তুলসী গছ ঘৰত ৰখাৰ ক্ষেত্ৰত কিছু নিয়ম মনত ৰাখিব লাগিব। নহ’লে হিতে বিপৰীত হ’ব পাৰে।
- আয়ুৰ্বেদ শাস্ত্ৰৰ দৰে জ্যোতিষ তথা বাস্তুশাস্ত্ৰতো তুলসী পাতৰ গুৰুত্ব অপৰিসীম।
- ঘৰত তুলসীমঞ্চ থাকিলে দূৰ হয় নানা বিঘিনি। দূৰ হয় বাস্তুদোষ।
- তুলসী গছৰ প্ৰভাৱত দূৰ হয় বিবাহৰ পথৰ বাধা। সুখী হয় বিবাহিত জীৱন।
- কিন্তু তুলসী গছ ঘৰত ৰখাৰ ক্ষেত্ৰত কিছু নিয়ম মনত ৰাখিব লাগিব। অন্যথা হিতে বিপৰীত হ’ব।
- গৃহস্থৰ ঘৰৰ উত্তৰ কোণত তুলসী গছ ৰখা শুভ।
- প্ৰতিদিনে পুৱা তুলসী গছত পানী ঢালক। কিন্তু কেতিয়াও দেওবাৰে তুলসী গছত পানী নাঢালিব।
- মহাদেৱ, গণপতি আৰু ভৈৰৱৰ উদ্দেশ্যে কোনোদিনে তুলসীপাত নিবেদন নকৰিব।
- কোনোদিনে সন্ধিয়া তুলসীপাত নিচিঙিব।
- দেওবাৰ, একাদশী, দ্বাদশী আৰু সংক্ৰান্তি তিথিত তুলসী গছত হাত নিদিব।