দেশজুৰি ‘আদিপুৰুষ’ বিতৰ্কঃ ‘ৰাম’ তীব্ৰ অসন্তুষ্ট…

1 min read

‘আদিপুৰুষ’ক লৈ ক্ষোভিত ‘ৰাম’ ! বহু চৰ্চিত বলিউড চিনেমা ‘আদিপুৰুষ’ক লৈ মুক্তিৰ পূৰ্বৰে পৰা সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছিল। তাৰ সমান্তৰাল কৈ এই চিনেমাখনক লৈ দৰ্শকৰ মাজত সৃষ্টি হৈছিল উৎসুকতা।

যাৰ বাবে চিনেমাখনৰ প্ৰথম দৰ্শনীৰ অগ্ৰীম টিকট বিক্ৰী হোৱাৰ এক অভিলেখো সৃষ্টি হৈছিল। কিন্তু চিনেমাখনৰ প্ৰথমটো প্ৰদৰ্শনীৰ পাছৰে পৰা দেশজুৰি ‘আদিপুৰুষ’ক লৈ সৃষ্টি হৈছে বিতৰ্ক।

একাংশই এই চিনেমাখনক বৰ্জনৰ দাবী জনোৱাৰ বিপৰীতে একাংশই এই চিনেমাখনে হিন্দু ধৰ্মীয় লোকৰ আৱেগৰ সৈতে খেলা কৰা বুলিও অভিযোগ কৰিছে। সমালোচকসকল এই চিনেমাখনক ইপিক ডিজেষ্টাৰ আখ্যা দিছে।

চিনেমাখনৰ প্ৰথমটো প্ৰদৰ্শনীৰ পাছতে সামাজিক মাধ্যমত দৰ্শকসকলে মুকলিকৈ চিনেমাখনৰ নিৰ্মাতা, পৰিচালক, কলা-কুশলীসকলোকে সমালোচনাৰ লক্ষ্য কৰি লৈছে। ৰাম, হনুমান, ৰাৱণক বিকৃত উপস্থাপন কৰাৰ অভিযোগ কৰাৰ লগতে সংলাপৰ ক্ষেত্ৰতো চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিলে বুলি চৰ্চা চলিছে।

এনে অভিযোগৰ মাজতে ইতিপূৰ্বে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰি ভাৰতীয় দৰ্শকৰ মনত নিগাজী আসন তৈয়াৰ কৰা, ৰমানন্দ সাগাৰৰ পৰিচালনাৰে দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিক ‘ৰামায়ণ’ত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তেওঁ এক ভিডিঅ’ প্ৰকাশ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি কয়, আমি আমাৰ সকলো সাংস্কৃতিক, ধাৰ্মীক মান্যতাক যেনেদৰে আছে তেনেদৰেই ৰখা উচিত। সেইবোৰৰ যিকোনো প্ৰকৰাৰ সাল-সলনিৰ না প্ৰয়োজনীয়তা আছে, না তেনে কৰিব লাগে বা না কাৰোবাক তেনে কৰিব দিব লাগে।

তেওঁ কয় আমি আমাৰ সাংস্কৃতিক, ধৰ্মীয় পৰম্পৰাক যিকনো ধৰণৰ নতুনত্ব দিয়াৰ কোনো প্ৰয়জন নাই। অৰুণ গোভিলে কয় যে, এতিয়াৰ প্ৰজন্ম আৰু পৰৱৰ্তী প্ৰজন্মক তেওঁ সেয়াই দেখুৱাবলৈ চেষ্টা কৰিব যি বাস্তৱ, স্বাস্বত আৰু সনাতন হয়।

তেওঁ প্ৰশ্ন কৰি কয়, আমাক কোনে অধিকাৰ দিলে কাৰোবাৰ ধৰ্মীয় আস্থাৰ সৈতে খেল খেলা বা আনৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ? একাংশ ছবি নিৰ্মাতা, একাংশ লেখক, একাংশ অভিনেতা আৰু একাংশ এডভাইটাৰ্জাৰে এই কথাত বিশেষ ধ্যান ৰখাটো প্ৰয়োজন। ক্ৰিয়েটিভ লিবাৰিটিৰ নামত ধৰ্মক হাঁহিয়াতৰ পাত্ৰ নকৰিব আৰু আমাৰ ধৰ্মীয় পৰম্পৰাক ভাঙি, চিঙি নষ্ট নকৰিব।

You May Also Like

More From Author