চৰাইদেউ মথুৰাপুৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ দুটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন ।
অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক সন্মানীয় যোগেন মহনে আজি চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ বৰাইক চুকত “জল জীৱন মিছন”ৰ অধীনত মথুৰাপুৰ বৰাইক চুক পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মথুৰাপুৰ ভকত গাৱৰ ঊনৈশ মিটাৰ পথ নিৰ্মানৰ আধাৰ শিলা স্থাপন কৰে।
চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সিমামুৰিয়া অঞ্চল তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী গৰাকী উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু ৰাইজৰ অভাৱ-অভিযোগ সমূহ বুজ লোৱাৰ লগতে ৰাইজৰ সুবিধাৰ্থে দুটাকৈ প্ৰকল্প তথা আঁচনিৰ শুভউদ্বোধন কৰে । মথুৰাপুৰ ভকত গাওঁৰ ৰাইজৰ দীৰ্ঘ দিনীয়া আশা পানীযোগান আৰু পথ নিৰ্মাণৰ বাবে চৰকাৰ তথা মাননীয় মন্ত্ৰী যোগেন মহনে লোৱা এই পদক্ষেপক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।