অম্বুবাচী উৎসৱ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে এক উল্লেখনীয় ধৰ্মীয় উৎসৱ । ভাৰতৰ একাৱন্ন(৫১)খন জাগ্ৰত শক্তিপীঠ আছে । তাৰ ভিতৰত অসমৰ কামাখ্যা ধামো অন্যতম। অম্বুবাচী উৎসৱ পালন কৰা হয় প্ৰধানকৈ কামাখ্যা ধামত । কামাখ্যা ধামৰ অম্বুবাচীৰ গুৰুত্ব কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই,বৰঞ্চ সকলোতে প্ৰচাৰিত হৈছে ।
অম্বুবাচী কি:
প্ৰাচীন কালৰ পৰা অসমত প্ৰচলিত হৈ অহা এক লোকাচাৰ হৈছে অম্বুবাচী। ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ। প্ৰত্যেক বছৰে আহাৰ মাহৰ ৭ তাৰিখৰ পৰা পালন কৰা হয় এই উৎসৱ ।
হিন্দু লোকবিশ্বাস অনুসৰি জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰ তিনিপাদ অতীত হ’লে চতুৰ্থপাদ আৰ্দ্ৰা নক্ষত্ৰৰ পাদৰ ভিতৰত বসুমতী ঋতুমতী হয় । সন্তানসম্ভৱা হ’বলৈ নাৰী যেনেকৈ ঋতুমতী হয়,ঠিক তেনেকৈ শস্যসম্ভৱা হ’বলৈ বসুমতী আই ঋতুমতী হয়। অন্য এক অৰ্থত পৃথিৱীৰ উৰ্বৰতাৰ বাবে এই অম্বুবাচী উৎসৱ পালন কৰা হয় । শাক্তধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয় এই উৎসৱ । চলিত বৰ্ষৰ অম্বুবাচী ২২ জুন,বৃহস্পতিবাৰে (৬ আহাৰ)পুৱা ২:৩২বজাত প্ৰবৃত্তি । ২৬ জুন,সোমবাৰে (১০ আহাৰ) দুপৰীয়া ২:৫৬ বজাত নিবৃত্তি ।
অম্বুবাচী শব্দৰ অৰ্থ: সংস্কৃতত অম্বু মানে হৈছে পানী আৰু বাচী মানে হৈছে প্ৰস্ফুটিত হোৱা । অৰ্থাৎ অম্বুবাচীৰ অৰ্থ হৈছে ব্যাপক পানীৰ সঞ্চাৰ হোৱা। ই পৃথিৱীত হ’বলগা বৰষুণৰ সম্ভাৱনাক প্ৰকাশ কৰে আৰু ইয়াৰ পৰাই পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি হোৱাৰ লগতে উৎপাদনক্ষম হয় । অম্বুবাচীক উজনি অসমত “ষাঁঠ লগা” আৰু নামনি অসমত “আমতি” বা “আমেতি” বুলিও কয়।
অম্বুবাচীৰ সময়ত পালন কৰা কিছুমান নিয়ম-নীতি:–
হিন্দু ধৰ্মাৱলম্বীলোকসকলৰ বাবে অম্বুবাচী এক পৱিত্ৰ উৎসৱ । অম্বুবাচীৰ সময়ত পালন কৰিবলৈ বহুতো নিয়ম আছে। তাৰ ভিতৰত…….সন্ন্যাসী,বিধবা তিৰোতাই এইকেইদিন সিজোৱা আহাৰ গ্ৰহণ নকৰে । তাৰ সলনি ফল গ্ৰহণ কৰে । অম্বুবাচীৰ সময়ছোৱাত ধৰিত্ৰীৰ বুকুত কৃষি-কৰ্মৰ লগত জড়িত সকলো কাৰ্য্য (যেনে :–মাটি চহোৱা,শস্য ৰোৱা, গছৰ পৰা ফল-ফুল ছিঙা আদি) নিষিদ্ধ থাকে । এই কেইদিনত ঋতুমতী হোৱা নাৰীয়েও সিজোৱা খাদ্য গ্ৰহণ কৰিব নোৱাৰে । ফলাহাৰ গ্ৰহণ কৰে । তদুপৰি তেওঁলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে আৰু অম্বুবাচী প্ৰবৃত্তি হোৱাৰ পূৰ্বেই মাটিৰ কলহত (বৰ্তমান মাটিৰ নহ’লেও অন্য বাচনত)পানী আনি থৈ দি প্ৰবৃত্তি শেষ নোহোৱালৈকে সেয়া পানী খাই থাকিব লাগে । এইকেইটা দিনত হিন্দু ধৰ্মাৱলম্বী লোকে কোনোধৰণৰ মাংগলিক কৰ্ম সমাপন নকৰে আৰু গৃহত থকা গোঁসাই ঘৰ অথবা নামঘৰ নাইবা মন্দিৰ,কোনো ধৰ্মীয় অনুষ্ঠানত প্ৰৱেশ নকৰে । অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে সকলোৱে ঘৰৰ সকলো বাচন- বৰ্তন,কাপোৰ-কানি,ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে আৰু শান্তি পানী ছটিয়াই শুদ্ধি কৰে । এয়া কৰাৰ পিছতহে সকলো নিজৰ নিজৰ উপাসনাস্থলীত প্ৰৱেশ কৰে । জগতজননী ঋতুমতী হোৱাৰ সময়ত ৰক্তবস্ত্ৰ আৱৰণ দিয়া হয় । এই ৰক্তবস্ত্ৰ ধ্বজ মহা প্ৰামাণিক কামাখ্যা কবচ,এই কবচ ধাৰণৰ মাহাত্ম্য সৰ্বজন বিদিত । এই ৰক্তবস্ত্ৰ প্ৰাপ্তিৰ বাবে বিশ্বৰ বিভিন্ন কোণৰ পৰা ভক্তসকল আহি কামাখ্যাত বাহৰ পাতেহি । ভক্তসকল অতি শ্ৰদ্ধা তথা আধ্যাত্মিকতাৰে অম্বুবাচী পালন কৰে । নিজ নিজ গুৰুৰ অৰ্চনা বন্দনা,দশমহাবিদ্যাৰ আৰাধ্য দেৱী দেৱতাৰ জপ তপ আৰাধনা তথা উপাসনাৰ পয়োভৰ অনন্য ।
শেষত,অম্বুবাচী মেলাই যাতে আধুনিকতাৰ পৰশ পাই ইয়াৰ প্ৰকৃত শিপা অৰ্থাৎ ধৰ্মীয় গুৰুত্ব হেৰুৱাই নেপেলায় তাকে কামনা কৰিলোঁ ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও