ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ ব্যাতিক্ৰমী পদক্ষেপ ।ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে যোগ্য বিবেচিত ৰঙিয়াৰ প্ৰাৰ্থী সকলক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।আনহাতে উক্ত অনুষ্ঠানতে গীনিজ বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট স্থানীয় বিহুৱা-বিহুৱতী সকলকো জনোৱা হয় বিশেষ সম্বৰ্দ্ধনা ।ৰঙিয়া হৰদত্ত বীৰদত্ত ভবনত তদুপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকি স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সম্বৰ্দ্ধনা প্ৰাপ্ত সকলক উদ্দেশ্যী শুভেচ্ছা মূলক ভাষণ ৰাখে ।আগন্তুক দিনত চৰকাৰী কৰ্মচাৰো হিচাপে দুৰ্নীতিৰ পৰা নিজকে দূৰত ৰাখি কাম কৰি যাবলৈ আহ্বান জনায় । অনুষ্ঠান টোৰ সফল ৰূপায়ণত সহযোগ কৰে বিজেপি যুৱ মৰ্চাৰ ৰঙিয়া ব্লক আৰু নগৰ মণ্ডলৰ কৰ্মকৰ্তা সকলে ।
ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।