ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৪মে’:–নগাঁও জিলাৰ ধিঙৰ নাম ডুমডুমীয়াৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত ৰবিবাৰে গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচী ভাগ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই উপলক্ষে পুৱাৰে পৰা অঞ্চলটোৰ ভকত বৈষ্ণৱ,আইমাতৃসকলৰ উপস্থিতিত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় । কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন আৰু পুৱা ৮ বজাত খোল প্ৰসংগৰ পাছত গায়ন বায়ন,আয়তীৰ মংগল ধ্বনিৰে উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে । লগে লগে নামাচাৰ্য(আতৈ) মণিৰাম কেওঁটৰ সহিতে উপস্থিত সমস্ত ভকত বৈষ্ণৱ আইমাতৃৰ নাম কীৰ্তনৰে মুখৰিত হৈ পৰে নামডুমডুমীয়াত সত্ৰ । উল্লেখ্যযে,উত্তৰ কমলাবাৰী সত্ৰৰ বিংশতিতম সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে অহা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চদশ বৰ্ষত ভৰি দিব । তেখেতৰ শিষ্য,প্ৰশিষ্য,শুভাকাংখীসকলৰ তৎপৰতাত পঞ্চদশ বৰ্ষৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ ৫০খন স্থানত নৱ প্ৰজন্মক আধ্যাত্মিক দৰ্শনৰ লগত সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে এলানি কাৰ্যসূচী হাতত লোৱা হৈছে । সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ পঞ্চদশ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে ৰবিবাৰে বিয়লি ধিঙৰ নামডুমডুমীয়া উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰ বেল নামঘৰত “যুৱ মানসিকতাৰ উত্তৰণত মানসিক চিন্তন” শীৰ্ষক আলোচনাচক্ৰও অনুষ্ঠিত হয় । নামডুমডুমীয়া সত্ৰৰ নামলগোৱা তথা সমাজ সংগঠক প্ৰফুল্ল বৰুৱাই আঁত ধৰা গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি, সাহিত্যিক দিলীপ কুমাৰ নাথে কয় যে শব্দ ব্ৰহ্ম যদি আমি সম্পূৰ্ণ ৰূপত আয়ত্ব কৰিব পাৰোঁ,তেতিয়া আমি পৰম ব্ৰহ্মক জানিব পাৰিম। শিক্ষাই মুক্তি দান কৰে । কিন্ত আমাৰ যি শিক্ষা ব্যৱস্থা আছে, সেয়াই মুক্ত দানৰ পথ দেখুৱাব নোৱাৰে । ধৰ্মই সত্য,সত্যই ধৰ্ম। সত্যৰ পথেৰে পৰম ব্ৰহ্মক পাৰ পাৰি। ইফালে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে কয় যে তিনি বস্ত্ৰ পিন্ধিলেই ভকত নহয় । ভকত হ’বলৈ আমাৰ আত্মাৰ উত্তৰণ হব লাগিব। আমি কিমান শৃংখল হৈছোঁ। আমাৰ আহাৰ,বাক্যত শৃংখলাতা থাকিব লাগিব। নেপাই বুলি ক’লেই নহ’ব,কিয় নেপাই, বৈজ্ঞানিক বিশ্লেষণ কৰি বুজাই দিব পাৰিব লাগিব । আমাৰ মন মগজু-শৰীৰ একাত্ম হব লগিব । আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰি জীৱন সুন্দৰ কৰিব পাৰোঁ। ওপৰ ডুমডুমীয়া সত্ৰৰ ড° অচ্যুৎ শইকীয়াই ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা,ওপৰ ডুমডুমীয়া সত্ৰৰ বাপ্তি শইকীয়াৰ লগতে ধিঙৰ নামডুমডুমীয়া সত্ৰৰ ভকত-বৈষ্ণৱ,আইমাতৃসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author