মঙলদৈত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান দৰং আৰক্ষীৰ ।

0 min read

ড্ৰাগছ, তিৰ খেলৰ সৈতে জড়িত ছয় জনক আটক ।

জোনমনিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পিছতেই অধিক তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান।

সোমবাৰৰ পৰা দৰঙৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ ড্ৰাগছ, কফ চিৰাপ, তিৰ খেলৰ সামগ্ৰী, নগদ ধনৰ লগতে ছয় জনক আটক কৰে আৰক্ষীয়ে ।

দিন দুপৰতেই মঙলদৈ চহৰৰ মাজমজিয়াত ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত চাৰি গৰাকী যুৱকক আটক কৰাৰ বিপৰীতে তিৰ খেলৰ সৈতে জড়িত দুজনক আটক কৰে ।

সোমাবাৰে মঙলদৈৰ কৰিমচকৰ পৰা আব্দুল ৰেকিব আৰু বিকিক আটক কৰাৰ বিপৰীতে চহৰৰ মাজমজিয়াত থকা এখন কাপোৰৰ দোকানত অভিযান চলাই আন এজন ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক আটক কৰে মঙলদৈ আৰক্ষীয়ে।
ইয়াৰোপৰি ৰেজায়াল হক, ৰহিম আলি, আব্দুল নিচাহকো আটক কৰে আৰক্ষীয়ে ।
ব্যৱসায়ী কেইজনৰ পৰা নগদ ৮০ হাজাৰ টকা, ৬৫ টা নিষিদ্ধ কফ চিৰাপ, ৫টা ড্ৰাগছ কন্টেইনাৰ,চিৰিঞ্জ, এটা মোবাইল ফোন, এখন চুইফট বাহন আৰু এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে।

You May Also Like

More From Author