ওদালগুৰিত জলজীৱন আঁচনিৰ আৱন্টিত ভূমিক লৈ ভূৱা প্ৰচাৰ

1 min read

ওদালগুৰিৰ ঘাগ্ৰাত জলজীৱন মিছনৰ নামত আৱন্টিত ভূমিত শ্বপিং কমপ্লেক্স খুলিব বুলি সুভাষ বসুমতাৰীয়ে চলোৱা ভূৱা প্ৰচাৰক এইবাৰ উভতি ধৰিলে জলজীৱন মিছন আঁচনিৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে স্থানীয় ৰাইজে l

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন ২০২৪ চনৰ ভিতৰত ভাৰতৰ প্ৰতিঘৰ লোকে যাতে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা লাভ কৰে । জলজীৱন মিছন আঁচনিত অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰিছে। অসমৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালত জলজীৱনৰ পানীৰ সুব্যৱস্থা কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে |

হয়, প্ৰধানমন্ত্ৰী গৰাকীৰ সপোনৰ জলজীৱন মিছন আঁচনিক লৈ এইবাৰ ওদালগুৰি জিলাৰ ঘাগ্ৰাত সংঘটিত হৈছে ভূমি কেন্দ্ৰীক সংঘাত | দৰাচলতে জলজীৱনৰ মিছনৰ নামত ঘাগ্ৰা গৰু বজাৰ(Cattle Market) ৰ কিছু ভূমি ৰাইজ আৰু ভূমিখিনিৰ প্ৰকৃত স্বত্বাধিকাৰীৰ সৈতে বুজাবুজিৰ জৰিয়তে জলজীৱনৰ আঁচনিৰ বাবে আৱন্টিত কৰা হৈছিল | ভূমি আৱন্টিত কৰাৰ পাছত গঠন কৰা হৈছিল এখন পৰিচালনা সমিতি | য’ত গনেশ ঠাকুৰক সভাপতি আৰু গোবিন্দ সিঙক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি জলজীৱন আঁচনিৰ কাম আৰম্ভ কৰাৰ কথা আছিল | পাছত সুভাষ বসুমতাৰী নামৰ এজন লোকে বিভিন্ন সংবাদমাধ্যমক মাতি আনি জলজীৱনৰ নামত আৱন্টিত ভূমিখিনি পৰিচালনা সমিতিৰ সভাপতি গনেশ ঠাকুৰ আৰু সম্পাদক গোবিন্দ সিঙে শ্বপিং কমপ্লেক্স খুলিব বুলি এক ভূৱা প্ৰচাৰ চলাই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে ভূমিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বুলি ইয়াত কোনো ধৰণৰ জলজীৱন আঁচনি কাম কৰিব দিয়া নহব বুলি বাধা প্ৰদান কৰিছিল | আজি উক্ত ঠাইডোখৰত বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তিয়ে উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰি ইয়াতেই জলজীৱন মিছনৰ কাম আৰম্ভ হ’ব বুলি মন্তব্য আগবঢ়োৱাৰ লগতে স্বপিং কমপ্লেক্স খোলাৰ নামত যি ভূৱা প্ৰচাৰ চলাই সেয়া ভিত্তিহীন বুলি কয় | ২০ বছৰে এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰি অহা ঘাগ্ৰা ২৯০ ঘৰ লোকে এই জলজীৱন মিছন আঁচনি জৰিয়তে লাভান্বিত হ’ব বুলি পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে ৰাইজে সংবাদমাধ্যমৰ আগত নিজৰ মন্তব্য দাঙি ধৰে | লগতে ভূৱা প্ৰচাৰ চলোৱা তথা জলজীৱন মিছনৰ কাম বন্ধ কৰিব বিচৰা সুভাষ বসুমতাৰী নামৰ লোকজনক কঠোৰ ভাষাৰে ৰাইজে গৰিহণা দিয়ে |

You May Also Like

More From Author