আমেৰিকাত বন্দুক কিনাটো বিয়েৰ-চিগাৰেট কিনাৰ দৰেই সহজ, জানেনে এই সংস্কৃতি কিয় বৃদ্ধি পাইছে?

1 min read

 

 

 

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাত প্ৰতিটো ঘৰতে ইমানেই বন্দুক আছে যে প্ৰতিদিনে ক’ৰবাত গুলীচালনা হয় আৰু মানুহে প্ৰাণ হেৰুৱায়। টেক্সাছৰ এটা মলত ২০ বছৰীয়া বন্দুকধাৰীয়ে গুলীচালনা কৰি ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন আহত হয়। য’ত বহু যুৱতীও জড়িত আছিল। একেদৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত গুলীচালনাৰ ঘটনাত এগৰাকী ১৭ বছৰীয়া কিশোৰী নিহত হোৱাৰ লগতে আন ৫ জন আহত হয়। এনে ঘটনা যেতিয়া চৰ্চালৈ আহে, তেতিয়া প্ৰশ্ন উত্থাপন হয় যে আমেৰিকাত কিয় ‘বন্দুক সংস্কৃতি’ বৃদ্ধি পাইছে। তাত কি নিয়ম, যাৰ বাবে গুলীচালনাৰ ঘটনা বন্ধ হোৱা নাই।
আমেৰিকা এনেকুৱা এখন দেশ, য’ত বন্দুক ৰখাটো জনসাধাৰণৰ সাংবিধানিক অধিকাৰ। এই দেশত এনে শ শ দোকান, শ্বপিং আউটলেট আৰু সৰু সৰু দোকান আছে য’ত বন্দুক বিক্ৰী কৰা হয়। আপুনি জানি আচৰিত হ’ব যে প্ৰতিটো উইকেণ্ডতে সমগ্ৰ আমেৰিকাত বন্দুকৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। তাত ৱালমাৰ্টৰ দৰে ডাঙৰ কোম্পানীৰ পৰা আৰম্ভ কৰি সৰু দোকানলৈকে দোকানত বন্দুক বিক্ৰী কৰা হয়। কিন্তু এই সংস্কৃতি এতিয়া তাত থকা মানুহৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে। এই ‘বন্দুক সংস্কৃতি’ বিগত ৫০ বছৰত ১৫ লাখ লোকৰ মৃত্যুৰ বাবে দায়ী। আমেৰিকান এবিচি নিউজৰ প্ৰতিবেদন অনুসৰি এই দেশত ৩৩ কোটি লোক আছে যদিও প্ৰায় ৪০ কোটি বন্দুক আছে।

মানুহৰ সুৰক্ষাৰ নামত আমেৰিকাত আৰম্ভ হৈছিল ‘বন্দুক সংস্কৃতি’। ইয়াৰ ইতিহাস ২৩০ বছৰতকৈও অধিক পুৰণি। যি যুগ ইয়াতে আৰম্ভ হৈছিল ‘বন্দুক সংস্কৃতি’, তেতিয়া আছিল ব্ৰিটিছ শাসন। সেই সময়ত কোনো স্থায়ী নিৰাপত্তা বাহিনী নাছিল, সেইবাবেই মানুহে নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰিছিল। ১৭৯১ চনত সংবিধানৰ দ্বিতীয় সংশোধনীৰ অধীনত মানুহক অস্ত্ৰ ৰখা আৰু ক্ৰয় কৰাৰ অধিকাৰ দিয়া হয়। আমেৰিকাৰ এই আইন আজিও চলি আছে। যাক কোৱা হয় ‘US Gun Law’। আচলতে ইয়াৰ নাম The Gun Control Act (GCA)। এই আইন অনুসৰি ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ যিকোনো আমেৰিকান নাগৰিকে বন্দুক কিনিব পাৰে। আৰু, চলাবও পাৰে।

আমেৰিকাৰ বন্দুক নিয়ন্ত্ৰণ আইন (GCA) অনুসৰি দেশত ৰাইফল বা যিকোনো সৰু অস্ত্ৰ ক্ৰয়ৰ নূন্যতম বয়স ১৮ বছৰ আৰু অন্যান্য অস্ত্ৰ ক্ৰয়ৰ নূন্যতম বয়স ২১ বছৰ হ’ব লাগে। ইয়াত বন্দুক কিনাৰ সময়ত মানুহে নিজৰ নাম, ঠিকনা, জন্ম তাৰিখ আৰু নাগৰিকত্বৰ তথ্য এটা প্ৰপত্ৰত দিব লাগে। একে সময়তে বন্দুক বিক্ৰী কৰা দোকান বা সংস্থাটোৱে সেই ক্ৰেতাৰ তথ্য আমেৰিকাৰ চোৰাংচোৱা সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন অৰ্থাৎ এফ বি আইৰ সৈতে ভাগ-বতৰা কৰে, যিয়ে বন্দুক ক্ৰেতাৰ পটভূমি পৰীক্ষা কৰে। যদি এফ বি আইৰ ৱেবছাইটত দিয়া তথ্য বিশ্লেষণ কৰা হয়, তেন্তে ইয়াত বন্দুক সংস্কৃতিৰ বিষয়ে বহু কথা জানিব পৰা যাব।

You May Also Like

More From Author