বাৰ অনুসাৰে কি কি বস্তু সেৱন কৰিব নালাগে জানি লওক

1 min read

বাৰ অনুসাৰে-এই বস্তুৰ সেৱন কৰিব নালাগে।নহলে গ্ৰহ দোষৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।

*জ্যোতীষ শাস্ত্ৰ অনুসাৰে-গ্ৰহ,নক্ষত্ৰ,বাৰ আৰু তিথি আদিয়ে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়।এনেতে জ্যোতীষ শাস্ত্ৰ মতে-সপ্তাহৰ ৭টা দিনত-এই বস্তুসমূহৰ সেৱন কৰাটো শুভ মনা নহয়।

*বাৰ,তিথি,গ্ৰহ,নক্ষত্ৰ,এই সকলোবোৰে ব্যক্তিৰ জীৱনত বহুত প্ৰভাৱ পেলায়।সেইবাবে গ্ৰহক অনুকূল ভাৱে ৰাখিবলৈ জ্যোতীষ শাস্ত্ৰত বহু উপায়ৰ কথা কোৱা হৈছে।মান্যতা অনুসাৰে সপ্তাহৰ ৭টা দিনৰ সম্বন্ধ কোনো গ্ৰহৰ লগত জড়িত থাকে।জ্যোতীষ শাস্ত্ৰৰ মতে-কিছু এনে বস্তু আছে-যি সপ্তাহৰ এই ৭দিনৰ কোনো নহয় কোনো এটা বাৰত সেৱন কৰাটো শুভ মনা নাযায়।অন্যথা কুণ্ডলীত গ্ৰহৰ স্থিতি দুৰ্বল হয়।

*বাৰ অনুসাৰে কি কি বস্তু সেৱন কৰিব নালাগে!

*সোমবাৰ-

সোমবাৰৰ সম্বন্ধ চন্দ্ৰ গ্ৰহৰ লগত মনা হয়।সেইবাবে সোমবাৰৰ দিনা-জ্যোতীষ শাস্ত্ৰ অনুসাৰে চেনীৰ সেৱন কৰাটো অশুভ মনা হয়।

*মংগলবাৰ-

কুণ্ডলীত মংগল গ্ৰহ সাহস,পৰাক্ৰম আৰু নিদৰতাৰ কাৰক মনা হয়।আৰু সেইবাবে মংগল গ্ৰহৰ স্থিতিক শক্তিশালী কৰি ৰাখিবলৈ-মংগলবাৰৰ দিনা ঘীউ সেৱন কৰাটো শুভ নহয়।

*বুধবাৰ-

বুধ গ্ৰহ জাতকৰ বাণী,বুদ্ধি আৰু চতুৰৰ কাৰক মনা হয়।সেইবাবে বুধ গ্ৰহক প্ৰবল কৰি ৰাখিবলৈ-বুধবাৰৰ দিনা সেউজীয়া শাক-পাচৰি সেৱন কৰিব নালাগে।কিন্তু বুধবাৰৰ দিনা সেউজীয়া শাক-পাচলি দান কৰিলে জীৱনলৈ সুখ-সমৃদ্ধি আহে।

*গুৰুবাৰ-

গুৰুবাৰৰ দিনা বৃহস্পতি দেৱ আৰু ভগৱান বিষ্ণুক সমৰ্পিত কৰা হয়।এইদিনা কলৰ দান কৰাটো শুভ মনা হয়।কিন্তু গুৰুবাৰৰ দিনা-কল আৰু গাখীৰৰ সেৱন কৰিব নালাগে।

*শুক্ৰবাৰ-

শুক্ৰবাৰৰ দিনা দেৱী লক্ষ্মীৰ পূজা কৰা হয়।সেইবাবে এইদিনা সু-স্বাস্থ আৰু শুক্ৰগ্ৰহৰ শক্তিশালীৰ বাবে-টেঙা বস্তুৰ ত্যাগ কৰিব লাগে।

*শনিবাৰ-

শনিবাৰৰ দিনা শনিগ্ৰহৰ ক্ৰো প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ তেল দান কৰাটো শুভ মনা হয়।জ্যোতীষ শাস্ত্ৰ অনুসাৰে-শনিবাৰৰ দিনা তেলত বনোৱা খাদ্য গ্ৰহণ কৰিব নালাগে।

*ৰবিবাৰ-

সূৰ্য গ্ৰহক ব্যক্তিৰ-কুণ্ডলীত স্বাস্থ,মান-সন্মানৰ কাৰক মনা হয়।সূৰ্য গ্ৰহৰ দোষৰ পৰা মুক্তি পাবলৈ-ৰবিবাৰৰ দিনা নিমখৰ সেৱন কৰিব নালাগে।

 

You May Also Like

More From Author