“সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰাত সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ”: আমছু

0 min read

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰস্তুত কৰা খচৰাত এটা সংখ্যালঘু খিলঞ্জীয়া জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে ৷ এই খচৰাখনৰ জৰিয়তে সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বৰ্তমান চৰকাৰখনে ৷ শুকুৰবাৰে গোলাঘাটত এক সংবাদমেলত এনেদৰে সৰব হৈ পৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ (খিলঞ্জীয়া) কেন্দ্ৰীয় সমমিতিৰ নেতৃত্ব ।

সংবাদমেলত সন্থাৰ মুখ্য সাংগাঠনিক সম্পাদক বাবুল হাজৰিকাই এনেদৰে ক্ষোভ প্ৰকাশ কৰি কয় যে, “এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীক টাৰ্গেট কৰি এই তালিকাখন প্ৰস্তুত কৰা হৈছে। এনে কাৰ্যই সংখ্যালঘু খিলঞ্জীয়াসকলৰ অধিকাৰ সুৰক্ষিত নকৰে।” লগতে তেওঁ কয় যে, এনে খচৰা বাতিল কৰক আৰু সংখ্যালঘু খিলঞ্জীয়াসকলৰ বাবে অসম বিধান সভাৰ ২০ খন আসন সংৰক্ষণ কৰক। অন্যথা আমি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ লগতে এনে খচৰা ফালি ব্ৰহ্মপুত্ৰত পেলাই দিম।

অন্যহাতে সংগঠনটোৰ কাৰ্যকৰী সভাপতি নুৰুল আলিয়ে বৰ্তমানৰ চৰকাৰখনে গৰীয়া, মৰীয়াসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াৰ পিছতো খচৰাখনত কিয় সংখ্যালঘু লোকসকলৰ ওপৰত এই টাৰ্গেট কৰা হ’ল। তেওঁ এনে খছৰা বাতিল কৰি খিলঞ্জীয়া সংখ্যালঘুসকলক ৰাজনৈতিক ভাবে হত্যাৰ ষড়যন্ত্ৰ পৰিহাৰ কৰিবলৈও আহ্বান জনায়।

You May Also Like

More From Author