‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, অসমে’ ‘৯ বছৰীয়া সেৱা, সুশাসন আৰু গৰীব কল্যাণ’ বিষয়বস্তু সন্দৰ্ভত সংবাদ মাধ্যমেৰে ‘বাৰ্তালাপ’ৰ আয়োজন কৰে

3 min read

‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ (পিআইবি)ৰ গুৱাহাটী কাৰ্যালয়ে আজি গুৱাহাটী মহনগৰীৰ এখন হোটেলত ‘৯ বছৰীয়া সেৱা, সুশাসন আৰু গৰীবকল্যাণ’ক বিষয়বস্তু হিচাপে লৈ ‘বাৰ্তালাপ’ শীৰ্ষক এক সংবাদ মাধ্যমৰ কৰ্মশালাৰ আয়োজন কৰে।

এই কৰ্মশালাৰ উদ্দেশ্য আছিল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবাদ মাধ্যমৰ লোকসকলক সংবেদনশীল কৰা। ইয়াৰ বাবে বিশেষজ্ঞসকলৰ পৰা মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ চেষ্টা কৰাৰ লগতে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত গঠনমূলক আলোচনাৰো সুবিধা প্ৰদান কৰা হয়। কৰ্মশালাখনক তিনিটা ‘পেনেল আলোচনা’ত বিভক্ত কৰা হৈছিল – ‘প্ৰপেলিং লাইফ: এনভাৰ্নমেণ্ট এণ্ড ছাষ্টেইনেবিলিটী’, ‘উত্তৰ-পূব: বিকাশৰ ইঞ্জিন’, ‘সকলোৰে বাবে সুলভ আৰু প্ৰৱেশসাধ্য স্বাস্থ্যসেৱা’।

প্ৰথম অধিৱেশনত ভাষণ দি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পৰিৱেশ বচাবলৈ প্লাষ্টিক ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী কাৰ্যকলাপৰ বাবে তেওঁ ‘জন ভাগীদাৰী’ৰ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰেহে পৰিৱেশ সুৰক্ষাৰ দৰে বৃহত্ কৰ্মযজ্ঞ এটা সফলকাম হ’ব।

আন এগৰাকী বিশেষজ্ঞ বক্তা ‘প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম’ৰ অধ্যক্ষ, ড০ অৰূপ কুমাৰ মিশ্ৰই কয়,  “আমাৰ প্ৰদূষণৰ সমস্যাক দেশৰ আন প্ৰান্তৰ সৈতে তুলনা কৰিব নোৱাৰি। দেশৰ আন প্ৰান্তৰ তুলনাত প্ৰদূষণৰ প্ৰসংগত অসম এতিয়াও উন্নত অৱস্থাতে আছে, অৱশ্যে, প্ৰদূষণ নিয়ন্ত্ৰণ সন্দৰ্ভত জনসাধাৰণে এতিয়াও তেওঁলোকৰ ভূমিকা উপলব্ধি কৰিব পৰা নাই”বুলি অভিমত ব্যক্ত কৰে।তেওঁ এইটোও আঙুলিয়াই দিয়ে যে বনাঞ্চল-ধ্বংসৰ পৰিণতিত হোৱা ভূমি ক্ষয়ে নদীসমূহৰ বক্ষ বাম কৰি বানৰ দৰে দুৰ্যোগৰ পয়োভৰ ঘটোৱাৰ লগতে নৈ-নিজৰাসমূহৰ পানী ঘোলা কৰি নৈৰ বুকুৰ প্ৰাণীসমূহৰ জীৱন দুৰ্যোগপূৰ্ণ কৰি তুলিছে। 

অলোচনাত ভাষণ দি  ‘দৈনিক পূৰ্বোদয়’ কাকতৰ সম্পাদক ৰবি শংকৰ ৰবিয়ে কয় যে পৰিৱেশ সুৰক্ষাৰ বাবে চেষ্টা কৰা ইতিবাচক কাহিনীসমূহৰ বিশেষ প্ৰচাৰৰ জৰিয়তে জনসাধাৰণক পৰিৱেশ সুৰক্ষা সন্দৰ্ভত সজাগ কৰিবলৈ সংবাদ মাধ্যমসমূহে উদ্যোগ ল’বই লাগিব। ই জনসাধাৰণক পৰিৱেশ অনুকূল আচৰণ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব, তেওঁ লগতে কয়।

