মঙলবাৰে দান কৰক এই ৫বিধ বস্তু, আপোনাৰ ঘৰত হ’ব ধনৰ বৰষুণ, ৰোগৰ পৰা পাব পৰিত্ৰাণ!

1 min read

হিন্দু ধৰ্মত প্ৰতিটো দিনেই কোনোবা নহয় কোনোবা দেৱ–দেৱীৰ নামত সমৰ্পিত। সেইধৰে মঙলবাৰৰ দিনটো ভগৱান বজৰংৱলীৰ বাবে সমৰ্পিত। মঙলবাৰৰ দিনা বিধি–বিধান অনুসৰি বজৰংবলীৰ পূজা–পাঠ আৰু ব্ৰত পালন কৰিলে হনুমানৰ কৃপাদৃষ্টি প্ৰাপ্ত হয়। বিশ্বাস অনুসৰি, এই দিনটোত দান কৰিলে ঘৰত সুখ–সমৃদ্ধিয়ে বিৰাজ কৰে। মঙলবাৰৰ দিনটো বজৰংবলীৰ পছন্দৰ বস্তু দান কৰা উচিত। আহক জানো আজি আমি ভূপাল নিবাসী জ্যোতিষী আৰু পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাৰ পৰা জানো কি সামগ্ৰী দান কৰাটো লাভজনক হয়।

১. লাড়ু : ভগৱান বজৰংৱলীৰ লাড়ু খুব প্ৰিয়। তেওঁক লাড়ুৰ ভোগো আগবঢ়োৱা হয়। জ্যোতিষ শাস্ত্ৰ মতে, যদি দীৰ্ঘদিন ধৰি আপোনাৰ পদোন্নতি বন্ধ হৈ আছে তেন্তে মঙলবাৰৰ দিনা হনুমানৰ মন্দিৰত বেছনৰ লাড়ু দান কৰা উচিত। এনে কৰিলে ভগৱান বজৰংৱলীৰ কৃপাত আয় বৃদ্ধি হয় আৰু পদোন্নতি লাভ কৰা যায়।

২. নাৰিকল : মঙলবাৰৰ দিনা নাৰিকল দান কৰা শুভ বুলি ধৰা হয়। জ্যোতিষ শাস্ত্ৰ মতে, যদি আপোনাৰ ঘৰৰ কোনো ব্যক্তি বা আপুনি দীৰ্ঘদিন ধৰি স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে মঙলবাৰে কোনো মন্দিৰত নাৰিকল দাম কৰক। এনে কৰিলে স্বাস্থ্যৰ উন্নতি ঘটিব। ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৩. ৰঙা বস্ত্ৰ আৰু ফল : ভগৱান বজৰংৱলীয়ে ৰঙা বস্ত্ৰ ভাল পায়। মঙলবাৰৰ দিনা ৰঙা কাপোৰ আৰু ৰঙা ৰঙৰ ফল গৰীৱ বা প্ৰয়োজন থকা লোকক দান কৰিলে শুভ বুলি ধাৰণা কৰা হয়। এনে কৰিলে মঙলৰ দোষৰ পৰা মুক্তি পোৱা যায়। এই উপায়েৰে ভগৱান বজৰংৱলী সুপ্ৰসন্ন হয়।

৪. মচুৰ দাইল : জ্যোতিষ শাস্ত্ৰ মতে, যিসকলৰ লোকৰ কুণ্ডলীত মাংগলিক দোষ থাকে, তেওঁ লোকসকলে প্ৰতি মঙলবাৰে বিধি–বিধানেৰে পূজা কৰা উচিত। এই দিনটোত ৰঙা মচুৰ দাইল দান কৰিলে ভগৱান হনুমান সন্তুষ্ট হয়। মঙলবাৰৰ দিনা এই কাম কৰিলে মঙলৰ অশুভ প্ৰভাৱ কম হয় আৰু বিবাহত বাধাও দূৰ হয়।

৫. তুলসীৰ পাত : হিন্দু ধৰ্মত তুলসীক পৱিত্ৰ হিচাপে মান্যতা দিয়া হয়। জ্যোতিষ শাস্ত্ৰ মতে, মঙলবাৰৰ দিনা হনুমানক তুলসীৰ পাত বা তুলসীৰ মালা অৰ্পণ কৰিলে শুভ ফল পোৱা যায়। তুলসীৰ পাত দান কৰিলে মানুহৰ জীৱনত কেতিয়াও ধন–ধ্যানৰ অভাৱ নহয়।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author