গুপ্তহত্যাৰ গোচৰত প্ৰফুল্ল কুমাৰ মহন্তক ক্লীনশ্বীট।

0 min read

অগপ চৰকাৰৰ আমোলত ৯০ দশকত সংঘটিত গুপ্ত হত্যাৰ গোচৰত পুনৰ বাৰ ন্যায়ালয়ে ক্লীনশ্বীট দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক৷ গুপ্ত হত্যাৰ গোচৰ পূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ে অগপৰ প্ৰতিষ্ঠাপক মুৰব্বী প্ৰফুল্ল মহন্তক ক্লিনশ্বীট দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই সাংসদ অজিত ভূঞা আৰু লেখক অনন্ত কলিতাই দাখিল কৰা আবেদনক খাৰিজ কৰিছে উচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত সংঘটিত গুপ্ত হত্যা ঘটনাক লৈ ২০০৫ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে এন শইকীয়াৰ নেতৃত্বত ন্যায়িক তদন্ত আয়োগ গঠন কৰিছিল৷ পৰৱৰ্তী সময়ত ন্যায়িক আয়োগে প্ৰফুল্ল মহন্তক গুপ্ত হত্যাৰ ঘটনাত দোষী সাব্যস্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল৷ কিন্তু সেই সময়ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে এন শইকীয়াৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই প্ৰফুল্ল মহন্তই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ আবেদনৰ শুনানি লৈ ২০০৮ চনত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ এজনীয়া বিচাৰপীঠে কে এন শইকীয়াৰ ন্যায়িক আয়োগৰ গঠন প্ৰক্ৰিয়াক অসাংবিধানিক অভিহিত কৰি প্ৰফুল্ল মহন্তক কাৰ্যতঃ ক্লীনশ্বীট দিছিল৷ কিন্তু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনাই সাংসদ অজিত ভূঞা আৰু লেখক অনন্ত কলিতাই উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ সেই গোচৰটোত সৰ্বোচ্ছ ন্যায়ালয়ে গোচৰীয়া পক্ষক উচ্ছ ন্যায়ালয়ত আবেদন জনোৱাৰ নিৰ্দেশ দিয়ে৷ সেই অনুসৰি গোচৰীয়া ভূঞা আৰু কলিতাই ২০২০ চনত উচ্ছ ন্যায়ালয়ত প্ৰত্যাহ্বান আবেদন দাখিল কৰে৷ কিন্তু ন্যায়ালয়ৰ কোনো ৰায়ক প্ৰত্যাহ্বান জনোৱা আইনী সময় সীমাৰ ৫৩১ দিন পাছত আবেদন জনোৱাৰ কাৰণ সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে প্ৰশ্ন কৰে যদিও গোচৰীয়া পক্ষই কোনো স্পষ্ট উত্তৰ দিয়াত ব্যৰ্থ হয়৷ গোচৰীয়া অজিত ভূঞা আৰু অনন্ত কলিতাৰ সদুত্তৰত সন্তুষ্ট নোহোৱাত সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে আবেদনখন খাৰিজ কৰে৷ এক কথাত গুপ্ত হত্যাৰ গোচৰৰ প্ৰফুল্ল কুমাৰ মহন্তক পুনৰবাৰ ক্লীনশ্বীট দিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷

You May Also Like

More From Author