গোৱালপাৰাতো মাতৃভাষা বিদ্যালয়ৰ জয়জয়কাৰ ৯২.৩৩ নম্বৰ লাভ কৰি গোৱালপাৰাৰ নাম উজলাই তুলিলে চিন্ময়ী শীলে

1 min read

গণিতত লাভ কৰিলে ৯৮ নম্বৰ

গোৱালপাৰা ২৩ মে ২০২৩: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ মৰিয়ম নগৰ নিবাসী জোনমণি দাসৰ একমাত্ৰ কন্যা চিন্মনী শীলে ৯২.৩৩ শতাংশ নম্বৰ লাভ গোৱালপাৰালৈ সুনাম কঢ়িয়াই আনিছে ৷ গোৱালপাৰা জাতীয় বিদ্যালয়ৰ পৰা প্ৰতিটো বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হোৱা চিন্ময়ী শীলে প্ৰতিদিনে কমেও ১২-১৩ ঘন্টাকৈ পঢ়া-শুনা কৰিছিল ৷মাতৃ জোনমণি দাসৰ তত্বাৱধানত পঢ়া-শুনা কৰা চিন্ময়ী শীলৰ এই সাফল্যত গৌৰৱান্বিত তেওঁৰ মাক,আত্মীয় স্বজনৰ লগতে শুভাকাংশীসকল ৷ কাৰণ তেওঁলোকৰ বংশত প্ৰথমবাৰৰ বাবে ভাল নম্বৰ লৈ পাছ কৰা চিন্ময়ীয়েই প্ৰথম ৷ভৱিষ্যতে এগৰাকী সুনাগৰিক তথা চিকিৎসক হোৱাৰ আশা মনহে পুহি ৰখা চিন্ময়ী শীলৰ ওচৰত ইতিমধ্যে অসমৰ বিভিন্ন নামজ্বলা মহাবিদ্যালয়ৰ পৰা বিনামূলীয়া নামভৰ্তিৰ বাবে ফোন আহিয়েই আছে ৷তেওঁৰ এই সাফল্যই গোৱালপাৰা জাতীয় বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৷

You May Also Like

More From Author