যোৰহাটৰ অশ্লীল ভিডিঅ’ত অভিযুক্ত দুই ছাত্রক আটক আৰক্ষীৰ

0 min read

যোৰহাটৰ তিনিখনকৈ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রী অশ্লীল ভিডিঅ’ নির্মাণত জড়িত হোৱাৰ খবৰে যোৰহাটবাসীক লজ্জিত কৰিছে৷ অকল ইমানেই নহয়, ভিডিঅ’ নির্মাণ কৰি বিভিন্ন পর্ন ছাইটত আপলোড কৰে এই বিপথগামী যুৱক–যুৱতীসকলে৷ ইতিমধ্যে যোৰহাট আৰক্ষীয়ে নগৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্রী আৰু আন দুখন মহাবিদ্যালয়ৰ দুজন ছাত্রক গ্রেপ্তাৰ কৰিছে৷ এই সমগ্র ঘটনা পোহৰলৈ আহে এজন ৭২ বছৰীয়া লোকে আত্মহত্যা কৰাৰ পিছত৷ আৰক্ষীয়ে ইয়াৰ পিছতে ছাত্রীগৰাকীৰ লগতে আন দুজন ছাত্রক গ্রেপ্তাৰ কৰে৷

ইয়াৰ পিছত যুৱতীগৰাকীয়ে নির্মাণ কৰা বহু অশ্লীল ভিডিঅ’ আৰু বিভিন্ন ছাইটত দিয়াৰ তথ্য পোহৰলৈ আহে৷ আৰক্ষীয়ে এজন ছাত্রৰ লেপটপ জব্দ কৰিছে আৰু উক্ত লেপটপৰ পৰা বহুকেইটা ভিডিঅ’ আপলোড দিয়াৰ তথ্য লাভ কৰিছে৷ আটকাধীন যুৱকজন যোৰহাট সাধনী নগৰৰ অভিষেক কাশ্যপ (২০)৷ যোৰহাট চি কে বি কমার্চ কলেজৰ ছাত্র অভিষেকক ভিডিঅ’ ভাইৰেল কৰাৰ অপৰাধত আটক কৰে পুলিবৰ আৰক্ষীয়ে৷

ইফালে, আবেলি মার্ঘেৰিটাৰ কিশলয় শর্মা নামৰ জে বি কমার্চ কলেজত অধ্যয়নৰত আন এজন ছাত্রক আৰক্ষীয়ে আটক কৰে৷ তিনিওজনকে আৰক্ষীয়ে সোধা–পোছা কৰি আছে আৰু তিনিদিনৰ বাবে আৰক্ষী জিম্মাত লৈছে৷

You May Also Like

More From Author