলকৈ উশাহ- নিশাহ লব । অৰ্থাৎ দীঘলীয়াকৈ উশাহ ল’ব আৰু এৰিব । যাৰ বহুত লাভ আছে। যাৰ ফলত চিন্তা,খঙ,আদি নাইকীয়া হয় আৰু লগতে শক্তিও বৃদ্ধি হয়। ইয়াৰ উপৰিও বহুত লাভালাভ আছে।যদি আপোনালোকে দিনটো চিন্তা কৰি বা কিবা কিবি ভাবি থাকে । তেতিয়া আপোনালোকৰ বাবে এই ব্যায়ামটো বহুত প্ৰয়োজনীয়। ইয়াৰ ফলত মানসিক আৰু শাৰীৰিক অৱস্থা বহুত ভাল হ’ব। আপোনালোকে এই ব্যায়াম ইন্টাৰনেটৰ পৰা ভালকৈ শিকি ল’ব পাৰে।

৬ঃ Move Your Body – অস্থিৰ চিকিৎসক Glenn G. Shiয়ে কয় যে অলপ দেৰি ভালকৈ ব্যায়াম কৰা ফলত ই আপোনালোকৰ হাড় আৰু জোৰাৰ বিষ হোৱাত বাধা দিয়ে বা কম কৰে । আপোনালোকৰ মাংসপেশী বৃদ্ধি হয়। বিষ কম হয় লগতে ৰক্তচাপ ভাল কৰে আৰু মগজুলৈ অক্সিজেন প্ৰেৰণ কৰে।যদি আপোনালোকে গোটেই দিনটো এলাহ অনুভৱ কৰে বা বিষ অনুভৱ কৰে। তেতিয়া ১০ মিনিটৰ ব্যায়ামে আপোনালোকৰ এই সকলোবোৰ সমস্যা দূৰ কৰিব। যদি আপোনালোকে ৰাতিপুৱা শুই উঠি অকল ১০ মিনিটো ব্যায়াম কৰে , য’ত আপোনালোকৰ শৰীৰৰ সকলো অংশত প্ৰভাৱ পৰাকৈ ব্যায়াম কৰে । তেতিয়া আপোনালোকে গোটেই দিনটো নমনীয় আৰু সক্ৰিয় অনুভৱ কৰিব।

৭ঃ Take Sunlight – গছ -গছনি বা বাকী বস্তুৰ দৰে মানুহকো সূৰ্যৰ পোহৰ বা ৰশ্মি লাগে। কাৰণ সূৰ্যৰ পোহৰে আমাৰ মনটো ভাল কৰাৰ লগতে আমাক ভিটামিন ডি ও দিয়ে বা আমি গ্ৰহণ কৰোঁ। লগতে চানলাইটে মগজুত Serotonin নামৰ ৰাসায়নিক পদাৰ্থক বৃদ্ধি কৰে।যাক সুখী হ’ৰমন বুলিও কোৱা হয়। সূৰ্যৰ ৰশ্মিয়ে আমাৰ ব্ৰেইনৰ General Cognitive Functionকো পজিটিভ ৰূপলৈ ৰূপান্তৰ কৰে । যাৰ ফলত আমাৰ মন, মানসিক অৱস্থা ভালে থাকে আৰু উন্নত হয়।যদি আপোনালোকে ঘন্টা ঘন্টা ধৰি একে ঠাইতে বা একেটা কোঠাতে থাকে আৰু বাহিৰলৈ গৈ চানলাইট নলয় । তেতিয়া আপোনালোকৰ Circadian Rhythm বেয়া হ’ব পাৰে। যাৰ ফলত চিন্তা,খঙ,এলাহ আদি বাঢ়িব পাৰে। কিন্তু আপোনালোকে এই সকলোবোৰ নাইকীয়া কৰিব পাৰে অকল ১০ মিনিট চানলাইট লয়।

