ওদালগুৰিত আটছাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

1 min read

বিশ্ব পৰিৱেশ দিৱস ওপলক্ষে বামুনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত অসম চাহ জনজাতি ছাত্ৰ সন্থা,পানেৰী শাখা সমিতিৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ*

আজি বিশ্ব পৰিবেশ দিৱস। ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিটো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় | অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পানেৰী শাখা সমিতিৰ উদ্যোগত বামুনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰাঙ্গনত ছাত্ৰ-ছাত্ৰী তথা শিক্ষাগুৰু সকলৰ সৈতে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে । বিদ্যালয়খনত সংগঠনটোয়ে ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা ১০০ৰো অধিক গছপুলি ৰোপন কৰে | ইয়াৰোপৰি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতামুলক সভাও অনুস্থিত কৰা হয়। সভাত উপস্থিত থকা বিশিষ্ট প্ৰকৃতিপ্ৰেমিসকলৰ উপৰিও আটছাৰ জিলা সভাপতি দ্বীপ তান্তি, যুৱ সমাজকৰ্মী মঞ্জয় বাগকে ধৰি সংগঠনটোৰ কৰ্মকৰ্তা সকল | আনহাতে বামুনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুল খনত ৩০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ২ জন শিক্ষকৰ দ্বাৰা পাঠদান কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ নতুনকৈ শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনায় আটছাৰ জিলা সভাপতি গৰাকীয়ে |

You May Also Like

More From Author