দ্বিতীয় পেনেল আলোচনাত ‘উত্তৰ-পূব : বিকাশৰ ইঞ্জিন’ প্ৰসংগত আলোচনা অনুষ্ঠিত কৰা হৈছিল। সন্মানীয় পেনেলিষ্টসকল আছিল অসমৰ প্ৰাক্তন ‘আৰক্ষী সঞ্চালক প্ৰধান’ শ্ৰী কুলধৰ শইকীয়া, ‘এছআইচি’ আৰু বিশিষ্ট সাংবাদিক-লেখক সমুদ্ৰ গুপ্ত কাশ্যপ, কমোডৰ ৰাজীৱ অশোক (অৱসৰপ্ৰাপ্ত), পৰিচালন সঞ্চালক নেৰামেক, ‘নেডফি’-ৰ মহা প্ৰৱন্ধক শ্ৰী লেমলি লয়ী, আৰু ‘উত্তৰ পূৱ পৰিষদ’ৰ ‘অৰ্থনৈতিক উপদেষ্টা’ শ্ৰীমতী শ্বেৰী লালথাংজো।আলোচনাত বিশেষজ্ঞ বক্তাসকলে যোৱা দশকটোত উত্তৰ-পূবাঞ্চলে কেনেদৰে অগ্ৰগতি লাভ কৰিছিল সেই বিষয়ে আলোচনা কৰে। লেমলি লোয়ীয়ে তেওঁৰ ভাষণত ‘এমএছএমই’ খণ্ডসমূহক উৎসাহিত কৰিবলৈ নেডফিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাখ্যা দাঙি ধৰে। তেওঁ ‘এডভান্সিং নৰ্থ ইষ্ট প’ৰ্টেল’ৰ বিষয়ে তথ্য উল্লেখ কৰি সংবাদ মাধ্যমৰ লোকসকলক এই ‘প’ৰ্টেল’টোৰ বিষয়ে তথ্য প্ৰচাৰ কৰিবলৈ আহ্বান জনাই যাতে সাধাৰণ জনতাই পৰ্টেলটোত থকা সুবিধাসমূহ সৰ্বশ্ৰেষ্ঠভাৱে ব্যৱহাৰ কৰিব পাৰে। ৰাজীৱ অশোকে তেওঁৰ ভাষণত কয় যে অনা-কৃষি পৃষ্ঠভূমিৰ যুৱক-যুৱতীসকলে ঔষধী উদ্ভিদ আৰু উদ্যানশস্যত উদ্যোগ লোৱাৰ যথেষ্ট সম্ভাৱনা আছে।সমুদ্ৰগুপ্ত কাশ্যপে তেওঁৰ ভাষণত কয়- যোৱা কেইবছৰমানত, আমি “মেইনলেণ্ড ইণ্ডিয়া” আৰু “উত্তৰ-পূব ভাৰত”ৰ মাজত বৃহৎ মানসিক ব্যৱধান হ্ৰাস হোৱা দেখিবলৈ পাইছোঁ, ইয়াৰ এটা কাৰণ হৈছে- নায়কসকলৰ বীৰ-গাঁথা, উত্তৰ-পূবাঞ্চলৰ জনসাধাৰণৰ অৱদানৰ উদযাপন।

‘সকলোৰে বাবে সুলভ আৰু প্ৰৱেশসাধ্য স্বাস্থ্যসেৱা’ সন্দৰ্ভত অনুষ্ঠিত সামৰণি আলোচনাত ‘পেনেলিষ্ট’সকল আছিল ‘এইমছ গুৱাহাটী’ৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিক, অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ আয়ুক্ত আৰু সচিব শ্ৰী সিদ্ধাৰ্থ সিং, ‘আইএএছ’ আৰু ‘আৰআৰচিএনই’ৰ ‘পিএইচপি এণ্ড ই’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড০ পংকজ থমাছ, যিয়ে সকলোৰে বাবে সুলভ আৰু প্ৰৱেশসাধ্য স্বাস্থ্যসেৱা প্ৰসংগত বিস্তৃতভাৱে আলোচনা কৰে। ডাঃ পুৰাণিকে তেওঁৰ ভাষণত উত্তৰ-পূবৰ স্বাস্থ্য পৰিস্থিতিৰ বিকাশ সন্দৰ্ভত আলোকপাত কৰে।

শ্ৰী সিদ্ধাৰ্থ সিঙে কয় যে ‘প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনা’ মানুহৰ বাবে আটাইতকৈ ডাঙৰ সহযোগিতাৰ সাধন হৈ উঠিছে, যাৰ দ্বাৰা দৰিদ্ৰলোককে ধৰি সকলোৰে বাবে সামৰ্থ্য নিশ্চিত কৰা হৈছে।

জ্যেষ্ঠ পৰামৰ্শদাতা ড০ পংকজ থমাছে তেওঁৰ ভাষণত সমগ্ৰ ভাৰত জুৰি চলা টীকাকৰণ অভিযান ত্বৰান্বিত কৰাৰ বাবে ৰাষ্ট্ৰীয় টীকাকৰণ কাৰ্যসূচী হিচাপে ‘মিছন ইন্দ্ৰধনুষ’ৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে, যিয়ে অঞ্চলটোত ‘আইএমআৰ’ আৰু ‘এমএমআৰ’ৰ স্থিতি উন্নত কৰিছে।

উদ্বোধনী ভাষণত ‘পিআইবি’ৰ ‘উপ-সঞ্চালক’ শ্ৰীমতী পৱনী গুপ্তাই আজিৰ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বহলাই কয়। এই প্ৰসংগত বাখ্যা দাঙ ধৰি তেওঁ কয় – ‘বাৰ্তালাপ’ হৈছে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত সেতু-বন্ধনৰ এক প্ৰয়াস যাতে তৃণমূলৰ লোকসকলৰ কাষ চাপিব পৰা যায়।   

তিনিটা পেনেল আলোচনা ক্ৰমে শ্ৰীমতী বৰ্ণালী মহন্ত (এম এণ্ড চি অ’ পিআইবি), শ্ৰী মানস প্ৰতিম শৰ্মা (সম্পাদক, আকাশবাণী গুৱাহাটী) আৰু শ্ৰীমতী স্মিতা শইকীয়া (এম এণ্ড চি অ’ পিআইবি)য়ে পৰিচালনা কৰিছিল।

You May Also Like

More From Author