৮ঃ Take Cold Shower – যদি পানী বা চৰ্দি লাগি থকা নাই , তেতিয়া ৰাতিপুৱা ঠাণ্ডা পানীৰে গা ধুব । ঠাণ্ডা পানীৰে গা ধুৱা ফলত সম্পূৰ্ণ ৰূপে টোপনিৰ পৰা হাৰ পোৱাত সহায় হয় আৰু এলাহ ভাবো কমে। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল হোৱাৰ লগতে শক্তি ও বাঢ়ে। সেই কাৰণে ইয়াক পৃথিৱীৰ বহুত বিখ্যাত প্ৰশিক্ষকসকলে সমৰ্থন কৰে। গৱেষণাত দেখা গৈ যে ঠাণ্ডা পানীৰে গা ধুৱাৰ ফলত ই আমাৰ শৰীৰৰ বগা তেজৰ কোষবোৰৰ সংখ্যা বৃদ্ধি কৰে আৰু কোষবোৰে আমাৰ শৰীৰটোক বেমাৰ আৰু বিজাণুৰ পৰা বচাই। কিন্তু পৃথিৱীৰ কিছুমান বিশেষ উৎপাদনক্ষম মানুহৰ ঠাণ্ডা পানীৰে গা ধুৱাটোৰ পিছত এটাই কাৰণ আছে বুলি কয়-সেইয়া হ’ল বেছি শক্তিশালী শৰীৰ, মন আৰু মগজু।

৯ঃ Plan Your Day – যদি আপোনালোকে বিচাৰে আপোনালোকৰ দিনটো তেনেকৈয়ে পাৰ হ’ক যেনেকৈ আপোনালোকে ভাবে। তেতিয়া আপোনালোকে দিনটোৰ পৰিকল্পনা কৰিবলৈ অভ্যাস কৰিব লাগে। সদায় ৰাতিপুৱা ১০মিনিট লওঁক নিজৰ দিনটো পৰিকল্পনা কৰিব কাৰণে। এনেকুৱা কৰা ফলত আপোনালোকে একো নাপাহৰে আৰু নিজৰ কাম আৰু অভ্যাসবোৰ গোপনীয় ভাবে কৰি যাব পাৰিব। পৰিকল্পনা কৰাৰ ফলত আপোনালোকে সদায় নিজৰ কামবোৰ সম্পূৰ্ণ ৰূপে কৰিব পাৰে বা পাৰিব। কাৰণ ই আপোনালোকৰ মগজুক শৃংখলাবদ্ধ আৰু নিয়মানুৱৰ্তী কৰি ৰাখে।এই তালিকাখন আপোনালোকে এখন কাগজত লিখি ৰাখিব। মোবাইলত নহয় কাৰণ আপোনালোকক মোবাইলে বিকৰ্ষিত কৰিব পাৰে। কাগজত কৰি যোৱা কামবোৰ আগত চিন দিয়াৰ ফলত এটা সন্তুষ্টিও হয়।যদি আপোনালোকে বিচাৰে এই পৰিকল্পনাটো ৰাতিও বনাই থব পাৰে।

১০ঃ Reflection- আপোনালোকে শুৱাৰ আগত আৰু শুই উঠি যি কাম কৰে সেই কামটো হ’ল -মোবাইল চোৱা। প্ৰিয় পাঠকসকল যদি আপোনালোকে নিজৰ জীৱনত সঁচাকৈয়ে কিবা ডাঙৰ আৰু ভাল কাম কৰিব বিচাৰে তেতিয়া হ’লে সদায় ৰাতিপুৱাৰ আৰম্ভণিতে নিজৰ আৰু জীৱনৰ ওপৰত প্ৰতিফলন পেলোৱাৰ অভ্যাস কৰক। অৰ্থাৎ আপোনালোকে ১০ মিনিট শান্ত হৈ নিজৰ বিষয়ে , নিজৰ জীৱনৰ বিষয়ে, নিজৰ আশা আদিৰ বিষয়ে ভাবক আৰু এইটো চাওঁক এতিয়া আপোনালোকৰ আশাৰ অনুপাতে আপোনালোকৰ জীৱনটো কেনেকুৱা চলি আছে। সদায় ভাৱক যে মোৰ আজিৰ দিনটো কেনেকৈ পাৰ হ’ব লাগে আৰু মই কেনেকৈ আজি দিনটো ভালকৈ পাৰ কৰিম। এনেকুৱা কৰা ফলত আপোনালোকে জীৱনত বহুত আগবাঢ়ি যাব পাৰিব।

You May Also Like

More From Author