ওড়িশা ৰেল দুৰ্ঘটনাৰ ৩ দিন পিছতো চিনাক্ত হোৱা নাই ১০০ৰো অধিক মৃতদেহ

0 min read

২ জুনত ওড়িশাত সংঘটিত হোৱা অতি বেদনাদায়ক ৰেল দুৰ্ঘটনাটো পাহৰি যোৱাটো সহজ নহয়। এই দুৰ্ঘটনাত ২৮৮ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও তিনিদিনৰ পাছতো এতিয়াও ১০০ৰো অধিক মৃতদেহ চিনাক্ত কৰিব পৰা নাই। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি এজন বিষয়াই কয় যে দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত ১০১টা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ ডিভিজন ৰে’লৱে মেনেজাৰ ৰিংকেশ ৰায়ে এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে এতিয়াও ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে।

ডিভিজন ৰেলৱে মেনেজাৰ ৰিংকেশ ৰয়ে জনোৱা মতে, ওড়িশা ৰে’ল দুৰ্ঘটনাত প্ৰায় ১১০০ লোক আহত হৈছে, ইয়াৰে ৯০০ লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰ বাহিৰেও ওড়িশাৰ বহু চিকিৎসালয়ত প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে।

আত্মীয়ক গতাই দিয়া হল ৫৫টা মৃতদেহঃ

ভুৱনেশ্বৰ পৌৰ নিগমৰ আয়ুক্ত বিজয় অমৃত কুলাংগে এএনআইক জনোৱা মতে, ভুৱনেশ্বৰ চিকিৎসালয়ত ৰখা মুঠ ১৯৩টা মৃতদেহৰ ভিতৰত ৮০টা মৃতদেহ চিনাক্ত কৰা হৈছে। ৫৫টা মৃতদেহ আত্মীয়ক গতাই দিয়া হৈছে। তেওঁ কয় যে বিএমচিৰ হেল্পলাইন নম্বৰত ২০০ৰো অধিক ফোন আহিছিল।

You May Also Like

More From Author